--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনা আৰু বিভেদ এতিয়া দেশৰ সচেতন মহলৰ বাবে উদ্বেগ তথা অস্বস্তিৰ কাৰণ গৈ পৰিছে। দেশৰ সাতামপুৰুষীয়া সম্প্ৰীতি তথা সাম্প্ৰদায়িক সংহতি বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে শেহতীয়া পৰিস্থিতিৰ বাবে। এই উদ্বেগপূৰ্ণ আৰু সংঘৰ্ষপ্ৰৱণ পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰি দেশৰ শতাধিক প্ৰাক্তন আমোলাই পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ। তেওঁলোকে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মোদীক আহ্বান জনাইছে।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শিৱশংকৰ মেনন, প্ৰাক্তন বিদেশ সচিব সুজাতা সিং, প্ৰাক্তন গৃহ সচিব জি কে পিল্লাই, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীৱ জুং আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মুখ্য সচিব টিকেএ নায়াৰৰ দৰে শীৰ্ষস্তৰীয় আমোলাও এইসকল প্ৰাক্তন আমোলাৰ তালিকাত আছে। মুঠ ১০৮গৰাকী প্ৰাক্তন আমোলাই প্ৰধানমন্ত্ৰীলৈ লিখা এই পত্ৰখনত স্বাক্ষৰ কৰিছে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত তেওঁলোকে দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। দেশৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা সাম্প্ৰদায়িক সংঘৰ্ষপ্ৰৱণ অৱস্থাই দেশৰ সামাজিক গাঁঠনিত ক্ষতিগ্ৰস্ত কৰাৰ লগতে, সাংবিধানিক পৰম্পৰাকো বিনষ্ট কৰা বুলি মন্তব্য কৰিছে। এই পৰিস্থিতিক প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ তেওঁলোকে বিচৰিছে। তেওঁলোকে পত্ৰখনত উল্লেখ কৰে যে, এই ব্যাপক সামাজিক ভাবুকিক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা ‘গগণবিদাৰি’ বুলি তেওঁলোকে প্ৰকাশ কৰে।


ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাবলৈ এইসকল আমোলাই প্ৰধানমন্ত্ৰীক আহ্বান জনায় কয় যে, আপুনি সবকা, সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা মনত ৰাখি আপোনাৰ বিবেকক এই ঘৃণাৰ অৱসান ঘটাবলৈ আহ্বান জনাইছোঁ।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল