--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবছৰৰ অন্তত মাতৃৰ সাক্ষাৎ লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কালি গুজৰাটত ৰোড শ্ব’ত অংশ লৈ নিশা প্ৰধানমন্ত্ৰী উপস্থিত হয়গৈ গান্ধীনগৰস্থিত নিজৰ ওপজা ঘৰখনত৷ তাতেই তেওঁৰ আকুল অপেক্ষাৰে ৰৈ মাতৃ হীৰাবেন মোদী৷ শতায়ু গৰকা মাতৃগৰাকীৰ চৰণ চুই আশিস ল’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ পাছত দুয়ো একেলগে খিচিৰীৰে নিশাৰ সাঁজ গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দুবছৰৰ পাছত তেওঁৰ মাতৃ হীৰাবেনক লগ পাইছে। শেষবাৰ ২০১৯ৰ অক্টোবৰত তেওঁৰ মাকক লগ পাইছিল। পাছত তেওঁৰ ব্যস্ততাৰ বাবে তেওঁ মাকক লগ কৰিব পৰা নাছিল। অৱশ্যে, তেওঁলোকে সদায় পুৱা তেওঁলোকৰ মাকৰ সৈতে ফোনত কথা পাতে। কৰ’নাৰ বিৰুদ্ধে যুঁজৰ বাবে গাঁওবাসীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মোদীয়ে কয়, কৰ’নাই সমগ্ৰ বিশ্বৰ অৱস্থা বিপৰ্যস্ত কৰিছে। কৰ’না গুজৰাটৰ গাঁওবোৰতো সংক্ৰমিত হৈছিল, কিন্তু, গাঁওবাসীৰ পৰা কৰ’না জিকিব নোৱাৰিলে। কিয়নো, গাঁওসীয়ে নিজেই ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ নতুন নিয়ম প্ৰস্তুত কৰিছিল। যিসকল গাঁওৰ বাহিৰত আছিল তেওঁলোকে তেওঁলোকক বাহিৰত ৰাখিছিল। যিসকল ভিতৰত আছিল তেওঁলোকে তেওঁলোকক ভিতৰতে ৰখাৰ ব্যৱস্থা কৰিছিল। এই আশ্চৰ্যকৰ প্ৰণালীৰ দ্বাৰা কৰ’নাক গাঁওবাসীয়ে প্ৰতিৰোধ কৰিছিল৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে গাঁওবাসীক বহুত অভিনন্দন জ্ঞাপন কৰে৷ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন