--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত এনে কেইবাগৰাকীও অভিনেত্ৰী আছে, যিয়ে খুব কম বয়স আৰু কম সময়তে যশ-কীৰ্তি খ্যাতি অৰ্জন কৰাত সফল হৈছে। বলীউদৰ ক’লা-বগা দিনলৈ ঘূৰি চালে দেখা যায় - ১৯৮৫ত এগৰাকী অভিনেত্ৰী আছিল, যিয়ে এখন চলচ্চিত্ৰৰ পৰাই নিশাটোৰ ভিতৰতে এগৰাকী ছুপাৰষ্টাৰত পৰিণত হৈছিল৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে এটা মাত্ৰ ভুল কৰিছিল, যাৰবাবে তেওঁৰ কেৰিয়াৰ চিৰদিনৰ বাবে সমাপ্ত হৈছিল। আমি যিগৰাকী অভিনেত্ৰীৰ কথা কৈ আছোঁ, তেওঁ হৈছে বলীউডত এসময়ত খলকনি তোলা মন্দাকিনী৷

ঘটনাটো এনেধৰণৰ— যেতিয়া বলীউডৰ পৰিচালক তথা অভিনেতা ৰাজ কাপুৰে প্ৰথমবাৰৰ বাবে মন্দাকিনীক দেখিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ৰাজ কাপুৰে মন্দাকিনীক দেখাৰ পাছতেই স্থিৰ কৰিছিল যে তেওঁ মন্দাকিনীক তেওঁৰ চলচ্চিত্ৰৰ নায়িকা হিচাপে অভিনয় কৰোৱাব। 

ৰাজ কাপুৰে তেতিয়া মন্দাকিনীক তেওঁৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ৰ নায়িকা কৰি তুলিছিল। ৰাজ কাপুৰেই অভিনেত্ৰীগৰাকীৰ নাম ‘ইয়াচমিন’ৰ পৰা ‘মন্দাকিনী’লৈ সলনি কৰিছিল। ১৯৮৫ত মুক্তি পোৱা ৰাজ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ত মন্দাকিনীয়ে ‘গংগা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। মন্দাকিনীয়ে তেওঁৰ সাহসী ব্যক্তিত্বৰ দ্বাৰা সকলোকে স্তম্ভিত কৰি তুলিছিল। ছবিখনৰ জলপ্ৰপাতৰ এটা দৃশ্যই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। ছবিখনে লাভ কৰিছিল কেইবাটাও পুৰস্কাৰো৷

মন্দাকিনী এই ছবিখনৰ পাছতেই নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল আৰু বহুতো নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছিল। মন্দাকিনীৰ কেৰিয়াৰ ঠিকেই চলি আছিল কিন্তু আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে তেওঁৰ নাম সম্পৰ্কিত হৈ পৰাৰ পাছতেই তেওঁ পথচ্যুত হৈছিল, যদিও মান্দাকিনীয়ে এই দাবী কঠোৰভাৱে অস্বীকাৰ কৰিছিল। সেইটো এটা ভুল আছিল যিটো মন্দাকিনীয়ে কেৰিয়াৰৰ শীৰ্ষাৰোহণ কৰাৰ সময়ত কৰিছিল আৰু সেই ঘটনাই তেওঁৰ সমগ্ৰ কেৰিয়াৰটোৰ ইতি পেলাইছিল৷ 

বলীউড এৰি যোৱাৰ পাছত মন্দাকিনীয়ে এজন প্ৰাক্তন বৌদ্ধ সন্ন্যাসী ড° কাগয়ুৰ টি ৰিনপোচে ঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। সম্প্ৰতি এই দম্পতীৰ ৰাব্বিল নামৰ এজন পুত্ৰ আৰু এজনী ৰাবজে ইন্নায়া নামৰ কন্যা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক