--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কৰ’নাৰ সংহাৰী ৰূপৰ আশংকা কৰা হৈছে। চতুৰ্থ ঢৌৱে কোবাই যাব পাৰে ভাৰতক। সেই সম্ভাৱনা প্ৰৱল হয় পৰিছে কিয়নো ভাৰতত কৰ’না ভাইৰাছৰ ঘটনা আকৌ এবাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। 

কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ কৰ’না পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰিব। 

এই পৰ্যালোচনাত বিশেষকৈ স্থান পাব কৰ’নাৰ বৰ্ধিত সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থাৰ বিষয়ে। সূচী অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক দুপৰীয়া ১২ বজাত আৰম্ভ হ’ব। 

কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকাৰ মাজত দেশৰ ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এইখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম বৈঠক। ইয়াৰ পূৰ্বেও সময়ে সময়ে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰি আহিছে। 

আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত