--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বতৰ অনুযায়ী খাদ্য তালিকাত সেউজীয়া ধনীয়া সকলোৱে ব্যৱহাৰ কৰে, যাৰ অবিহনে খাদ্যৰ খোৱাদ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ধনীয়া দেখাত ধুনীয়া কৰাই নহয়, খাদ্যৰ সোৱাদো দুগুণে বৃদ্ধি কৰে। এই ধনীয়াৰ আছে স্বাস্থ্যজনিত বহুতো উপকাৰিতা, সবিশেষ জানো আহক।

সেউজীয়া ধনীয়াত ভিটামিন-এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। এই পুষ্টিকৰ উপাদানসমূহে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে। 

সেউজীয়া ধনীয়াৰ ৫টা উপকাৰ-
১. যকৃতৰ ৰোগত উপকাৰীঃ-যকৃতৰ লগত জড়িত সমস্যাৰ বাবে ধনীয়া অতি উপকাৰী বুলি কোৱা হয়। ধনীয়াৰ পাতত প্ৰচুৰ পৰিমাণে এলকেলয়ড আৰু ফ্লেভন’ইড থাকে। এই উপাদানসমূহে পিত্ত বিকাৰ আৰু জণ্ডিচৰ দৰে যকৃতৰ ৰোগ নিৰাময়ত সহায় কৰে।

২. হজম শক্তি উন্নত কৰেঃ-ধনীয়া সেৱনে পাচনতন্ত্ৰৰ বিকাৰ আৰু অন্ত্ৰৰ সকলো সমস্যা দূৰ কৰি হজম শক্তি উন্নত কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:-ধনীয়াত এন্টিঅক্সিডেন্ট থাকে যি ফ্ৰী ৰেডিকেলৰ ফলত হোৱা কোষীয় ক্ষতি ৰোধ কৰে। নিয়মিত ধনীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৪. হৃদৰোগ প্ৰতিৰোধ কৰেঃ-ধনীয়া সেৱনে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা অপ্ৰয়োজনীয় অতিৰিক্ত ছ’ডিয়াম নিৰ্গত কৰে। যাৰ বাবে বেয়া কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

৫. তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰেঃ-খাদ্যত ধনীয়া ব্যৱহাৰে এনজাইম সক্ৰিয় কৰি তোলে, যিয়ে তেজত ছুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ