--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেটৰ ‘মিডাচ’ বুলি ক’লেও তেওঁৰ ক্ষেত্ৰত সেয়া অতিৰঞ্জিত হ’ব যেন নালাগে। ইটোৰ পাছত সিটো সফলতা অৰ্জনৰ জৰিয়তে তেওঁ ভাৰতীয় ক্ৰিকেটক দিছে অতুলনীয় বৈভৱ। সম্প্ৰতি ৰাষ্ট্ৰীয় দলৰ পৰা তেওঁ অৱসৰ লোৱাৰ দুবছৰ হ'ল। তেওঁ বৰ্তমান আই পি এল খেলি আছে, এইটো সম্ভৱতঃ তেওঁৰ অন্তিম ছিজন। কেৰিয়াৰৰ শেষ পৰ্যায়তো পিছে মহেন্দ্ৰ সিং ধোনীৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস হোৱা নাই। ক্ৰিকেট খেলপথাৰৰ পৰা বিজ্ঞাপনৰ জগতলৈকে, ধোনীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। কিন্তু এইকথা জানেনে যে, ক্ৰিকেটৰ পথাৰৰ পৰা খেতিপথাৰলৈকে সকলোকে ব্যাপক সাফল্য লভিছে ধোনীয়ে। তেওঁৰ ভালেমান বৃহৎ ব্যৱসায়ো আছে। তেওঁ তাৰ পৰা প্ৰতি বছৰে বুজন পৰিমাণৰ অৰ্থ উপাৰ্জন কৰে।

সোঁৱে-বাঁৱে উপাৰ্জন কৰা ধোনীয়ে কৰ পৰিশোধ কৰিবলৈও কাৰ্পন্য নকৰে। ঝাৰখণ্ড চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ধোনী হৈছে ৰাজ্যখনৰ আটাইতকৈ বৃহৎ কৰদাতা। যিদৰে তেওঁ ক্ৰিকেট খেলপথাৰত সকলো প্ৰতিদ্বন্দ্বীতকৈ আগবাঢ়ি আছিল, ঠিক একেদৰে কৰ পৰিশোধৰ ক্ষেত্ৰতো সকলোতকৈ তেওঁ আগবাঢ়ি আছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি, এম এছ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰাৰ পাছৰে পৰা ঝাৰখণ্ডৰ আটাইতকৈ ডাঙৰ কৰদাতা হিচাপে পৰিগণিত হৈ আহিছে। এই দিশত তেওঁ ধাৰাবাহিকভাৱে শীৰ্ষত আছে। ২০১৯-২০ বৰ্ষত, তেওঁ ২৮ কোটি টকাৰ কৰ পৰিশোধ কৰিছিল। আৰু তাৰ আগতে ২০২৮-১৯ বৰ্ষতো, তেওঁ প্ৰায় একে পৰিমাণৰ কৰ পৰিশোধ কৰিছিল। যোৱা এবছৰত, ধোনীৰ উপাৰ্জন প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। তেওঁ ২০২১-২২ বৰ্ষৰ বাবে আয়কৰ বিভাগক ৩৮ কোটি টকা আগতীয়া কৰ পৰিশোধ কৰিছে। ২০২০-২১ বৰ্ষত তেওঁ ৩০ কোটি টকাৰ কৰ পৰিশোধ কৰিছিল। ২০২১-২২ বৰ্ষত ধোনীৰ আনুমানিক উপাৰ্জন প্ৰায় ১৩০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। 

ধোনী বৰ্তমান এজন দক্ষ ব্যৱসায়ীও। তেওঁৰ কেইবাটাও কোম্পানীত বিনিয়োগ আছে। তেওঁ ঝাৰখণ্ডৰ কৃষি ব্যৱসায়তো ভৰি দিছে। ইয়াৰ উপৰি, তেওঁ হোমা ইণ্টেৰিয়ৰ কোম্পানী হোমলেন, কাৰছ-24, ষ্টাৰ্টআপ কোম্পানী খাটাবুক, ক্ৰীড়া কোম্পানী ৰান এডামৰ দৰে কোম্পানীত তেওঁ বিনিয়োগ কৰিছে। চেন্নাই চুপাৰ কিংছ দলৰ স্বত্বাধিকাৰী ইণ্ডিয়া চিমেণ্টছৰো অংশীদাৰ ধোনী। ৰাঁচীত, তেওঁ প্ৰায় ৪৩ একৰ ভূমিত জৈৱিক কৃষি কৰে। ইয়াৰ বাহিৰেও, তেওঁৰ ফাৰ্মহাউচত মুৰ্গীৰ পৰা কাঠফুলালৈ বহুতো বস্তু খেতি কৰা হয়। ধোনীৰ ফাৰ্মহাউছ এতিয়া একপ্ৰকাৰ পৰ্যটন ক্ষেত্ৰত পৰিণত হৈছে। তেওঁৰ খেতিপথাৰলৈ যাবলৈ টিকট ক্ৰয় কৰিব লাগে।

ধোনীৰ লগতে তেওঁৰ পত্নী সাক্ষী ধোনীও বহুতো সংগঠনৰ সৈতে জড়িত। সাক্ষী ধোনী এণ্টাৰটেইনমেণ্ট, মিডাছ ডিলছ, জিজে এণ্টাৰপ্ৰাইজেছ, উইনিং ৱেজ, নেক ইনফোটেক আদি কোম্পানীৰ এগৰাকী সঞ্চালক। তথ্য অনুসৰি, তেওঁ ৰিয়েল ইষ্টেট ফাৰ্ম আম্ৰপালি গ্ৰুপতো ২৫ শতাংশ অংশীদাৰীত্ব আছিল। যিটোক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। আম্ৰপালি গোটৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ অভিযোগ উত্থাপন হৈছিল। য'ত ধোনীৰ নামো জড়িত হৈ পৰিছিল। কিন্তু পাছলৈ সেয়া প্ৰত্যাহাৰ কৰা হয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত