--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আহি পৰিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ৷ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনক হত্যাৰ চেষ্টা চলোৱা হৈছে। ৰাজধানী পিয়ংইয়াঙত সংঘটিত হোৱা এক বিস্ফোৰণত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। যদিও বিস্ফোৰণ সংঘটিত হোৱা দুমাহ হ’ল, কিন্তু এতিয়া বিশ্বই এই বিষয়ে পলমকৈ গম পাইছে। অনুমান কৰা হৈছে যে এই বিস্ফোৰণৰ জৰিয়তে কিম জং উনক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সফল নহ’ল।

যিকোনো একনায়কত্ববাদীৰ হাতলৈ যিমানেই ক্ষমতা নাহে, কিন্তু হত্যাৰ ভয়ে তেওঁক সদায় খেদি ফুৰে। এই কাৰণেই একনায়কত্ববাদী কিমে এই আক্ৰমণক লৈ ইমানেই ভয় খাইছে যে তেওঁ নিজৰ নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি কৰিছে। আঠ সপ্তাহ পূৰ্বে সংঘটিত এই বিস্ফোৰণৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই একনায়কত্ববাদী শাসকজন। একনায়কত্ববাদীৰ বেয়া পৰিণতি কিমে দেখিছে আৰু ইয়াৰ পৰা শিক্ষা লৈহে তেওঁ নিজৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

ডেইলী মিৰ’ৰৰ তথ্য অনুসৰি ২০১১ চনৰ পৰা উত্তৰ কোৰিয়াৰ কমাণ্ডত থকা কিমে নতুন ‘বিস্ফোৰক ধৰা পেলোৱা সঁজুলি’ আমদানি কৰিছে। নিৰাপত্তাৰক্ষী দলত ব্ৰিফকেছেধাৰী নিৰাপত্তাৰক্ষীকো অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ কোৰিয়াত নেতাসকলক নিৰীক্ষণ কৰা মাইকেল মেডেনে কয় যে কিম জং উনৰ আশে-পাশে নিছিদ্ৰভাৱে নিৰাপত্তা বৃদ্ধি কৰা হৈছে।তেওঁ কয় যে ব্ৰিফকেছ কঢ়িয়াই নিয়া গাৰ্ডে কঢ়িয়াই নিয়া ব্ৰিফকেছটোক বেলিষ্টিক বেগ বা বেলিষ্টিক ব্ৰিফকেছ বুলি জনা যায়।এই বেগ কাৰ্বন ফাইবাৰৰ পৰা তৈয়াৰ কৰা হয়। তেওঁ লগতে কয় যে বেগসমূহ বুলেটপ্ৰুফ হোৱাৰ উপৰিও টেজাৰ আৰু অন্যান্য ইলেক্ট্ৰনিক অস্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম। গুলী চলালে এই বেগবোৰে কিমক চাৰিওফালৰ পৰা ঢাকি নিৰাপদে ৰক্ষা কৰিব পাৰে।

উত্তৰ কোৰিয়াত এই বিস্ফোৰণত কিমানজন লোক আহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু দক্ষিণ কোৰিয়াৰ ডং-ই-ইলবো কাকতত কোৱা হৈছে যে বিস্ফোৰণৰ পাছত বহু লোক আহত হৈছে। কাকতখনে কয় যে উত্তৰ কোৰিয়াত খাদ্য সংকট বৃদ্ধি পাইছে আৰু অনাহাৰৰ ভাবুকিও বৃহৎ সমস্যা হৈ পৰিছে। ইয়াৰ বাবেই নিশ্চয় এই বিস্ফোৰণ ঘটিছিল। মানুহে বিস্ফোৰণৰ জৰিয়তে মনোযোগ আঁতৰাই খাদ্য চুৰি কৰিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল