--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডত এনে কেইবাগৰাকীও অভিনেত্ৰী আছে, যিয়ে খুব কম বয়স আৰু কম সময়তে যশ-কীৰ্তি খ্যাতি অৰ্জন কৰাত সফল হৈছে। বলীউদৰ ক’লা-বগা দিনলৈ ঘূৰি চালে দেখা যায় - ১৯৮৫ত এগৰাকী অভিনেত্ৰী আছিল, যিয়ে এখন চলচ্চিত্ৰৰ পৰাই নিশাটোৰ ভিতৰতে এগৰাকী ছুপাৰষ্টাৰত পৰিণত হৈছিল৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে এটা মাত্ৰ ভুল কৰিছিল, যাৰবাবে তেওঁৰ কেৰিয়াৰ চিৰদিনৰ বাবে সমাপ্ত হৈছিল। আমি যিগৰাকী অভিনেত্ৰীৰ কথা কৈ আছোঁ, তেওঁ হৈছে বলীউডত এসময়ত খলকনি তোলা মন্দাকিনী৷

ঘটনাটো এনেধৰণৰ— যেতিয়া বলীউডৰ পৰিচালক তথা অভিনেতা ৰাজ কাপুৰে প্ৰথমবাৰৰ বাবে মন্দাকিনীক দেখিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ৰাজ কাপুৰে মন্দাকিনীক দেখাৰ পাছতেই স্থিৰ কৰিছিল যে তেওঁ মন্দাকিনীক তেওঁৰ চলচ্চিত্ৰৰ নায়িকা হিচাপে অভিনয় কৰোৱাব। 

ৰাজ কাপুৰে তেতিয়া মন্দাকিনীক তেওঁৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ৰ নায়িকা কৰি তুলিছিল। ৰাজ কাপুৰেই অভিনেত্ৰীগৰাকীৰ নাম ‘ইয়াচমিন’ৰ পৰা ‘মন্দাকিনী’লৈ সলনি কৰিছিল। ১৯৮৫ত মুক্তি পোৱা ৰাজ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ত মন্দাকিনীয়ে ‘গংগা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। মন্দাকিনীয়ে তেওঁৰ সাহসী ব্যক্তিত্বৰ দ্বাৰা সকলোকে স্তম্ভিত কৰি তুলিছিল। ছবিখনৰ জলপ্ৰপাতৰ এটা দৃশ্যই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। ছবিখনে লাভ কৰিছিল কেইবাটাও পুৰস্কাৰো৷

মন্দাকিনী এই ছবিখনৰ পাছতেই নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল আৰু বহুতো নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছিল। মন্দাকিনীৰ কেৰিয়াৰ ঠিকেই চলি আছিল কিন্তু আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে তেওঁৰ নাম সম্পৰ্কিত হৈ পৰাৰ পাছতেই তেওঁ পথচ্যুত হৈছিল, যদিও মান্দাকিনীয়ে এই দাবী কঠোৰভাৱে অস্বীকাৰ কৰিছিল। সেইটো এটা ভুল আছিল যিটো মন্দাকিনীয়ে কেৰিয়াৰৰ শীৰ্ষাৰোহণ কৰাৰ সময়ত কৰিছিল আৰু সেই ঘটনাই তেওঁৰ সমগ্ৰ কেৰিয়াৰটোৰ ইতি পেলাইছিল৷ 

বলীউড এৰি যোৱাৰ পাছত মন্দাকিনীয়ে এজন প্ৰাক্তন বৌদ্ধ সন্ন্যাসী ড° কাগয়ুৰ টি ৰিনপোচে ঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। সম্প্ৰতি এই দম্পতীৰ ৰাব্বিল নামৰ এজন পুত্ৰ আৰু এজনী ৰাবজে ইন্নায়া নামৰ কন্যা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান