--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে শৰীৰৰ সকলো কোষৰ দ্বাৰা উৎপন্ন হোৱা এক প্ৰকাৰ মম সদৃশ পদাৰ্থ। শৰীৰৰ বাবে ই অতি প্ৰয়োজনীয় যদিও ইয়াৰ পৰিমাণ বেছি হ’লে হৃদৰোগ, ওজন বৃদ্ধি, হাৰ্ট এটেক, ষ্ট্ৰোক আদি সমস্যাৰ সৃষ্টি কৰে। কলেষ্টেৰল দুবিধ- এল ডি এল কলেষ্টেৰল আৰু এইচ ডি এল কলেষ্টেৰল। এল ডি এল কলেষ্টেৰল (বেয়া কলেষ্টেৰল) য়ে শৰীৰত লাগি থকা মমৰ পৰিমাণ বৃদ্ধি কৰে, আনহাতে এইচ ডি এল কলেষ্টেৰল (ভাল কলেষ্টেৰল) য়ে লাগি থকা মমৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। 

সেয়ে এল ডি এল কলেষ্টেৰলৰ অধিক মাত্ৰা পৰিহাৰ কৰি কম পৰিমাণৰ এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰিব লাগে। আজি আমি আপোনালোকক ৫ টা শুকান ফলৰ বিষয়ে তথ্য দিম, যিবোৰ তিয়াই খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

১) আখৰোটঃ আখৰোটত ওমেগা-৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু মেগনেছিয়াম থাকে। আখৰোটে শৰীৰত ছুগাৰৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু কলেষ্টেৰলৰ সমস্যা নোহোৱা কৰে।

২) আলমণ্ডঃ আলমণ্ডত ভিটামিন ই, মেগনেছিয়াম, আঁহ আৰু প্ৰটিন থাকে। আলমণ্ডত থকা আলফা-লিনোলেনিক এচিড হৈছে এক প্ৰকাৰৰ ওমেগা-৩ ফেটি এচিড, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৩) কিচমিচঃ কিচমিচত প্ৰাকৃতিক ছুগাৰ থাকে যিয়ে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও কিচমিচত ভিটামিন চি, কেলচিয়াম আৰু আঁহ আদিও থাকে।

৪) কাজুঃ কাজুত আঁহ, মেগনেছিয়াম আৰু প্ৰটিন থাকে। কাজুত থকা বহুতো গুণৰ বাবে ই কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

৫) খেজুৰঃ খেজুৰত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, এমিনো এচিড, ফছফৰাছ, পটাছিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ