--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰীল লাইফ নহয় ৰিয়েল লাইফতে বলীউড তাৰকাৰ প্ৰেম ! প্ৰেম -বিবাহৰ গল্পকথাৰে জীপাল হৈ পৰিছে বলীউড এৰিনা। কেট-বিকীৰ বিয়াখন হৈ যোৱাৰ পাছতে এইবাৰ খবৰ, সোণাক্ষীৰ প্ৰেমে দিঙা মেলিছে। অভিনেতা জাহিৰ ইকবালৰ সৈতে ডেটিঙত আছিল বুলি গুজব সৃষ্টি হৈছিল। অৱশ্যে, ইয়াক কেন্দ্ৰ কৰি কোনোধৰণৰ মন্তব্য কৰা নাছিল সোণাক্ষীয়ে। কিন্তু দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত প্ৰিয়জনৰ জন্মদিনৰ দিনা বহু কথাই প্ৰকাশ কৰিলে শত্ৰুঘ্ন তনয়াই। জন্মদিনৰ দিনা প্ৰিয় জাহিৰলৈ ইনষ্টাগ্ৰামত নীলাখামৰ চিঠিৰে সকলো গুপুত কথা ব্যক্ত কৰিলে সোণাক্ষীয়ে। চিঠিখনৰ আৰম্ভণিতে সোণাক্ষীয়ে লিখিছে, ‘এই পৃথিৱীত মোক আটাইতকৈ জ্বলাই থকা মানুহজনক জন্মদিনৰ শুভেচ্ছা।

এই মানুহজনৰ দৰে আন কোনোবা আছে নেকি! এইটো কেনেকৈ সম্ভৱ? একেটা সময়তে তুমি দুটা ভিন্ন ৰূপত মোৰ সৈতে কিদৰে থাকিব পাৰা? এই পৃথিৱীলৈ অহা বাবে ধন্যবাদ। শুভ জন্মদিন।’ পোষ্টটোৰ লগত দুখন ফটো শ্বেয়াৰ কৰিছে সোণাক্ষীয়ে। প্ৰথম ছবিত সোণাক্ষীৰ কান্ধত জাহিৰৰ হাত। কেমেৰাৰ পৰা চকু আঁতৰাই এক নিবিড় মুহূৰ্তত আনফালে চাই আছে দুয়ো। দ্বিতীয়খন ছবিত, তেওঁলোকে ভুৱা ঢাল-তৰোৱাল লৈ যুঁজত নামিছে দুয়ো। যেন দুয়ো দুয়োৰে চিৰ প্ৰতিদ্বন্দ্বী! সোণাক্ষীৰ প’ষ্টত চকু ফুৰাইছে জাহিৰেও। জাহিৰে লিখিছে, ‘তেওঁ মোৰ আটাইতকৈ ভাল বন্ধু। সেই তাহানিতেই ‘কুছ কুছ হোতা হ্যে’ ছবিখনত ‘প্যাৰ দোস্তি হ্যে…’ বুলি কোৱা হৈছিল। অৰ্থাৎ বন্ধুত্বই হৈছে প্ৰেম…। উল্লেখ্য যে, তেওঁলোকে এই সম্পৰ্কক বন্ধুত্বৰ ৰূপ দিব বিচাৰিলেও দুয়োৰে মাজত প্ৰেমৰ গোন্ধ পাইছে অনুৰাগীয়ে। কিন্তু সোণাক্ষীয়ে সঁচাকৈয়ে এই নায়কজনক মন দিছে নেকি? এই প্ৰশ্নটোক লৈয়ে বলীউডৰ পৰা অনুৰাগীমহললৈ লাগিছে তোলপাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু