--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনা আৰু বিভেদ এতিয়া দেশৰ সচেতন মহলৰ বাবে উদ্বেগ তথা অস্বস্তিৰ কাৰণ গৈ পৰিছে। দেশৰ সাতামপুৰুষীয়া সম্প্ৰীতি তথা সাম্প্ৰদায়িক সংহতি বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে শেহতীয়া পৰিস্থিতিৰ বাবে। এই উদ্বেগপূৰ্ণ আৰু সংঘৰ্ষপ্ৰৱণ পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰি দেশৰ শতাধিক প্ৰাক্তন আমোলাই পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ। তেওঁলোকে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মোদীক আহ্বান জনাইছে।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেনন, প্ৰাক্তন বিদেশ সচিব সুজাতা সিং, প্ৰাক্তন গৃহ সচিব জি কে পিল্লাই, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীৱ জুং আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মুখ্য সচিব টিকেএ নায়াৰৰ দৰে শীৰ্ষস্তৰীয় আমোলাও এইসকল প্ৰাক্তন আমোলাৰ তালিকাত আছে। মুঠ ১০৮গৰাকী প্ৰাক্তন আমোলাই প্ৰধানমন্ত্ৰীলৈ লিখা এই পত্ৰখনত স্বাক্ষৰ কৰিছে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত তেওঁলোকে দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। দেশৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা সাম্প্ৰদায়িক সংঘৰ্ষপ্ৰৱণ অৱস্থাই দেশৰ সামাজিক গাঁঠনিত ক্ষতিগ্ৰস্ত কৰাৰ লগতে, সাংবিধানিক পৰম্পৰাকো বিনষ্ট কৰা বুলি মন্তব্য কৰিছে। এই পৰিস্থিতিক প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ তেওঁলোকে বিচৰিছে। তেওঁলোকে পত্ৰখনত উল্লেখ কৰে যে, এই ব্যাপক সামাজিক ভাবুকিক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা ‘গগণবিদাৰি’ বুলি তেওঁলোকে প্ৰকাশ কৰে।


ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ এইসকল আমোলাই প্ৰধানমন্ত্ৰীক আহ্বান জনায় কয় যে, আপুনি সবকা, সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা মনত ৰাখি আপোনাৰ বিবেকক এই ঘৃণাৰ অৱসান ঘটাবলৈ আহ্বান জনাইছোঁ।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত