--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন-ৰাছিয়া যুদ্ধ চলি থকা সময়তে বিভিন্ন প্ৰকাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। তাৰে ভিতৰত এনে কিছুমান ভিডিঅ’ আছে যিবোৰ অতি আশ্চৰ্যকৰ। তেনে এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ'টোত এজন ইউক্ৰেনৰ সাধাৰণ নাগৰিকে প্লাষ্টিকৰ পানী ভৰ্তি বটলেৰে ৰাছিয়াৰ বোমা নিষ্ক্ৰিয় কৰা দেখা গৈছে। যিটো ভিডিঅ’ই এতিয়া সকলো নেটিজেনক হতবাক কৰিছে। ভাইৰেল ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰা হৈছে। চাৰ্লছ লিষ্টাৰ নামৰ এজন ব্যক্তিয়ে ভাইৰেল ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত দেখা গৈছে যে ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা এটা বোমা, বিস্ফোৰণ হোৱাৰ আগমুহূৰ্তত নিষ্ক্ৰিয় কৰিছে। ব্যক্তিযজনে প্ৰথমে ইয়াক হাতেৰে ধৰি তাৰ পাছত বটলটোত থকা পানীৰে বোমাটো নিষ্ক্ৰিয় কৰিছে। বোমা নিষ্ক্ৰিয় বিশেষজ্ঞসকলে, এই বোমাটো অতি শক্তিশালী আছিল আৰু যদি ই বিস্ফোৰণ হোৱা হ’লে বৃহৎ পৰিমাণত ক্ষতি হোৱাৰ আশংকা কৰিছে। এই বিশেষ ব্যক্তিজনৰ সাহস দেখি গোটেই পৃথিৱীয়ে তেওঁক শ’লাগ লৈছে। মানুহজনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ই নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। দেশখনক বচাবলৈ ব্যক্তিজনে দেখুওৱা এনে সাহসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পোলোৱা এই বোমা অতি মাৰাত্মক। সেই বোমাৰ তীব্ৰতাই মানৱ শৰীৰৰ বিভিন্ন অংগ ধ্বংস কৰিব পাৰে। বিশেষজ্ঞসকলে কয় যে মানৱ শৰীৰৰ হাঁওফাঁও, বিশেষকৈ, সংক্ৰমিত হ’ব পাৰে। ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত, ইউক্ৰেইনৰ এনে এটা ভিডিঅ'ই সকলোৰে হৃদয় জয় কৰিছে। দেশবাসীক বচাবলৈ ইউক্ৰেনৰ এই লোকজনে নিজৰ জীৱন বিপদত পেলাই এই বোমা নিষ্ক্ৰিয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক