--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাকৃতিকভাবে পোৱা জেতুকা অথবা হেনাৰ ৰং উজ্জ্বল কৰিবলৈ বিভিন্ন সামগ্ৰী মিহলি কৰিব পাৰি। হেনা লগালে  চুলি সৰাৰ সমস্যা ভালখিনি কমি যায়। চুলিত হোৱা  উফিৰ সমস্যা দূৰ কৰিবলৈও হেনা ব্যৱহাৰ কৰিব পাৰি।  হেনাৰ গুণাগুণ বৃদ্ধি কৰিবলৈ আৰু ৰং উজ্জ্বল কৰিবলৈ এনেবোৰ বস্তু মিহলাব পাৰি। 

১) নেমুৰ ৰসঃ যদি আপুনি চুলিত উফিৰ সমস্যাত অসুবিধা পাইছে, তেন্তে হেনা মিহলাই নেমুৰ ৰস লগাব পাৰে। নেমুত ভিটামিন চি আৰু এণ্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে মূৰৰ ছালৰ মলি পৰিষ্কাৰ কৰাৰ কাম কৰে। ইয়াৰ বাবে এটা বাটিত ৫ চামুচ হেনা পাউদাৰ লওক। তাত এচামুচ নেমুৰ ৰস দিব,এতিয়া তাত পানী দি পেষ্ট বনাওক।এতিয়া এই পেষ্টটো চুলিত লগাওক। আৰু ২০ মিনিটৰ পিছত সাধাৰণ পানীৰে চুলি ধুব। ইয়াৰ দ্বাৰা উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।

২) কণীঃ চুলিৰ উফি আঁতৰাবলৈ হেনা মিহলাই কণী লগাব পাৰে। ইয়াৰ বাবে এটা বাটিত কণী এটা ঘূলি লওক। এতিয়া ইয়াত ৫ চামুচ হেনা দি এই পেষ্টটো ভালদৰে চুলিত লগাওক।এতিয়া আধা ঘণ্টাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।এই কাম কৰিলে চুলি সৰা বন্ধ হৈ যাব আৰু চুলি জিলিকি উঠিব।

৩) দৈঃ চুলিৰ বাবে দৈ অতি উপকাৰী। কাৰণ ইয়াৰ উফি প্ৰতিৰোধী গুণ আছে যিয়ে মূৰৰ ছালৰ পৰা মলি আঁতৰোৱাৰ কাম কৰে। আনহাতে হেনা মিহলাই দৈ লগালে চুলি চিকচিকিয়া আৰু মজবুত হ’ব।হেনা আজিকালি বজাৰত কিনিবলৈ পোৱা যায়। ৰাজস্থানী হেনা অতি উপকাৰী। হেনা পাউদাৰ নিশাটো পানীত তিয়াই থলে ৰং বেছিকৈ উঠে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ