--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বতৰ অনুযায়ী খাদ্য তালিকাত সেউজীয়া ধনীয়া সকলোৱে ব্যৱহাৰ কৰে, যাৰ অবিহনে খাদ্যৰ খোৱাদ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। ধনীয়া দেখাত ধুনীয়া কৰাই নহয়, খাদ্যৰ সোৱাদো দুগুণে বৃদ্ধি কৰে। এই ধনীয়াৰ আছে স্বাস্থ্যজনিত বহুতো উপকাৰিতা, সবিশেষ জানো আহক।

সেউজীয়া ধনীয়াত ভিটামিন-এ, বি, চি, কে, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। এই পুষ্টিকৰ উপাদানসমূহে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে। 

সেউজীয়া ধনীয়াৰ ৫টা উপকাৰ-
১. যকৃতৰ ৰোগত উপকাৰীঃ-যকৃতৰ লগত জড়িত সমস্যাৰ বাবে ধনীয়া অতি উপকাৰী বুলি কোৱা হয়। ধনীয়াৰ পাতত প্ৰচুৰ পৰিমাণে এলকেলয়ড আৰু ফ্লেভন’ইড থাকে। এই উপাদানসমূহে পিত্ত বিকাৰ আৰু জণ্ডিচৰ দৰে যকৃতৰ ৰোগ নিৰাময়ত সহায় কৰে।

২. হজম শক্তি উন্নত কৰেঃ-ধনীয়া সেৱনে পাচনতন্ত্ৰৰ বিকাৰ আৰু অন্ত্ৰৰ সকলো সমস্যা দূৰ কৰি হজম শক্তি উন্নত কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:-ধনীয়াত এন্টিঅক্সিডেন্ট থাকে যি ফ্ৰী ৰেডিকেলৰ ফলত হোৱা কোষীয় ক্ষতি ৰোধ কৰে। নিয়মিত ধনীয়া সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৪. হৃদৰোগ প্ৰতিৰোধ কৰেঃ-ধনীয়া সেৱনে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা অপ্ৰয়োজনীয় অতিৰিক্ত ছ’ডিয়াম নিৰ্গত কৰে। যাৰ বাবে বেয়া কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

৫. তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰেঃ-খাদ্যত ধনীয়া ব্যৱহাৰে এনজাইম সক্ৰিয় কৰি তোলে, যিয়ে তেজত ছুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ