--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিভা থাকিলে এদিন তাৰ বিকাশ হ’বই।  নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশেৰে বহু ব্যক্তিয়ে বিশ্ব জয় কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। ক্ৰীড়া, মনোৰঞ্জন, বিজ্ঞান ইত্যাদি বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰে দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিভিন্নজনেমৃত শৰীৰৰ কোনো ধৰ্ম নাই, হাজাৰ হাজাৰ মৃতদেহ সৎকাৰ কৰিলে এজন চাইকেল মেকানিকে। শেহতীয়াকৈ, এজন চাইকেল মেকানিক হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু।  উত্তৰ প্ৰদেশৰ এজন সমাজসেৱক আৰু পেছাত চাইকেল মেকানিক, নাম মহম্মদ শ্বৰীফ। উত্তৰ প্ৰদেশত তেওঁক সকলোৱে চাচা বুলি সম্বোধন কৰে। শ্বৰীফ চাচাৰ ঘৰ উত্তৰপ্ৰদেশৰ ফাইজাবাদত। শ্বৰীফৰ জীৱন নানা কাৰুণ্যৰে ভৰা। উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এটি পথত শ্বৰীফৰ জ্যেষ্ঠ ল'ৰা মহম্মদ ৰাইছ খানক ১৯৯২ চনত দুৰ্বৃত্তই হত্যা কৰিছিল। কোনো সদাশয় ব্যক্তিৰ মহানুভৱতাৰ অভাৱত ৰাইছ খানৰ মৃতদেহটো পদপথতে পৰি আছিল। অৰ্ধগলিত অৱস্থাত তথা জীৱ-জন্তুয়ে খাই থকা অৱস্থাতহে শ্বৰীফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিজ পুত্ৰৰ নিঠৰদেহ। মানুহৰ এই অমানৱীয় অভব্য আচৰণে জীৱন সলনি কৰিলে শ্বৰীফৰ। তেতিয়াৰ পৰাই অন্তৰাত্মাত কষ্ট পোৱা শ্বৰীফে যিকোনো অচিনাক্ত মৃতদেহ দেখিলে অন্তিম সৎকাৰৰ ব্যৱস্থা কৰে। ৰাস্তা-ঘাটত, নলা-নৰ্দমাত  যিকোনো মুহুর্তত পৰি থকা অচিনাক্ত মৃতদেহ দেখা পালে শ্বৰীফে নিজে প্ৰশাসনক খবৰ দিয়ে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত তথা ৭২ ঘন্টা সময় অপেক্ষা কৰাৰ পাছতো যদিহে মৃতদেহটোৰ আত্মীয়ৰ কোনোধৰণৰ খবৰৰ সন্ধান নাপায় তেন্তে নিজেই অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে৷ ১৯৯২ চনৰ পৰা নিজৰ খৰচত এইদৰে ২৫ হাজাৰ অচিনাক্ত মৃতদেহ সৎকাৰ কৰে। কেতিয়াবা অৰ্থৰ সংকটত পৰা স্বত্বেও বিভিন্নজনৰ পৰা অৰ্থ সংগ্রহ কৰি অব্যাহত ৰাখিছিল তেওঁৰ এই মহানুভবতা। পেছাত এগৰাকী চাইকেল মেকানিকৰ এই মহানুভৱতাক শলাগ লয় সমগ্র দেশবাসীয়ে। শ্বৰীফে কয় মৃতদেহৰ কোনো পাপ নাই, মৃত্যু সংঘটিত কৰা ব্যক্তি তথা মৃত্যুক আকোঁৱালি ল'বলৈ বাধ্যকৰোৱা জনৰহে বেছি পাপ। সেই কাৰণে তেওঁ মৃতদেহবিলাকৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৎকাৰৰ ব্যৱস্থা কৰে। এই মহানুভৱতাৰ কাৰণে ২০২০ চনৰ ২৬ জানুৱাৰীত কেন্দ্রীয় চৰকাৰে পদ্মশ্রী বঁটাৰে সন্মানিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম