--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটে বহুতৰে জীৱনলৈ অমানিশা নমাই আনিলে। ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দিনা টিভি বন্ধ কৰাকলৈ   পিতৃ আৰু পুত্ৰৰ মাজত হোৱা  বিবাদৰ পৰিণতি পুত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হ’ল।  এজন লোকে এই ঘটনাৰ অচিলা লৈয়েই   তেওঁৰ পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটো দেওবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছিল যদিও ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে। 

দেওবাৰে বিশ্বকাপৰ ফাইনেল  আছিল। গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত  অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছিল। বিশ্বকাপৰ ফাইনেলক লৈ সমগ্ৰ দেশতে এক উন্মাদনাৰ সৃষ্টি হৈছিল। গণেশ আৰু দীপক প্ৰসাদ, কানপুৰৰ বাসিন্দা, দুয়োজনে খেলক লৈ  অতি উৎসাহিত আছিল। তেওঁলোক পিতৃ আৰু পুত্ৰ। 
 
আৰক্ষীয়ে প্ৰকাশ কৰা মতে   পুত্ৰ দীপকে তেওঁৰ পিতৃক খাদ্য প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু দেউতাকে খেল এৰি   খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বুলি কৈছিল।পিতৃৰ কথাত দীপকৰ খং উঠিছিল আৰু টিভিটো বন্ধ কৰি দিছিল। মনোযোগেৰে খেল উপভোগ কৰি থকা পিতৃ  গণেশে  পুত্ৰৰ কাৰ্যত খঙত অগ্নিশৰ্মা হৈ পৰিছিল।   টিভি বন্ধ কৰাকলৈ পিতা-পুত্ৰৰ মাজত আৰম্ভ হৈছিল কাজিয়া।  পিতৃ গণেশে খঙতে হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ দীপকৰ ডিঙিত এডাল তাঁৰেৰে মেৰিয়াই ধৰিছিল। ফলত শ্বাসৰুদ্ধ হৈ দীপকৰ মৃত্যু ঘটে। এই ঘটনা সংঘটিত কৰি পিতৃ গণেশে  ঘৰৰ পৰা পলাই যায়।

কিছু সময়ৰ পিছত চুবুৰীয়াসকলে দীপকক ঘৰৰ ভিতৰত অচেতন অৱস্থাত পৰি থকা দেখা পায়  আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ দীপকক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যায়। কিন্তু   চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে অনুসন্ধান চলাই গণেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান