--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতে বিশ্ব অভিলেখ গঢ়িলে। বেংগালুৰুত নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৪ উইকেট হেৰুৱাই ৪১০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ প্ৰথম পাঁচজন বেটছমেনৰ ভিতৰত তিনিজনে এই ইনিংছত অৰ্ধশতক অৰ্জন কৰে। ইয়াৰে দুজনে শতক অৰ্জন কৰে। এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ কোনো মেচতে এনে হোৱা নাই।

ভাৰতীয় অ’পেনাৰ শ্বুবমানে প্ৰথমে অৰ্ধশতক অৰ্জন কৰে। তেওঁ মাত্ৰ ৩০টা বলতে অৰ্ধশতক কৰে। ৩২টা বলত ৫১ ৰান সংগ্ৰহ কৰি আউট হয় শুবমান। ভাৰতীয় অ’পেনাৰ আউট হোৱাৰ পাছত ৰোহিতে অৰ্ধশতক অৰ্জন কৰে। ভাৰতীয় অধিনায়কগৰাকীয়ে ৫৪টা বলত ৬১ ৰান সংগ্ৰহ কৰি উভতি আহে। নেদাৰলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলীয়ে বিশ্বকাপৰ তৃতীয়টো অৰ্ধশতক অৰ্জন কৰে। আৰম্ভণিতে বেটিং কৰিবলৈ অহাৰ সময়ত বিৰাটৰ অলপ সমস্যা হৈছিল যদিও ক্ৰমান্বয়ে ৰানৰ গতি বৃদ্ধি কৰিছিল। ৫৬টা বলত ৫১ ৰান সংগ্ৰহ কৰি আউট হয়।

প্ৰথম তিনিজন বেটছমেন আউট হোৱাৰ পাছত শ্ৰেয়াছ আয়েৰ আৰু লোকেশ ৰাহুলে চতুৰ্থ উইকেটৰ বাবে ২০০ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। দুয়োজনে আক্ৰমণাত্মক শ্বট খেলিছিল। বিশ্বকাপত প্ৰথম শতক অৰ্জন কৰে শ্ৰেয়াছে। চলিত বিশ্বকাপত ৰাহুলেও প্ৰথম শতক অৰ্জন কৰে। শেষত শ্ৰেয়াছে ৯৪টা বলত ১২৮ আৰু ৰাহুলে ৬৪টা বলত ১০২ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বে দুবাৰকৈ এদিনীয়া ক্ৰিকেটত এটা ইনিংছত প্ৰথম পাঁচজন বেটছমেনে ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে। দুয়োবাৰেই ভাৰতৰ বিৰুদ্ধে ঘটিছিল। ২০১৩ চনৰ ১৬ অক্টোবৰত জয়পুৰত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ প্ৰথম পাঁচ বেটছমেনে পঞ্চাশ ৰান কৰে। সেই মেচখনত এৰন ফিঞ্চে ৫০, ফিলিপ হিউজে ৮৩, শ্বেন ৱাটছনে ৫৯, জৰ্জ বেইলীয়ে ৯২ আৰু গ্লেন মেক্সৱেলে ৫৩ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই ২৯ নৱেম্বৰ, ২০২০ত ছিডনীতো ভাৰতৰ বিৰুদ্ধে একেধৰণৰ নজিৰ গঢ়ি তুলিছিল। সেই মেচখনত ডেভিদ ৱাৰ্নাৰে ৮৩, এৰন ফিঞ্চে ৬০, ষ্টিভ স্মিথে ১০৪, মাৰ্নিছ লাবুচেনে ৭০ আৰু মেক্সৱেলে ৬৩ ৰান সংগ্ৰহ কৰে। কিন্তু প্ৰথমবাৰৰ বাবে এখন মেচত তিনিটা পঞ্চাশ আৰু দুটা শতক অৰ্জন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী