--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্থান,কাল পাত্ৰ সলনি হ’লেও আগৰ দৰেই আছে ইমৰান খান। শাসনত থকা সময়ছোৱাতো বহুবাৰ বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ইমৰান খানক। পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতো ইমৰানৰ অনাস্বাদিত মন্তব্য কৰাৰ অভ্যাস অব্যাহত আছে। এইবাৰ পুনৰ এক বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ইমৰান খানক। দেশখন 'চোৰ'ৰ হাতত হস্তান্তৰ কৰাতকৈ পাকিস্তানৰ ভূমিত পাৰমাণৱিক বোমা পৰা হ’লেই ভাল আছিল বুলি মন্তব্য ইমৰান খানৰ।

বানিগালাস্থিত তেওঁৰ বাসগৃহত সাংবাদিকৰ সৈতে কথা পাতি থাকোতে ইমৰানে এই মন্তব্য কৰে। তাহৰিক-ই-ইনচাফ দলৰ ছুপ্ৰিমক পাকিস্তানে যিদৰে 'চোৰৰ' হাতলৈ দেশখন হস্তান্তৰ কৰিছে এই দৃশ্য দেখাৰ পাছত কঁপি উঠিছিল বুলি কয় ইমৰানে। ইয়াৰ পাছতে হতাশ ইমৰানে তেনে লোকসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰাতকৈ পাকিস্তানৰ ভূমিত পাৰমাণৱিক বোমা পেলোৱা হ’লেই ভাল আছিল বুলি মন্তব্য কৰে।

ইমৰানৰ মতে, যিসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হৈছে তেওঁলোকে এতিয়া দেশৰ সকলো প্ৰতিষ্ঠান আৰু ন্যায়িক ব্যৱস্থা ধ্বংস কৰিব। এই অপৰাধীসকলৰ বিৰুদ্ধে  কোনটো চৰকাৰী সংগঠনে আগবাঢ়ি আহিব বুলিও প্ৰশ্ন ইমৰানৰ। ইমৰানৰ আচৰণৰ প্ৰতিক্ৰিয়াই উত্তেজিত কৰি তুলিছে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক। তেওঁৰ অভিযোগ, ‘ইমৰানে এনেদৰে চৰকাৰৰ প্ৰতিনিধিসকলক চোৰ, ডকাইত বুলি অভিহিত কৰি দেশৰ জনসাধাৰণৰ মনটো বাৰে বাৰে বিষাক্ত কৰি তুলিছে।’

লক্ষণীয় যে,  ক্ষমতা হেৰুওৱাৰ পিছতো ইমৰানক  বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল। যোৱা সপ্তাহত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে গাধৰ সৈতেও তুলনা কৰিছিল। তেওঁ কৈছিল, ‘মই মনে-প্ৰাণে এজন পাকিস্তানী। মোৰ বাবে কেতিয়াও এজন ব্ৰিটিছ বা ইংৰাজ হোৱাটো সম্ভৱ নহয়। যদি আপুনি গাধ এটাৰ শৰীৰত জেব্ৰাৰ ডিজাইন দিয়ে, তেতিয়া গাধ কেতিয়াও জেব্ৰা হৈ নাযায়।’ ইমৰানৰ এই বক্তব্যৰ সমালোচনা হৈছিল সৰ্বত্ৰে। এটা বিতৰ্কৰ সামৰণি নপৰোতেই আন এক বিতৰ্কিত মন্তব্যৰে পুনৰ সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে ইমৰান খানক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী