--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিভা থাকিলে এদিন তাৰ বিকাশ হ’বই।  নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশেৰে বহু ব্যক্তিয়ে বিশ্ব জয় কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। ক্ৰীড়া, মনোৰঞ্জন, বিজ্ঞান ইত্যাদি বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰে দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিভিন্নজনেমৃত শৰীৰৰ কোনো ধৰ্ম নাই, হাজাৰ হাজাৰ মৃতদেহ সৎকাৰ কৰিলে এজন চাইকেল মেকানিকে। শেহতীয়াকৈ, এজন চাইকেল মেকানিক হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু।  উত্তৰ প্ৰদেশৰ এজন সমাজসেৱক আৰু পেছাত চাইকেল মেকানিক, নাম মহম্মদ শ্বৰীফ। উত্তৰ প্ৰদেশত তেওঁক সকলোৱে চাচা বুলি সম্বোধন কৰে। শ্বৰীফ চাচাৰ ঘৰ উত্তৰপ্ৰদেশৰ ফাইজাবাদত। শ্বৰীফৰ জীৱন নানা কাৰুণ্যৰে ভৰা। উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এটি পথত শ্বৰীফৰ জ্যেষ্ঠ ল'ৰা মহম্মদ ৰাইছ খানক ১৯৯২ চনত দুৰ্বৃত্তই হত্যা কৰিছিল। কোনো সদাশয় ব্যক্তিৰ মহানুভৱতাৰ অভাৱত ৰাইছ খানৰ মৃতদেহটো পদপথতে পৰি আছিল। অৰ্ধগলিত অৱস্থাত তথা জীৱ-জন্তুয়ে খাই থকা অৱস্থাতহে শ্বৰীফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিজ পুত্ৰৰ নিঠৰদেহ। মানুহৰ এই অমানৱীয় অভব্য আচৰণে জীৱন সলনি কৰিলে শ্বৰীফৰ। তেতিয়াৰ পৰাই অন্তৰাত্মাত কষ্ট পোৱা শ্বৰীফে যিকোনো অচিনাক্ত মৃতদেহ দেখিলে অন্তিম সৎকাৰৰ ব্যৱস্থা কৰে। ৰাস্তা-ঘাটত, নলা-নৰ্দমাত  যিকোনো মুহুর্তত পৰি থকা অচিনাক্ত মৃতদেহ দেখা পালে শ্বৰীফে নিজে প্ৰশাসনক খবৰ দিয়ে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত তথা ৭২ ঘন্টা সময় অপেক্ষা কৰাৰ পাছতো যদিহে মৃতদেহটোৰ আত্মীয়ৰ কোনোধৰণৰ খবৰৰ সন্ধান নাপায় তেন্তে নিজেই অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে৷ ১৯৯২ চনৰ পৰা নিজৰ খৰচত এইদৰে ২৫ হাজাৰ অচিনাক্ত মৃতদেহ সৎকাৰ কৰে। কেতিয়াবা অৰ্থৰ সংকটত পৰা স্বত্বেও বিভিন্নজনৰ পৰা অৰ্থ সংগ্রহ কৰি অব্যাহত ৰাখিছিল তেওঁৰ এই মহানুভবতা। পেছাত এগৰাকী চাইকেল মেকানিকৰ এই মহানুভৱতাক শলাগ লয় সমগ্র দেশবাসীয়ে। শ্বৰীফে কয় মৃতদেহৰ কোনো পাপ নাই, মৃত্যু সংঘটিত কৰা ব্যক্তি তথা মৃত্যুক আকোঁৱালি ল'বলৈ বাধ্যকৰোৱা জনৰহে বেছি পাপ। সেই কাৰণে তেওঁ মৃতদেহবিলাকৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৎকাৰৰ ব্যৱস্থা কৰে। এই মহানুভৱতাৰ কাৰণে ২০২০ চনৰ ২৬ জানুৱাৰীত কেন্দ্রীয় চৰকাৰে পদ্মশ্রী বঁটাৰে সন্মানিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ