--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপ্ৰতিৰোধ্য হৈ আছে ভাৰতৰ ফাষ্ট বলিং লাইনআপ। মহম্মদ ছিৰাজ-যশপ্ৰীত বুমৰাহ-মহমদ ছামী! এই বলাৰত্ৰয়ীৰ নাম শুনিলে এতিয়া যিকোনো বাঘা বাঘা বেটাৰে অলপ সময়ৰ বাবে ভাবিবলৈ বাধ্য হয়। বিশ্বকাপত দূৰ্দান্ত বলিং কৰিছে তেওঁলোকে। তাৰপাছতে বলিংত্ৰয়ীৰ বন্দনাত মুখৰিত হৈ পৰিছে ক্ৰিকেট বিশ্ব।

একালৰ বিশ্বত্ৰাসী ফাষ্ট বলাৰ মাইকেল হোল্ডিঙে কয়- ''মোৰ মনত আছে এণ্ডি ৰবাৰ্টছ আৰু মেলকম মাৰ্শ্বেলৰ বিষয়ে, তেওঁলোকৰ খেলুৱৈ জীৱনৰ বিষয়ে, সেই সময়ৰ বিষয়ে যেতিয়া তেওঁলোকে অগ্নি নিক্ষেপ কৰিছিল।’’

হৰভজন সিঙে কয়- ''ভাৰতত ইমান বিধ্বংসী পেচ বলিং আক্ৰমণ তেওঁ কেতিয়াও দেখা নাই।’’ ৱাছিম ​​আক্ৰামো আচৰিত হৈছে তেওঁলোকৰ বলিং দেখি। ছুইঙৰ চুলতানে তেওঁ নিজকে আৰু ৱাকাৰ ইউনিছৰ কথা মনত পেলাইছে, যিয়ে মৃত খেলপথাৰতো বলৰ সৈতে কথা পাতিছিল।

ভাৰতৰ পেচ বলিং আক্ৰমণত স্তম্ভিত হৈ পৰিছে নিজৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ অ’পেনাৰ এডাম গিলক্ৰিষ্ট। তেওঁ কয়, "দিনে হওক বা ৰাতি হওক, ভাৰতৰ পেচ এটেকে যি কৈছে সেয়া এক কথাত ভয়ংকৰ। বুমৰাহ, শ্বামী, চিৰাজ খেলাটো কাৰ্যতঃ অসম্ভৱ।''

তেওঁ ক'লে, "বুমৰা আৰু ছিৰাজে আৰম্ভ কৰে। দুয়োৰে লগত মোকাবিলা কৰাৰ পিছত যেতিয়া বেটাৰজন অলপ থিতাপি লোৱা যেন লাগে, তেতিয়া শ্বামী সোমাই আহে। গতিকে বেটাৰ ক’লৈ যাব? যিটো দলৰ তৃতীয় পেচাৰ শ্বামীৰ দৰে ভয়ংকৰ, দলটোৱে শক্তি প্ৰদৰ্শন কৰাটো স্বাভাৱিক।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক