--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৰাজা পাটেৰিয়াই প্ৰধানমন্ত্ৰী মোদীক সমালোচনা  কৰিবলৈ গৈ  ব্যৱহাৰ কৰিছিল কেতবোৰ আপত্তিজনক বাক্য৷ যাৰ পৰিণতিত তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল আৰু ৮০ দিন কাৰাগাৰত থকাৰ পিছত তেওঁ এতিয়া মুকলি আকাশৰ তললৈ ওলাই অহাৰ সুযোগ পাইছে৷ কাৰাগাৰৰ পৰা ওলায়েই পাটেৰিয়াই  কয় যে তেওঁ অৱশ্যে এটা শিক্ষা লাভ কৰিলে। কাৰাগাৰৰ পৰা ওলাই পাটেৰিয়াই তেওঁৰ পৰিয়ালৰ সদস্য আৰু সমৰ্থকসকলক সতৰ্ক কৰি দিয়ে "আপোনাক সমস্যাত পৰিব পৰা পৰা একো নকৰিব।" 

যোৱা বছৰৰ ১৩ ডিচেম্বৰত এটা ভিডিঅ' পোহৰলৈ অহাৰ পিছত পাটেৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ভিডিঅ’টোত  তেওঁ মধ্য প্ৰদেশৰ পৱাইত এখন সভাত কংগ্ৰেছ কৰ্মীসকলক কোৱা শুনা গৈছিল: "মোদীক হত্যা কৰিবলৈ সাজু হওঁক। তেওঁক  পৰাজিত কৰাৰ অৰ্থত হত্যা কৰক... মোদীয়ে  ধৰ্ম, জাতি আৰু ভাষাৰ আধাৰত আমাক বিভাজন কৰিব । দলিত, জনজাতি আৰু সংখ্যালঘুসকলৰ ভৱিষ্যত বিপদৰ মাজত। যদি আপুনি সংবিধান বচাব বিচাৰে, তেন্তে মোদীক হত্যা কৰিবলৈ সাজু হওঁক। তেওঁক  পৰাজিত কৰাৰ জড়িয়তে  হত্যা কৰক।" 

ভিডিঅ’টোৰ পিছতে নেতাজনক গ্ৰেপ্তাৰ কৰা হয়৷ যোৱা  ৪ মাৰ্চত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে পাটেৰিয়াক জামিনত মুকলি কৰি দিয়ে৷ কাৰাগাৰৰ পৰা মুক্ত হৈ  ৬৯ বছৰীয়া পাটেৰিয়াই কয়: "ন্যায়পালিকাৰ প্ৰতি মোৰ পৰম শ্ৰদ্ধা আছে। আইনৰ অপব্যৱহাৰ আৰু মোক কাৰাগাৰলৈ নিয়াৰ বাবে মই বিজেপি পৰিচালিত ৰাজ্য চৰকাৰক দোষাৰোপ কৰিছো।" 

তেওঁৰ মতে, বিজেপিয়ে তেওঁৰ মুখ বন্ধ কৰিব   বিচাৰিছিল ৷ কিয়নো তেওঁ মহাত্মা গান্ধী আৰু বাবাচাহেব আম্বেদকাৰৰ নীতি অনুসৰণ কৰে"।তেওঁ কয়  "মই জাতি ব্যৱস্থাৰ বিৰোধী। কিন্তু বিজেপিয়ে নাথুৰাম গডছে, বীৰ সাভাৰকাৰ আৰু এম এছ গোলৱালকাৰৰ নীতি অনুসৰণ কৰে। মই আমাৰ সুৰক্ষাৰ উদ্দেশ্যৰে সংবিধান আৰু দেশৰ জনজাতীয়, দলিত আৰু সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষা কৰাৰ কথা কৈছিলো  ।" পাটেৰিয়াই কয় "মই সুধিব বিচাৰো যে বিজেপি নেতাসকলক তেওঁলোকৰ ভাষণত হিন্দু ৰাষ্ট্ৰৰ বিষয়ে মুকলিকৈ কোৱাৰ বাবে কেতিয়াও গ্ৰেপ্তাৰ কৰা নহয় কিয়? এয়া অসাংবিধানিক নহয় নেকি? তেওঁলোকে ধৰ্মৰ অপব্যৱহাৰ কৰে আৰু সাধুসকলক বিতৰ্কিত মন্তব্য দিবলৈ দিয়ে, কোনোক্ষেত্ৰতে কিন্তু কোনো ব্যৱস্থা লোৱা নহয়।" 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ