--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নায়ক-নায়িকাই হাঁহিছে… নায়িকাই নায়কৰ দুগালত ছটিয়াইছে হালধীয়া ৰং। থৰ হৈ চাই ৰৈছে নকইনাৰ মুখলৈ, অপলক চাওনিৰে নায়কে চাইছে নায়িকাৰ মুখলৈ। অন্তহীন ভালপোৱাৰ প্লাবনত দুয়ো হাঁহিছে অবিৰাম। পৃথিৱীৰ সমস্ত ঘটনা-পৰিঘটনাক একাষৰীয়া কৰি নিজৰ মাজতেই যেন বিলীন হৈ পৰাৰ কি দুৰ্বাৰ হেপাঁহ দুয়োৰে। মুঠি মুঠিকৈ ইজনে-সিজনৰ বুকুত সিঁচি গৈছে হৃদয়ৰঙী ভালপোৱাৰ ৰং। এই প্ৰাককথনৰ ধাৰণা বুজি বলীউডৰ কোনো ছবিৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছে বুলি ভাবি ভুল নকৰিব। ইয়াত কোনো পৰিচালক নাই।

নাই লাইট-কেমেৰা-একচনৰ হেতাওপৰা। আছে মাথোঁ দুই নায়ক-নায়িকা। তেওঁলোক আন কোনো নহয়। নৱ বিবাহিতা দম্পতী বিকী কৌশল আৰু কেটৰিনা কাঈফ। বলীউডৰ এই ৰাজকীয় বিয়াখনৰ আনুষ্ঠানিকতাৰ যেন এতিয়াও সামৰণি পৰা নাই। ভিক্যাটে শেহতীয়াকৈ সামাজিক মাধ্যমত হালধিসনা বিৰল মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। ফটোখনত বন্দী হৈছে তাৰকা দম্পতীৰ ৰঙীন সময়। আত্মীয়সকলেও বিয়াৰ ৰীতি-নীতি অনুসৰি দৰা-কইনাক কৰি তুলিছে জীপাল। পিছপৰি ৰোৱা নাই কেটৰিনা। বিকীৰ গালত নকইনাই নিজেই সানি দিছে প্ৰেমৰ ৰহন। নকইনাৰ প্ৰেমত আত্মহাৰা ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ নায়ক বিকী।

এই অনিৰ্বচনীয় আনন্দৰ শেষ নোহোৱাৰে যেন কামনা দুই তাৰকাৰ। কিন্তু সময় কাৰো বাবে ৰৈ নাথাকে। বৈ যোৱাটোৱেই যেন প্ৰকৃতিৰ নিয়ম! কিছুদিন আগলৈকে ৰজনজনাই থকা ৰভাখনত এতিয়া হৈ পৰিছে নীৰৱ। এই নীৰৱতাৰ কোলাহলৰ মাজতে ভিক্যাটে বিচাৰি পাইছে নিজকে। কেটৰিনাৰ মৰমত উথলি উঠা বিকীয়ে প্ৰিয়জনৰ হৃদয়ত সিঁচি দিছে ভালপোৱাৰ গুটিফুল। কি আৱেদনময়ী, কি ৰোমাঞ্চকৰ এই স্বপ্নৰাগ। উল্লেখ্য যে, ভিক্যাটে বৃহস্পতিবাৰে ৰাজস্থানৰ ছিক্স ইন্দ্ৰিয় বৰৱাৰা ফ’ৰ্টত বিবাহ পাশত আবদ্ধ হৈছিল। কঠোৰ নিৰাপত্তাৰ মাজেৰে সফলভাৱে সামৰণি পৰে বলীউডৰ আগশাৰীৰ নায়ক-নায়িকাৰ বিবাহপৰ্ব। উপস্থিত অতিথিক বিবাহ অনুষ্ঠানত মোবাইল ফোন ব্যৱহাৰৰো অনুমতি দিয়া হোৱা নাছিল। তাৰে মাজতে শেহতীয়াকৈ কেটৰিনাই শ্বেয়াৰ কৰা ছবিবোৰে অনুৰাগীক কৰি তুলিছে ৰোমাঞ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ