--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেঙ্ক অফ ইণ্ডিয়াই(SBI) গ্ৰাহকসকলৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে। ৪৫ কোটি গ্ৰাহকক যিকোনো ধৰণৰ প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰিবলৈ বেংকৰ দ্বাৰা এই সতৰ্কবাণীটো জাৰি কৰা হৈছে। ইয়াৰ আগতেও বেংকে সময়ে সময়ে গ্ৰাহকসকলক সজাগ কৰি আহিছে। দুটা ফোন নম্বৰৰ পৰা অহা কল গ্ৰাহকসকলে যাতে ৰিচিভ নকৰে তাৰবাবে গ্ৰাহকসকলক সতৰ্ক কৰি দিছে SBI বেংকে। 

এই দুটা ফোন নম্বৰ প্ৰৱঞ্চনামূলক বুলি সন্দেহ কৰা হৈছে। আপুনি যাতে লোকচানৰ সন্মুখীন নহয় তাৰবাবে ষ্টেট বেঙ্ক অফ ইণ্ডিয়াই এই সতৰ্কবাণী জাৰি কৰিছে। এই প্ৰৱঞ্চনাৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। বেংকৰ মতে বহু ক্ষেত্ৰত, টুইট, এছএমএছ আৰু ই-মেইলৰ দ্বাৰা গ্ৰাহকসকলক প্ৰৱঞ্চনা কৰি আহিছে প্ৰৱঞ্চকৰ দলে। ফোন কৰাৰ পাছত এই লোকসকলে নিজকে এছ.বি.আই.ৰ কৰ্মচাৰী বুলি কৈ গ্ৰাহকক প্ৰতাৰণা কৰে। 

এছ.বি.আই বেংকে দুটা নম্বৰৰ পৰা অহা কল ৰিচিভ কৰিবলৈ মানা কৰিছে। নম্বৰ দুটা হৈছে 8294710946 আৰু 7362951973। বেংকে কৈছে যে যদি এই দুটা নম্বৰৰ পৰা কল আহে তেন্তে ভুলতো ৰিচিভ নকৰিব। এছবিআইয়ে দিয়া দুয়োটা ফোন নম্বৰৰ বিষয়ে আগতেই চিআইডি অসমে সতৰ্ক কৰি দিছিল। 

চিআইডি অসমে টুইট কৰিছিল, "ষ্টেট বেংকৰ গ্ৰাহকসকলে দুটা নম্বৰ 8294710946 আৰু 7362951973 পৰা ফোন পাইছে। এই নম্বৰ দুটাৰ পৰা ফোন কৰা জনে গ্ৰাহকজনক কেৱাইচি(KYC) বিচাৰে আৰু তেওঁক ম'বাইলত প্ৰেৰণ কৰা লিংকত ক্লিক কৰিবলৈ কয়। ইয়াৰ পাছতেই নিজৰ সাঁচতীয়া ধন হেৰুৱায় গ্ৰাহকে। বেংকে সতৰ্ক কৰি দিছে যে এই দুয়োটা ফোন নম্বৰ কোনো ধৰণে ষ্টেট বেংকৰ (এছবিআই) সৈতে সম্পৰ্কিত নহয়। ষ্টেট বেংকে কয় যে তথ্য প্ৰযুক্তি বিভাগে এই দুটা নম্বৰৰ বিৰুদ্ধে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিব।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক