--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে ১ এপ্ৰিলত মূৰ্খ দিৱস অৰ্থাৎ ‘এপ্ৰিল ফুল দিৱস’ পালন কৰা হয়। এই দিনটোত মানুহে বন্ধু-বান্ধৱী, ঘনিষ্ঠ বা পৰিয়ালৰ সদস্যক মিছা কথাৰে মূৰ্খ বনাই। মানুহৰ লগত প্ৰেংক বা কৌতুক খেলাৰ পাছতে উত্তেজনাত এপ্ৰিল ফুল দিৱস বুলি চিঞৰি উঠে । ইয়াৰ আগতে এই দিৱস কেৱল ফ্ৰান্স আৰু ইউৰোপৰ আন কিছুমান দেশতহে পালন কৰা হৈছিল যদিও লাহে লাহে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত এপ্ৰিল ফুল দিৱস পালন কৰিবলৈ আৰম্ভ কৰে। ‘এপ্ৰিল ফুল দিৱস উদযাপনৰ আঁৰত বহু কাহিনী প্ৰচলিত। এই দিনটোৰ ইতিহাস জানো আহক।

যদিও ১ এপ্ৰিলত কিয় এপ্ৰিল ফুল দিৱস পালন কৰা হয় তাৰ কোনো সুদৃঢ় প্ৰমাণ নাই যদিও ইয়াৰ বিষয়ে বহু কাহিনী প্ৰচলিত। ইয়াৰে এক কাহিনী মতে ১৩৮১ চনৰ পৰা এপ্ৰিল ফুল দিৱস আৰম্ভ হৈছিল। কোৱা হয় যে সেই সময়ত ৰজা ৰিচাৰ্ড জয়ী আৰু বোহেমিয়াৰ ৰাণী এন্নে ১৩৮১ চনৰ ৩২ মাৰ্চত তেওঁলোকৰ এংগেজমেণ্ট হ’ব বুলি ঘোষণা কৰিছিল। এংগেজমেণ্টৰ খবৰ শুনি জনসাধাৰণ সুখী হৈছিল যদিও ১৩৮১ চনৰ ৩১ মাৰ্চত মানুহে বুজি পাইছিল যে ৩২ মাৰ্চ তাৰিখ নাইয়েই। ইয়াৰ পিছত মানুহে বুজি পালে যে তেওঁলোকক বুৰ্বক বনোৱা হৈছে। কোৱা হয় যে তেতিয়াৰ পৰাই ৩২ মাৰ্চ অৰ্থাৎ ১ এপ্ৰিল দিনটো মূৰ্খ দিৱস হিচাপে পালন কৰা হৈছিল। কিছুমান কাহিনী অনুসৰি এপ্ৰিল ফুল দিৱস ইতিমধ্যে ১৩৯২ চনৰ পৰা আৰম্ভ হৈছিল।

কিছুমান কাহিনী অনুসৰি ইউৰোপৰ দেশসমূহত এপ্ৰিলৰ ১তাৰিখে নৱবৰ্ষ উদযাপন কৰা হৈছিল। কিন্তু, যেতিয়া পোপ গ্ৰেগৰী ১৩য়ে নতুন কেলেণ্ডাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া ১ জানুৱাৰীৰ পৰা নতুন বছৰটো উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। একাংশ লোকে এতিয়াও ১ এপ্ৰিলৰ দিনটোতে নতুন বছৰ উদযাপন কৰি আছিল। তেতিয়া এনে মানুহক মূৰ্খ বুলি গণ্য কৰি ঠাট্টা কৰা হ’ল। এইদৰেই আৰম্ভ হ’ল এপ্ৰিল ফুল দিৱস। কিন্তু ১৯ শতিকাৰ ভিতৰত এপ্ৰিল ফুল দিৱস যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
সমগ্ৰ বিশ্বতে ১ এপ্ৰিলত এপ্ৰিল ফুল দিৱস উদযাপনৰ বিভিন্ন ধৰণ। যদি আমি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড আৰু আফ্ৰিকান দেশৰ কথা কওঁ, তেন্তে তাত এপ্ৰিল ফুল দিৱস কেৱল ১২ বজালৈকেহে পালন কৰা হয়। একে সময়তে কানাডা, আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ অন্যান্য দেশত ১ এপ্ৰিলত গোটেই দিনটো এপ্ৰিল ফুল দিৱস পালন কৰা হয়। কিছু খবৰ অনুসৰি ভাৰতত এই দিনটো ১৯ শতিকাত ইংৰাজে আৰম্ভ কৰিছিল। আজিৰ সময়ত ভাৰততো এই দিনটোত মানুহে আপোনাজন, পৰিয়াল অথবা বন্ধু বান্ধবী লগত ধেমালি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement