--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তামিলনাডুৰ এক দম্পতীয়ে ডিজিটেল মাধ্যমেৰে তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনা আয়োজন কৰিবলৈ সাজু হৈছে। তামিলনাডুৰ শিৱলিঙ্গপুৰম গাঁৱত ফেব্ৰুৱাৰীৰ প্ৰথম দেওবাৰে দীনেশ এছ পি আৰু জনগণানন্দিনী ৰামাস্বামীৰ বিবাহ অনুষ্ঠান সম্পন্ন হ'ব আৰু তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠানটো সম্পূৰ্ণ ডিজিটেলভাৱে আয়োজন কৰা হ'ব, য’ত কোনো অতিথি নাথাকিব। বিবাহ অনুষ্ঠানৰ বাবে, দম্পতীটোৱে তেওঁলোকৰ হগৱাৰ্টছ-থীমযুক্ত অভ্যৰ্থনাৰ বাবে এক ভাৰ্চুৱেল টেকন’লজীৰ মাধ্যমেৰে অতিথিসকলক প্ৰৱেশ কৰোৱাব আৰু এই কাম এটা লেপটপৰ দ্বাৰা সম্পন্ন হ’ব, য'ত তেওঁলোকৰ বিশ্বৰ বিভিন্ন স্থানৰ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰিব। দীনেশ এছপিয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে তেওঁৰ বিবাহৰ অভ্যৰ্থনা কেনেকুৱা হ'ব, তেওঁ উল্লেখ কৰিছে যে এইখন ভাৰতৰ প্ৰথম অতিথি অবিহনে অনুষ্ঠিত হোৱা বিবাহ হ'ব। জংগনন্দিনী এগৰাকী ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু দীনেশে আইআইটি মাদ্ৰাজত প্ৰকল্প সহযোগী হিচাপে কাম কৰে। দীনেশে তেওঁৰ বিয়াৰ বাবে এক ব্যতিক্ৰমী চিন্তাৰে অভ্যৰ্থনাৰ কথা ভাবিছিলোঁ আৰু তেওঁৰ এই পৰিকল্পনাটোৰ বিষয়ে তেওঁৰ বাগদত্তাক জনাইছিল, তেওঁৰ সংগীয়েও এই পৰিকল্পনাটো ভাল পাইছিল আৰু দুয়োৰে সহমতত এনেদৰে অনুষ্ঠান পাতিবলৈ থিৰাং কৰিছে। দীনেশে ক্ৰিপ্টো আৰু ব্লকচেইন প্ৰযুক্তিৰ সৈতে পূৰ্বৰে পৰা জড়িত আছিল আৰু যোৱা বছৰৰ পৰা তেওঁ ইয়াৰ ওপৰত বহুতো কাম কৰিছে। ব্লকচেইন হৈছে মেটাভাৰ্চৰ মৌলিক কৌশল, য'ত এটা অপৰিৱৰ্তনীয় ক্ৰিপ্টোগ্ৰাফিক স্বাক্ষৰৰ সৈতে ৰেকৰ্ড কৰা হয় যাক হেছ বুলি কোৱা হয়। দীনেশে বিশ্বাস কৰে যে, তেওঁ সদায় ব্লকচেইনৰ বিষয়ে কৌতূহলী আছিল আৰু ব্লক চেইনৰ নীতিয়ে ভাৰ্চুৱেল পৃথিৱীৰ ধাৰণাটোৰ আঁৰত কাম কৰে। যিহেতু দম্পতীহালে প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত অৰ্থাৎ ভাৰ্চুৱেলীয়ে লগ পাইছিল। তেনে ক্ষেত্ৰত, তেওঁ অনুভৱ কৰিছিল যে বিবাহৰ অভ্যৰ্থনা কৰাৰ বাবে ইয়াতকৈ আৰু কোনো ভাল উপায় থাকিব নোৱাৰে আৰু কৰ’না মহামাৰীৰ সময়ত ই সকলোৰে বাবে উপযুক্ত হ’ব। তাৎপৰ্যপূৰ্ণভাৱে, মেটাভাৰ্ছ হৈছে এক ভাৰ্চুৱেল ৰিয়েলিটীৰ পৃথিৱী য'ত ব্যৱহাৰকাৰীসকলে লাইভ হৈ ডিজিটেল অৱতাৰৰ জৰিয়তে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিব পাৰে।   টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে তেওঁৰ বিবাহৰ অভ্যৰ্থনা কেনেকুৱা হ'ব, ভিডিঅ’টো চাবলৈ লিংকটোত ক্লিক কৰক- https://twitter.com/kshatriyan2811/status/1480739883681415169?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1480739883681415169%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Findianexpress.com%2Farticle%2Ftrending%2Ftrending-in-india%2Ftamil-nadu-couple-to-host-wedding-reception-in-metaverse-7728255%2F

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ