--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন-ৰাছিয়া যুদ্ধ চলি থকা সময়তে বিভিন্ন প্ৰকাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। তাৰে ভিতৰত এনে কিছুমান ভিডিঅ’ আছে যিবোৰ অতি আশ্চৰ্যকৰ। তেনে এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ'টোত এজন ইউক্ৰেনৰ সাধাৰণ নাগৰিকে প্লাষ্টিকৰ পানী ভৰ্তি বটলেৰে ৰাছিয়াৰ বোমা নিষ্ক্ৰিয় কৰা দেখা গৈছে। যিটো ভিডিঅ’ই এতিয়া সকলো নেটিজেনক হতবাক কৰিছে। ভাইৰেল ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰা হৈছে। চাৰ্লছ লিষ্টাৰ নামৰ এজন ব্যক্তিয়ে ভাইৰেল ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা এটা বোমা, বিস্ফোৰণ হোৱাৰ আগমুহূৰ্তত নিষ্ক্ৰিয় কৰিছে। ব্যক্তিযজনে প্ৰথমে ইয়াক হাতেৰে ধৰি তাৰ পাছত বটলটোত থকা পানীৰে বোমাটো নিষ্ক্ৰিয় কৰিছে। বোমা নিষ্ক্ৰিয় বিশেষজ্ঞসকলে, এই বোমাটো অতি শক্তিশালী আছিল আৰু যদি ই বিস্ফোৰণ হোৱা হ’লে বৃহৎ পৰিমাণত ক্ষতি হোৱাৰ আশংকা কৰিছে। এই বিশেষ ব্যক্তিজনৰ সাহস দেখি গোটেই পৃথিৱীয়ে তেওঁক শ’লাগ লৈছে। মানুহজনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ই নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। দেশখনক বচাবলৈ ব্যক্তিজনে দেখুওৱা এনে সাহসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পোলোৱা এই বোমা অতি মাৰাত্মক। সেই বোমাৰ তীব্ৰতাই মানৱ শৰীৰৰ বিভিন্ন অংগ ধ্বংস কৰিব পাৰে। বিশেষজ্ঞসকলে কয় যে মানৱ শৰীৰৰ হাঁওফাঁও, বিশেষকৈ, সংক্ৰমিত হ’ব পাৰে। ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত, ইউক্ৰেইনৰ এনে এটা ভিডিঅ'ই সকলোৰে হৃদয় জয় কৰিছে। দেশবাসীক বচাবলৈ ইউক্ৰেনৰ এই লোকজনে নিজৰ জীৱন বিপদত পেলাই এই বোমা নিষ্ক্ৰিয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক