--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্থান,কাল পাত্ৰ সলনি হ’লেও আগৰ দৰেই আছে ইমৰান খান। শাসনত থকা সময়ছোৱাতো বহুবাৰ বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ইমৰান খানক। পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতো ইমৰানৰ অনাস্বাদিত মন্তব্য কৰাৰ অভ্যাস অব্যাহত আছে। এইবাৰ পুনৰ এক বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ইমৰান খানক। দেশখন 'চোৰ'ৰ হাতত হস্তান্তৰ কৰাতকৈ পাকিস্তানৰ ভূমিত পাৰমাণৱিক বোমা পৰা হ’লেই ভাল আছিল বুলি মন্তব্য ইমৰান খানৰ।

বানিগালাস্থিত তেওঁৰ বাসগৃহত সাংবাদিকৰ সৈতে কথা পাতি থাকোতে ইমৰানে এই মন্তব্য কৰে। তাহৰিক-ই-ইনচাফ দলৰ ছুপ্ৰিমক পাকিস্তানে যিদৰে 'চোৰৰ' হাতলৈ দেশখন হস্তান্তৰ কৰিছে এই দৃশ্য দেখাৰ পাছত কঁপি উঠিছিল বুলি কয় ইমৰানে। ইয়াৰ পাছতে হতাশ ইমৰানে তেনে লোকসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰাতকৈ পাকিস্তানৰ ভূমিত পাৰমাণৱিক বোমা পেলোৱা হ’লেই ভাল আছিল বুলি মন্তব্য কৰে।

ইমৰানৰ মতে, যিসকলৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হৈছে তেওঁলোকে এতিয়া দেশৰ সকলো প্ৰতিষ্ঠান আৰু ন্যায়িক ব্যৱস্থা ধ্বংস কৰিব। এই অপৰাধীসকলৰ বিৰুদ্ধে  কোনটো চৰকাৰী সংগঠনে আগবাঢ়ি আহিব বুলিও প্ৰশ্ন ইমৰানৰ। ইমৰানৰ আচৰণৰ প্ৰতিক্ৰিয়াই উত্তেজিত কৰি তুলিছে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক। তেওঁৰ অভিযোগ, ‘ইমৰানে এনেদৰে চৰকাৰৰ প্ৰতিনিধিসকলক চোৰ, ডকাইত বুলি অভিহিত কৰি দেশৰ জনসাধাৰণৰ মনটো বাৰে বাৰে বিষাক্ত কৰি তুলিছে।’

লক্ষণীয় যে,  ক্ষমতা হেৰুওৱাৰ পিছতো ইমৰানক  বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল। যোৱা সপ্তাহত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে গাধৰ সৈতেও তুলনা কৰিছিল। তেওঁ কৈছিল, ‘মই মনে-প্ৰাণে এজন পাকিস্তানী। মোৰ বাবে কেতিয়াও এজন ব্ৰিটিছ বা ইংৰাজ হোৱাটো সম্ভৱ নহয়। যদি আপুনি গাধ এটাৰ শৰীৰত জেব্ৰাৰ ডিজাইন দিয়ে, তেতিয়া গাধ কেতিয়াও জেব্ৰা হৈ নাযায়।’ ইমৰানৰ এই বক্তব্যৰ সমালোচনা হৈছিল সৰ্বত্ৰে। এটা বিতৰ্কৰ সামৰণি নপৰোতেই আন এক বিতৰ্কিত মন্তব্যৰে পুনৰ সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে ইমৰান খানক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?