--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূৰ্বৰ পৰম্পৰা ভংগ কৰি এইবাৰ পালন কৰা হ'ব ৭৩তম গণৰাজ্য দিৱস৷ অহা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেড পূৰ্বতকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ কৰা হ’ব। ৭৩ বছৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পূৰ্বৰ ১০ বজাৰ পৰিৱৰ্তে এইবাৰ ১০.৩০ বজাৰ পৰা প্ৰদৰ্শিত হ’ব পেৰেড। প্ৰতিৰক্ষা মন্ত্ৰালয়ে মূলতঃ ঘন কুঁৱলীৰ বাবে উন্নত দৃশ্যমানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় বুলি সদৰী কৰিছে। ইয়াৰোপৰি কৰ’না বিধি আৰু শ্ৰদ্ধাঞ্জলি সভাৰ বাবেও এই বছৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিলম্ব হ’ব। প্ৰথমে কাশ্মীৰত শ্বহীদ হোৱা নিৰাপত্তাকৰ্মীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ পাছতহে পেৰেড আৰম্ভ হ’ব। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ঘন কুঁৱলীৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দৰ্শকে ভালদৰে এই কুচকাৱাজ দেখাৰ সুবিধা লাভ কৰিব পৰাকৈ ৰাজপথৰ প্ৰতিটো ফালে পাঁচখন ডাঙৰ এলইডি স্ক্ৰীণ স্থাপন কৰা হ’ব। তদুপৰি ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ অতিথিৰ তালিকা হ্ৰাস কৰা হৈছে। দিল্লীৰ ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ প্ৰায় ২৪,০০০ লোকক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে বুলি জানিব পৰা গৈছে। পেৰেডত অংশগ্ৰহণ কৰিবলগা প্ৰায় ২৪,০০০ লোকৰ ভিতৰত ১৯,০০০ লোকক আমন্ত্ৰণ জনোৱা হৈছে আৰু বাকীসকলে টিকট ক্ৰয় কৰি অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি জনোৱা হৈছে। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গেটৰ ৰাজপথহৈ লালকিল্লা পেৰেড অনুষ্ঠান সমাপ্ত হ'ব, পেৰেডখন 8 কিলোমিটাৰ হ'ব। কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতি আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই তথ্য সোমবাৰে চৰকাৰী সূত্ৰৰ দ্বাৰা দিয়া হৈছিল। অৱশ্যে, এই বিষয়ত দিল্লী চৰকাৰৰ পৰা কোনো মন্তব্য দিয়া নাই৷ গণতন্ত্ৰ দিৱসৰ প্ৰথম কুচকাৱাজ ১৯৫১ চনত আৰউইন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত, ১৯৫৫ চনৰ পৰা, প্ৰতি বছৰে, ৰাজপথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ আয়োজন কৰা হৈছিল। তেতিয়াৰ পৰা, প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা ৰাতিপুৱা ১০ বজাত ৰাজপথত কুচকাৱাজ অনুষ্ঠিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement