--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূৰ্বৰ পৰম্পৰা ভংগ কৰি এইবাৰ পালন কৰা হ'ব ৭৩তম গণৰাজ্য দিৱস৷ অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ কৰা হ’ব। ৭৩ বছৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পূৰ্বৰ ১০ বজাৰ পৰিৱৰ্তে এইবাৰ ১০.৩০ বজাৰ পৰা প্ৰদৰ্শিত হ’ব পেৰেড। প্ৰতিৰক্ষা মন্ত্ৰালয়ে মূলতঃ ঘন কুঁৱলীৰ বাবে উন্নত দৃশ্যমানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় বুলি সদৰী কৰিছে। ইয়াৰোপৰি কৰ’না বিধি আৰু শ্ৰদ্ধাঞ্জলি সভাৰ বাবেও এই বছৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিলম্ব হ’ব। প্ৰথমে কাশ্মীৰত শ্বহীদ হোৱা নিৰাপত্তাকৰ্মীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ পাছতহে পেৰেড আৰম্ভ হ’ব। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ঘন কুঁৱলীৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দৰ্শকে ভালদৰে এই কুচকাৱাজ দেখাৰ সুবিধা লাভ কৰিব পৰাকৈ ৰাজপথৰ প্ৰতিটো ফালে পাঁচখন ডাঙৰ এলইডি স্ক্ৰীণ স্থাপন কৰা হ’ব। তদুপৰি ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ অতিথিৰ তালিকা হ্ৰাস কৰা হৈছে। দিল্লীৰ ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ প্ৰায় ২৪,০০০ লোকক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে বুলি জানিব পৰা গৈছে। পেৰেডত অংশগ্ৰহণ কৰিবলগা প্ৰায় ২৪,০০০ লোকৰ ভিতৰত ১৯,০০০ লোকক আমন্ত্ৰণ জনোৱা হৈছে আৰু বাকীসকলে টিকট ক্ৰয় কৰি অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি জনোৱা হৈছে। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গেটৰ ৰাজপথহৈ লালকিল্লা পেৰেড অনুষ্ঠান সমাপ্ত হ'ব, পেৰেডখন 8 কিলোমিটাৰ হ'ব। কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতি আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই তথ্য সোমবাৰে চৰকাৰী সূত্ৰৰ দ্বাৰা দিয়া হৈছিল। অৱশ্যে, এই বিষয়ত দিল্লী চৰকাৰৰ পৰা কোনো মন্তব্য দিয়া নাই৷ গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজ ১৯৫১ চনত আৰউইন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত, ১৯৫৫ চনৰ পৰা, প্ৰতি বছৰে, ৰাজপথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ আয়োজন কৰা হৈছিল। তেতিয়াৰ পৰা, প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা ৰাতিপুৱা ১০ বজাত ৰাজপথত কুচকাৱাজ অনুষ্ঠিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক