--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তামিলনাডুৰ এক দম্পতীয়ে ডিজিটেল মাধ্যমেৰে তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনা আয়োজন কৰিবলৈ সাজু হৈছে। তামিলনাডুৰ শিৱলিঙ্গপুৰম গাঁৱত ফেব্ৰুৱাৰীৰ প্ৰথম দেওবাৰে দীনেশ এছ পি আৰু জনগণানন্দিনী ৰামাস্বামীৰ বিবাহ অনুষ্ঠান সম্পন্ন হ'ব আৰু তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠানটো সম্পূৰ্ণ ডিজিটেলভাৱে আয়োজন কৰা হ'ব, য’ত কোনো অতিথি নাথাকিব। বিবাহ অনুষ্ঠানৰ বাবে, দম্পতীটোৱে তেওঁলোকৰ হগৱাৰ্টছ-থীমযুক্ত অভ্যৰ্থনাৰ বাবে এক ভাৰ্চুৱেল টেকন’লজীৰ মাধ্যমেৰে অতিথিসকলক প্ৰৱেশ কৰোৱাব আৰু এই কাম এটা লেপটপৰ দ্বাৰা সম্পন্ন হ’ব, য'ত তেওঁলোকৰ বিশ্বৰ বিভিন্ন স্থানৰ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰিব। দীনেশ এছপিয়ে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে তেওঁৰ বিবাহৰ অভ্যৰ্থনা কেনেকুৱা হ'ব, তেওঁ উল্লেখ কৰিছে যে এইখন ভাৰতৰ প্ৰথম অতিথি অবিহনে অনুষ্ঠিত হোৱা বিবাহ হ'ব। জংগনন্দিনী এগৰাকী ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰু দীনেশে আইআইটি মাদ্ৰাজত প্ৰকল্প সহযোগী হিচাপে কাম কৰে। দীনেশে তেওঁৰ বিয়াৰ বাবে এক ব্যতিক্ৰমী চিন্তাৰে অভ্যৰ্থনাৰ কথা ভাবিছিলোঁ আৰু তেওঁৰ এই পৰিকল্পনাটোৰ বিষয়ে তেওঁৰ বাগদত্তাক জনাইছিল, তেওঁৰ সংগীয়েও এই পৰিকল্পনাটো ভাল পাইছিল আৰু দুয়োৰে সহমতত এনেদৰে অনুষ্ঠান পাতিবলৈ থিৰাং কৰিছে। দীনেশে ক্ৰিপ্টো আৰু ব্লকচেইন প্ৰযুক্তিৰ সৈতে পূৰ্বৰে পৰা জড়িত আছিল আৰু যোৱা বছৰৰ পৰা তেওঁ ইয়াৰ ওপৰত বহুতো কাম কৰিছে। ব্লকচেইন হৈছে মেটাভাৰ্চৰ মৌলিক কৌশল, য'ত এটা অপৰিৱৰ্তনীয় ক্ৰিপ্টোগ্ৰাফিক স্বাক্ষৰৰ সৈতে ৰেকৰ্ড কৰা হয় যাক হেছ বুলি কোৱা হয়। দীনেশে বিশ্বাস কৰে যে, তেওঁ সদায় ব্লকচেইনৰ বিষয়ে কৌতূহলী আছিল আৰু ব্লক চেইনৰ নীতিয়ে ভাৰ্চুৱেল পৃথিৱীৰ ধাৰণাটোৰ আঁৰত কাম কৰে। যিহেতু দম্পতীহালে প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত অৰ্থাৎ ভাৰ্চুৱেলীয়ে লগ পাইছিল। তেনে ক্ষেত্ৰত, তেওঁ অনুভৱ কৰিছিল যে বিবাহৰ অভ্যৰ্থনা কৰাৰ বাবে ইয়াতকৈ আৰু কোনো ভাল উপায় থাকিব নোৱাৰে আৰু কৰ’না মহামাৰীৰ সময়ত ই সকলোৰে বাবে উপযুক্ত হ’ব। তাৎপৰ্যপূৰ্ণভাৱে, মেটাভাৰ্ছ হৈছে এক ভাৰ্চুৱেল ৰিয়েলিটীৰ পৃথিৱী য'ত ব্যৱহাৰকাৰীসকলে লাইভ হৈ ডিজিটেল অৱতাৰৰ জৰিয়তে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিব পাৰে।   টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰি বৰ্ণনা কৰিছে যে তেওঁৰ বিবাহৰ অভ্যৰ্থনা কেনেকুৱা হ'ব, ভিডিঅ’টো চাবলৈ লিংকটোত ক্লিক কৰক- https://twitter.com/kshatriyan2811/status/1480739883681415169?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1480739883681415169%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Findianexpress.com%2Farticle%2Ftrending%2Ftrending-in-india%2Ftamil-nadu-couple-to-host-wedding-reception-in-metaverse-7728255%2F

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম