--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমৰ লগতে ভাৰতীয় ক্রীড়া তথা সাংস্কৃতিক জগতৰ বাবে আনন্দৰ খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ড° সংগীতা কাকতিয়ে মালয়েছিয়াত হ'বললগীয়া আন্তর্জাতিক খো-খো প্রতিযোগিতাত ‘থীম ছং' পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছে। ইতিমধ্যে মালয়েছিয়া খো-খো ফেডাৰেছনৰ সভাপতি সাথাশিৱম মুনিছামি আৰু সম্পাদক পুৰুষথমন পালানিয়ে অসমৰ বিশিষ্ট কণ্ঠশিল্পীগৰাকীক আনুষ্ঠানিকভাবে এই প্ৰস্তাৱ আগবঢ়াই  উক্ত গীতটো ফেডাৰেছনৰো ‘থীম ছং’ কৰা হ'ব বুলি জনাইছে। 

উল্লেখ্য যে যোৱা মাহতে ভাৰত আৰু মালয়েছিয়াৰ মাজত খো-খোৰ এটা শৃংখলা কুৱালালামপুৰত অনুষ্ঠিত হৈছিল । ভাৰতীয় প্ৰতিনিধিৰ লগত উক্ত ভ্ৰমণত মালয়েছিয়ালৈ সংগীতা কাকতিকো আমন্ত্রণ জনোৱা হৈছিল। ইয়াৰ কাৰণ আছিল অসমত হৈ যোৱা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত কণ্ঠশিল্পী কাকতিয়ে মুঠ ১৬ টা ভাষা সন্নিবিষ্ট থকা এটা থীম ছং প্ৰস্তুত কৰি পৰিৱেশন কৰিছিল ৷ উক্ত গীতটোত প্ৰতিযোগিতাত অংশ লোৱা ১২ খন বিদেশী ৰাষ্ট্ৰৰ নিজৰ নিজৰ মাতৃভাষাৰ লগতে হিন্দী, ইংৰাজী, অসমীয়া আৰু বড়ো ভাষা সন্নিবিষ্ট আছিল। গীতটোৰ কথা-সুৰ-কণ্ঠ সংগীতা কাকতিৰ। কণ্ঠদানত শিল্পীগৰাকীক সহযোগ কৰিছিল অনুষ্কা বৰুৱাই । আনহাতে, সংগীত তথা মিক্সিং মৌচম বৰাৰ । তামুলপুৰত হৈ যোৱা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বিদেশী ৰাষ্ট্ৰ হিচাপে বাংলাদেশ, ভুটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালয়েছিয়া, নেপাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকাৰ পুৰুষ-মহিলা দলে অংশ লৈছিল। তেতিয়াৰে পৰাই খো খো খেলা সকলো দেশতে সংগীতা কাকতিৰ ১৬ টা ভাষাৰ থীম ছংটো ব্যাপকৰূপত সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল।

 কাৰণ খো খোৰ তেনে গীত পূর্বে নাছিল। সেই গীতটোকে মালয়েছিয়াত পৰিৱেশন কৰাৰ বাবে দেশখনৰ খো খো ফেডাৰেছনে কণ্ঠশিল্পী কাকতিকো ভাৰতীয় দলৰ সৈতে  আমন্ত্ৰন জনায়। কিন্তু কাকতিয়ে কেবল সেই গীতটোৱে মালয়েছিয়াত পৰিবেশন কৰা নছিল। লগতে তেওঁ এটা মালয়েছিয়াৰ ‘মালে’ ভাষাৰ গীতো গুৱাহাটীতে প্ৰস্তুত কৰি কুৱালালামপুৰৰ সামৰণি অনুষ্ঠানত পৰিৱেশন কৰে। হিন্দী আৰু ইংৰাজী ভাষাও গোৱা গীতটোৰ কথা-সুৰ-কণ্ঠ সংগীতা কাকতিৰ। আনহাতে, সংগীত তথা মিক্সিং মৌচম বৰাৰ। উক্ত অনুষ্ঠানত উপস্থিত আছিল মালয়েছিয়াৰ ক্ৰীড়ামন্ত্ৰী হানাহ য়হো। প্রায় পাঁচ মিনিটৰ গীতটো মঞ্চত পৰিৱেশন কৰি থকাৰ সময়তে মালয়েছিয়াৰ খেলুৱৈসহ ফেডাৰেছনৰ বিষয়া, উপস্থিত দর্শক, মঞ্চত থকা ক্রীড়ামন্ত্রীসহ অন্যান্য বিশিষ্ট ব্যক্তিসকলে নৃত্য কৰিবলৈ লয়।

  ভাৰতীয় শিল্পীৰ কণ্ঠত মালয়েছিয়াৰ গীত-সুৰ শুনি সকলো আবেগিক হৈ পৰিছিল। বিদেশৰ মাটিত এনে এটা পৰিৱেশৰ সন্মুখীন হোৱা সংগীতা কাকতিৰ বাবেও সেই মূহুৰ্ততো সংগীত জীৱনৰ শ্ৰেষ্ঠ আৰু স্মৰণীয় মুহূৰ্ত হৈ ৰ’ব । এতিয়া সেই গীতটোকে মালয়েছিয়া খো-খোই থীম ছং ৰূপে নতুনকৈ কৰিবলৈ কাকতিক প্ৰস্তাৱ আগবঢ়াইছে। নতুন গীতটোত হিন্দী আৰু ইংৰাজী ভাষা নাথাকে। কেবল মালে ভাষা থাকিব। উল্লেখ্য যে কণ্ঠশিল্পী সংগীতা কাকতিয়ে ভাৰতৰ সকলো ৰাজ্যৰ স্বকীয় লোক সংগীত আৰু ৰাজ্যসমুহৰ নিজ নিজ আঞ্চলিক ভাষাৰ গীত ৰাষ্ট্ৰীয় তথা আন্তর্জাতিক মঞ্চত পৰিবেশন কৰি ইতিমধ্যে এক পৃথক পৰিচয়ৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। 

দেশত অনুষ্ঠিত কেবাখনো আন্তর্জাতিক আৰু ৰাজ্যিক ক্রীড়া মহোৎসৱত থীম ছঙৰ লগতে প্ৰতিযোগিতাৰ বিশেষ গীত পৰিৱেশন কৰি সমাদৃত হোৱা কাকতিয়ে অসমত অনুষ্ঠিত দ্বাদশ ছাফ গেমছত ‘ছাউথ এছিয়ান গেমছ শুভ বিদায়...' শীর্ষক এটি বিশেষ গীত সামৰণি অনুষ্ঠানত পৰিবেশন কৰিছিল যত, অসমীয়া আৰু হিন্দী ভাষাৰ লগতে অংশগ্রহণকাৰী সাত বিদেশী ৰাষ্ট্র পাকিস্তান, আফগানিস্তান, বাংলাদেশ, মালদ্বীপ, ভূটান, নেপাল তথা শ্ৰীলংকাৰ ভাষাও সন্নিবিষ্ট আছিল। অসমত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ থীম ছং ‘ৰংমন ৰংমন...’ পৰিবেশন কৰিছিল কাকতিয়ে। ২০১০ ৰ নতুন দিল্লী কমনৱেলথ গেমছৰ কুইন বেটেন ৰীলেতো গীত পৰিবেশন কৰি সমাদৃত হোৱা কাকতিয়ে এছিয়ান আন্তর্জাতিক মহিলা বক্সিং, আন্তর্জাতিক বেডমিণ্টন, এছিয়ান আৰ্মৰেষ্টলিঙৰ থীম ছং পৰিবেশন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক