--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ(Arjun Kapoor)এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অভিনেতাগৰাকীক অতি ক্ষুব্ধ ৰূপত দেখা গৈছে। বৰ্তমান অৰ্জুন কাপুৰ তেওঁৰ আগন্তুক ছবি ‘এক ভিলেইন ৰিটাৰ্ণছ’ৰ প্ৰচাৰত অতি ব্যস্ত হৈ আছে। এনে অৱস্থাত গভীৰ নিশা মুম্বাইত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক। 

অৰ্জুন কাপুৰক দেখা পাই পাপাৰাজী আৰু অনুৰাগীসকলে তেওঁক স্পট কৰি কেমেৰাত ক্লিক কৰিবলৈ একত্ৰিত হয়। হঠাতে ভিৰ জমা হোৱাত অৰ্জুনে পৰিস্থিতি চম্ভালিবলৈ ব্যস্ত হৈ পৰে। অৰ্জুন কাপুৰক পৰিস্থিতি চম্ভালি থকা দেখা গ’ল কাৰণ এই পথটো অতি ব্যস্ত আছিল, মানুহবোৰে ভিৰ কৰি দিয়াত দুৰ্ঘটনাৰ আশংকাই দেখা দিছিল। ভিডিঅ’টোত আপুনি দেখিব যে অৰ্জুন কাপুৰে অনুৰাগীসকলৰ লগতে পাপাৰাজীক চম্ভালি থকাৰ সময়তে কৈছে যে ‘‘কৰিব আপোনালোকে আৰু বদনাম হয় আমাৰ।’’ দৰাচলতে যদি কোনো চেলিব্ৰিটিৰ সান্নিধ্যৰ বাবে ভিৰ গোট খায় আৰু অনিয়ন্ত্ৰিত ভিৰৰ মাজত দুৰ্ঘটনা সংঘটিত হয়, তেন্তে মানুহে সেই দোষ মানুহৰ বুলি নকয়...কয় চেলিব্ৰিটিৰ দোষ বুলি। 


চাওক ভিডিঅ



ইয়াৰ বাবেই অৰ্জুন কাপুৰে সকলোখিনি অতি সুন্দৰভাৱে পৰিচালনা কৰিছিল আৰু লগতে তেওঁৰ অনুৰাগীসকলৰ সৈতে ফটো উঠিছিল। অৰ্জুন কাপুৰৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে আৰু তেওঁৰ মেজাজৰ প্ৰতি অনুৰাগীসকল অতি আকৰ্ষিত হৈ পৰিছে। অৰ্জুনৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বৰ্তমান অৰ্জুনে তেওঁৰ আগন্তুক ছবি এক ভিলেন ৰিটাৰ্ণছৰ প্ৰচাৰত ব্যস্ত হৈ আছে। অৰ্জুন কাপুৰৰ সৈতে এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, তাৰা সুতাৰিয়া আৰু দিশা পাটানীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ