--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটে বহুতৰে জীৱনলৈ অমানিশা নমাই আনিলে। ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দিনা টিভি বন্ধ কৰাকলৈ   পিতৃ আৰু পুত্ৰৰ মাজত হোৱা  বিবাদৰ পৰিণতি পুত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হ’ল।  এজন লোকে এই ঘটনাৰ অচিলা লৈয়েই   তেওঁৰ পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটো দেওবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছিল যদিও ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে। 

দেওবাৰে বিশ্বকাপৰ ফাইনেল  আছিল। গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত  অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছিল। বিশ্বকাপৰ ফাইনেলক লৈ সমগ্ৰ দেশতে এক উন্মাদনাৰ সৃষ্টি হৈছিল। গণেশ আৰু দীপক প্ৰসাদ, কানপুৰৰ বাসিন্দা, দুয়োজনে খেলক লৈ  অতি উৎসাহিত আছিল। তেওঁলোক পিতৃ আৰু পুত্ৰ। 
 
আৰক্ষীয়ে প্ৰকাশ কৰা মতে   পুত্ৰ দীপকে তেওঁৰ পিতৃক খাদ্য প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু দেউতাকে খেল এৰি   খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বুলি কৈছিল।পিতৃৰ কথাত দীপকৰ খং উঠিছিল আৰু টিভিটো বন্ধ কৰি দিছিল। মনোযোগেৰে খেল উপভোগ কৰি থকা পিতৃ  গণেশে  পুত্ৰৰ কাৰ্যত খঙত অগ্নিশৰ্মা হৈ পৰিছিল।   টিভি বন্ধ কৰাকলৈ পিতা-পুত্ৰৰ মাজত আৰম্ভ হৈছিল কাজিয়া।  পিতৃ গণেশে খঙতে হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ দীপকৰ ডিঙিত এডাল তাঁৰেৰে মেৰিয়াই ধৰিছিল। ফলত শ্বাসৰুদ্ধ হৈ দীপকৰ মৃত্যু ঘটে। এই ঘটনা সংঘটিত কৰি পিতৃ গণেশে  ঘৰৰ পৰা পলাই যায়।

কিছু সময়ৰ পিছত চুবুৰীয়াসকলে দীপকক ঘৰৰ ভিতৰত অচেতন অৱস্থাত পৰি থকা দেখা পায়  আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ দীপকক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যায়। কিন্তু   চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে অনুসন্ধান চলাই গণেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক