--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপ্ৰতিৰোধ্য হৈ আছে ভাৰতৰ ফাষ্ট বলিং লাইনআপ। মহম্মদ ছিৰাজ-যশপ্ৰীত বুমৰাহ-মহমদ ছামী! এই বলাৰত্ৰয়ীৰ নাম শুনিলে এতিয়া যিকোনো বাঘা বাঘা বেটাৰে অলপ সময়ৰ বাবে ভাবিবলৈ বাধ্য হয়। বিশ্বকাপত দূৰ্দান্ত বলিং কৰিছে তেওঁলোকে। তাৰপাছতে বলিংত্ৰয়ীৰ বন্দনাত মুখৰিত হৈ পৰিছে ক্ৰিকেট বিশ্ব।

একালৰ বিশ্বত্ৰাসী ফাষ্ট বলাৰ মাইকেল হোল্ডিঙে কয়- ''মোৰ মনত আছে এণ্ডি ৰবাৰ্টছ আৰু মেলকম মাৰ্শ্বেলৰ বিষয়ে, তেওঁলোকৰ খেলুৱৈ জীৱনৰ বিষয়ে, সেই সময়ৰ বিষয়ে যেতিয়া তেওঁলোকে অগ্নি নিক্ষেপ কৰিছিল।’’

হৰভজন সিঙে কয়- ''ভাৰতত ইমান বিধ্বংসী পেচ বলিং আক্ৰমণ তেওঁ কেতিয়াও দেখা নাই।’’ ৱাছিম ​​আক্ৰামো আচৰিত হৈছে তেওঁলোকৰ বলিং দেখি। ছুইঙৰ চুলতানে তেওঁ নিজকে আৰু ৱাকাৰ ইউনিছৰ কথা মনত পেলাইছে, যিয়ে মৃত খেলপথাৰতো বলৰ সৈতে কথা পাতিছিল।

ভাৰতৰ পেচ বলিং আক্ৰমণত স্তম্ভিত হৈ পৰিছে নিজৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ অ’পেনাৰ এডাম গিলক্ৰিষ্ট। তেওঁ কয়, "দিনে হওক বা ৰাতি হওক, ভাৰতৰ পেচ এটেকে যি কৈছে সেয়া এক কথাত ভয়ংকৰ। বুমৰাহ, শ্বামী, চিৰাজ খেলাটো কাৰ্যতঃ অসম্ভৱ।''

তেওঁ ক'লে, "বুমৰা আৰু ছিৰাজে আৰম্ভ কৰে। দুয়োৰে লগত মোকাবিলা কৰাৰ পিছত যেতিয়া বেটাৰজন অলপ থিতাপি লোৱা যেন লাগে, তেতিয়া শ্বামী সোমাই আহে। গতিকে বেটাৰ ক’লৈ যাব? যিটো দলৰ তৃতীয় পেচাৰ শ্বামীৰ দৰে ভয়ংকৰ, দলটোৱে শক্তি প্ৰদৰ্শন কৰাটো স্বাভাৱিক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক