--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেলঃ 'জোনবাইৰ দেশতে সাজিম ঘৰ এখনি তৰাই জ্বলাব চাকি'… জোনৰ বুকুত এখন ঘৰ সজাৰ সপোন সকলোৱে দেখে। জোনৰ বুকুত ঘৰ সাজিবৰ বাবে বহু বছৰ আগৰে পৰা মাটি কিনাৰ চিন্তা-চৰ্চা কৰি আহিছে ধনাঢ্য ব্যক্তিসকলে। অবিশ্বাস্য যেন লাগিলেও ভাৰতৰ এটি ২ বছৰীয়া শিশু চন্দ্ৰৰ মাটিৰ গৰাকী হ'ল। প্ৰতিজন মানুহেই নিজ সন্তানৰ জন্মদিন অতি বিশেষ ধৰণে উদযাপন কৰিবলৈ বিচাৰে। এনে ক্ষেত্ৰত, মানুহে সন্তানক তেওঁলোকৰ সামৰ্থ অনুসৰি উপহাৰ দিয়ে। মধ্য প্ৰদেশৰ সাতনাৰ এজন পিতৃয়েও তেওঁৰ ২ বছৰীয়া পুত্ৰক এক অনন্য উপহাৰ দিছে। দৰাচলতে মানুহজনে তেওঁৰ দুবছৰীয়া পুত্ৰক তেওঁৰ জন্মদিনত এটুকুৰা মাটি উপহাৰ দিছে।

আপুনি শুনি আচৰিত হ'ব যে মধ্য প্ৰদেশৰ লোকজনে তেওঁৰ পুত্ৰক পৃথিৱীৰ মাটি টুকুৰা নহয় চন্দ্ৰৰ মাটি কিনি উপহাৰ দিছে। পুত্ৰক এনে অনন্য উপহাৰ দিয়া ব্যক্তিজন হৈছে অভিলাষ মিশ্ৰ। তেওঁ মধ্য প্ৰদেশৰ সাতনাৰ ভৰহুতনগৰত বাস কৰে। অভিলাষে বেংগালুৰুৰ এটা কোম্পানীৰ ৰিজিঅ'নেল মেনেজাৰৰ পদত কাম কৰে। এদিন তেওঁ অফিচত গম পালে যে মানুহে চন্দ্ৰত মাটি ক্ৰয় কৰি আছে। এই কথা শুনি অভিলাষেও চন্দ্ৰত মাটি কিনিবলৈও মন স্থিৰ কৰিছিল।

তেওঁ ইণ্টাৰনেটত অনুসন্ধান কৰি গম পাইছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত লুনাৰ ছ'চাইটি ইণ্টাৰনেচনেল নামৰ এটা কোম্পানী আছে যিয়ে চন্দ্ৰত মাটি বিক্ৰী কৰে। যেতিয়া অভিলাষে ইমেইলযোগে প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিছিল, তেওঁ গম পাইছিল যে চন্দ্ৰত ১২ টা স্থান আছে য'ত তেওঁ তেওঁৰ পচন্দৰ মাটি ক্ৰয় কৰিব পাৰে। প্ৰতিষ্ঠানটোৰ ৱেবছাইটত বিভিন্ন মূল্যৰ সৈতে চন্দ্ৰৰ ১২ টা স্থান দেখুওৱা হৈছে। অভিলাষে তেতিয়া তেওঁৰ ২ বছৰীয়া পুত্ৰ অভ্যন মিশ্ৰৰ নামত চন্দ্ৰত এটুকুৰা মাটি কিনে। তেওঁ চন্দ্ৰত এক একৰ মাটি কিনিছে। অভিলাষে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃক চন্দ্ৰত মাটি কিনাৰ বিষয়ে একো কোৱা নাছিল। তেওঁ তেওঁৰ পৰিয়ালক ছাৰপ্ৰাইজ দিব বিচাৰিছিল। জন্মদিনৰ দিনাই ২ বছৰীয়া শিশু অভ্যনে চন্দ্ৰৰ মাটিৰ মালিকীস্বত্ব লাভ কৰে। ডিচেম্বৰৰ ১৫ তাৰিখে চন্দ্ৰত ক্ৰয় কৰা মাটিৰ মালিকীস্বত্ব লাভ কৰে অভ্যন মিশ্ৰই।

আৰু পঢ়কঃ ১১ দিনলৈকে হাঁহিব নোৱাৰিব, হাঁহিলেই হ’ব গ্ৰেপ্তাৰ! ক’ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক