--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰীল লাইফ নহয় ৰিয়েল লাইফতে বলীউড তাৰকাৰ প্ৰেম ! প্ৰেম -বিবাহৰ গল্পকথাৰে জীপাল হৈ পৰিছে বলীউড এৰিনা। কেট-বিকীৰ বিয়াখন হৈ যোৱাৰ পাছতে এইবাৰ খবৰ, সোণাক্ষীৰ প্ৰেমে দিঙা মেলিছে। অভিনেতা জাহিৰ ইকবালৰ সৈতে ডেটিঙত আছিল বুলি গুজব সৃষ্টি হৈছিল। অৱশ্যে, ইয়াক কেন্দ্ৰ কৰি কোনোধৰণৰ মন্তব্য কৰা নাছিল সোণাক্ষীয়ে। কিন্তু দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত প্ৰিয়জনৰ জন্মদিনৰ দিনা বহু কথাই প্ৰকাশ কৰিলে শত্ৰুঘ্ন তনয়াই। জন্মদিনৰ দিনা প্ৰিয় জাহিৰলৈ ইনষ্টাগ্ৰামত নীলাখামৰ চিঠিৰে সকলো গুপুত কথা ব্যক্ত কৰিলে সোণাক্ষীয়ে। চিঠিখনৰ আৰম্ভণিতে সোণাক্ষীয়ে লিখিছে, ‘এই পৃথিৱীত মোক আটাইতকৈ জ্বলাই থকা মানুহজনক জন্মদিনৰ শুভেচ্ছা।

এই মানুহজনৰ দৰে আন কোনোবা আছে নেকি! এইটো কেনেকৈ সম্ভৱ? একেটা সময়তে তুমি দুটা ভিন্ন ৰূপত মোৰ সৈতে কিদৰে থাকিব পাৰা? এই পৃথিৱীলৈ অহা বাবে ধন্যবাদ। শুভ জন্মদিন।’ পোষ্টটোৰ লগত দুখন ফটো শ্বেয়াৰ কৰিছে সোণাক্ষীয়ে। প্ৰথম ছবিত সোণাক্ষীৰ কান্ধত জাহিৰৰ হাত। কেমেৰাৰ পৰা চকু আঁতৰাই এক নিবিড় মুহূৰ্তত আনফালে চাই আছে দুয়ো। দ্বিতীয়খন ছবিত, তেওঁলোকে ভুৱা ঢাল-তৰোৱাল লৈ যুঁজত নামিছে দুয়ো। যেন দুয়ো দুয়োৰে চিৰ প্ৰতিদ্বন্দ্বী! সোণাক্ষীৰ প’ষ্টত চকু ফুৰাইছে জাহিৰেও। জাহিৰে লিখিছে, ‘তেওঁ মোৰ আটাইতকৈ ভাল বন্ধু। সেই তাহানিতেই ‘কুছ কুছ হোতা হ্যে’ ছবিখনত ‘প্যাৰ দোস্তি হ্যে…’ বুলি কোৱা হৈছিল। অৰ্থাৎ বন্ধুত্বই হৈছে প্ৰেম…। উল্লেখ্য যে, তেওঁলোকে এই সম্পৰ্কক বন্ধুত্বৰ ৰূপ দিব বিচাৰিলেও দুয়োৰে মাজত প্ৰেমৰ গোন্ধ পাইছে অনুৰাগীয়ে। কিন্তু সোণাক্ষীয়ে সঁচাকৈয়ে এই নায়কজনক মন দিছে নেকি? এই প্ৰশ্নটোক লৈয়ে বলীউডৰ পৰা অনুৰাগীমহললৈ লাগিছে তোলপাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ