ডিজিটেল ডেস্কঃ বয়সৰ ওপৰত প্ৰেম নিৰ্ভৰ নকৰে! কিন্তু এই কাহিনীটোত অসমবয়সী প্ৰেমৰ বাবে জেললৈ যাবলগীয়া হৈছিল এগৰাকী নাৰী। এগৰাকী ৩৪ বছৰীয়া শিক্ষয়িত্ৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল ১২ বছৰীয়া এগৰাকী ছাত্ৰৰ সৈতে। মেৰী কে লেট’ৰন’ আৰু উইলি ফ’য়াল’ৰ কাহিনীয়ে এসময়ত আলোড়নৰ সৃষ্টি কৰিছিল।
মেৰী আমেৰিকাৰ ছিয়াটলত এগৰাকী শিক্ষয়িত্ৰী আছিল। স্বামী আৰু ৪টা সন্তানৰ সৈতে তাইৰ এটা সম্পূৰ্ণ পৰিয়াল আছিল। কিন্তু এটা সময়ত মেৰীয়ে উপলব্ধি কৰিলে যে তেওঁৰ স্বামী ষ্টিভ লেট’ৰ্ন’ৰ সৈতে তেওঁৰ বৈবাহিক বন্ধন শিথিল হৈ পৰিছে।
বিবাহিত জীৱনৰ এই অস্থিৰতাৰ সময়ত মেৰীৰ জীৱনত ধুমুহাৰ সৃষ্টি কৰে উইলি ফুয়ালাউ নামৰ এজন ছাত্ৰই। উইলি শ্ব’ৰউডৰ এখন বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল। তেতিয়াৰ পৰাই মেৰীয়ে উইলিক চিনি পাইছিল। পিছলৈ যেতিয়া উইলিয়ে ষষ্ঠ শ্ৰেণীত উত্তীৰ্ণ হ’ল, তেতিয়া মেৰীয়ে তেওঁক ছাত্ৰ হিচাপে পায়।
১৯৯৬ চন। সেই বছৰতে ৩৪ বছৰীয়া মেৰীয়ে ১২ বছৰ বয়সীয়া ছাত্ৰ উইলিৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। কিছুদিনৰ ভিতৰতে যৌন সম্পৰ্কতো সোমাই পৰিছিল। কিন্তু শিক্ষক আৰু কিশোৰ ছাত্ৰৰ মাজত থকা এই ৰসায়নক আইনে সুদৃষ্টিৰে নাচালে।
সেই সময়তে আৰক্ষীয়ে এবাৰ এখন গাড়ীৰ ভিতৰত সংগমৰত অৱস্থাতে তেওঁলোকক হাতে লোটে ধৰা পেলায়। কিন্তু নিজকে বচাবলৈ আৰক্ষীক মিছা কথা কয় দুয়ো। আনকি তেওঁলোকৰ প্ৰকৃত নামো আৰক্ষীক জনোৱা নাছিল। মেৰীয়ে সেই সময়ত আৰক্ষীক জনাইছিল যে উইলিৰ বয়স ১৮ বছৰ।
মেৰীয়ে সেই সময়ত আৰক্ষীক জনাইছিল যে তেওঁৰ স্বামীৰ লগত সমস্যা হৈছে। উইলি তেওঁলোকৰ পৰিয়ালৰ বন্ধু। উইলি তেওঁলোকৰ ঘৰতে আছিল। স্বামীৰ সৈতে হোৱা কাজিয়াৰ সাক্ষী হৈ উইলি। কাজিয়া দেখি উইলি হতাশ হৈ সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছিল। মেৰীয়ে ক’লে যে সি ঘৰৰ পৰা উলাই অহাৰ পাছত তাই তাক গাড়ীৰ ভিতৰত পায়। অৱশ্যে মেৰীৰ কথাত পুলিচ পতিয়ন যোৱা নাছিল।
মেৰী আৰু উইলিক থানালৈ লৈ যোৱা হয়। উইলিৰ মাকক মতা হয়। উইলিৰ মাকৰ কথা মতেই তেওঁলোকক মুকলি কৰি দিয়া হৈছে। কিন্তু সেই সময়ত উইলিৰ মাকে গম পোৱা নাছিল যে তেওঁৰ পুত্ৰই মেৰীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছে।
সেইবাৰলৈ মেৰী আৰু উইলিয়ে আৰক্ষীৰ পৰা বাচি যায় যদিও পিছত তেওঁলোকৰ প্ৰেম কাহিনী উন্মোচিত হয়। মেৰীৰ স্বামীৰ এজন বন্ধুৱে এই বিষয়ে আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছত ১৯৯৭ চনৰ ৪ মাৰ্চত মেৰীক গ্ৰেপ্তাৰ কৰা হয়। কিশোৰগৰাকীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় মেৰী। সেই বছৰৰ ২৯ মে’ত মেৰীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। শিশুটিৰ পিতৃৰ নাম উইলি।
এই গোচৰত আদালতে মেৰীক সাড়ে ৬ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। তাইৰ আবেদনৰ ভিত্তিত মেৰীৰ শাস্তি পেৰ’ল কৰা হৈছিল। মেৰীয়ে আবেদনখনত উল্লেখ কৰিছে যে উইলি আৰু তেওঁৰ ৫টা সন্তানৰ সৈতে তেওঁৰ কোনো ধৰণৰ যোগাযোগ নাথাকিব।
কিন্তু মেৰীয়ে সেই চৰ্ত ভংগ কৰিলে। ২ সপ্তাহ কাৰাগাৰত থকাৰ পিছত ১৯৯৮ চনত পেৰ’লত মুকলি কৰি দিয়া হয় মেৰী। সেই সময়ত পুনৰ এখন গাড়ীত মেৰী আৰু উইলিক পোৱা গৈছিল। উইলিয়ে আৰক্ষীৰ আগত দাবী কৰিছিল যে তেওঁলোকে কেৱল চুমা খাইছে, যৌন সম্পৰ্ক স্থাপন কৰা নাই। আৰক্ষীয়ে দাবী কৰে যে পেৰ’লত মুকলি হোৱাৰ পিছতো মেৰী আৰু উইলিয়ে কেইবাবাৰো লগ হৈছিল।
১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত মেৰীৰ আবেদন আদালতে প্ৰত্যাহাৰ কৰে। আদালতে তেওঁক সাড়ে ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
দ্বিতীয়বাৰৰ বাবে জেললৈ যোৱাৰ পিছত ১৯৯৮ চনৰ ১৬ অক্টোবৰত মেৰীয়ে আন এগৰাকী কন্যা সন্তান জন্ম দিয়ে। সেই শিশুটিও উইলিৰ। সেই সময়ত শিক্ষয়িত্ৰী আৰু ছাত্ৰৰ এই প্ৰেম কাহিনী আমেৰিকাত জনপ্ৰিয় হৈ পৰে।
এই খবৰ পোহৰলৈ অহাৰ পিছত উইলিয়ে বিদ্ৰুপৰ সন্মুখীন হ’বলগীয়া হৈছিল। পঢ়াৰ মাজভাগতে স্কুল এৰি থৈ গ'ল। উইলিৰ মাকে তাৰ ছোৱালী দুজনীক নিজৰ লগতে ৰাখিছিল। উইলি ক্ৰমান্বয়ে হতাশ হৈ পৰিল। ১৯৯৯ চনৰ মাৰ্চ মাহত তেওঁ আত্মহত্যাৰো চেষ্টা কৰিছিল।
২০০৪ চনত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল মেৰী। তাৰ পিছত অতি সোনকালেই মেৰী আৰু উইলিৰ প্ৰেমৰ সম্পৰ্কই সফলতা লাভ কৰে। সেই সময়ত উইলিৰ বয়স আছিল ২১ বছৰ। ২০০৫ চনৰ ২০ মে’ত তেওঁলোকৰ বিবাহ হয়। তেওঁলোকৰ বিয়াৰ ছবি বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছিল।
কিন্তু সেই সম্পৰ্ক স্থায়ী নহ’ল। বিবাহৰ ১২ বছৰ পিছত ২০১৭ চনৰ ৯ মে’ত উইলিয়ে মেৰীৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰে। অৱশ্যে পিছত প্ৰত্যাহাৰ কৰে। সেই সময়ত উইলীয়ে ডিস্ক’ জকী হিচাপে কাম কৰি আছিল। মেৰীয়ে আইনী সহায়িকা হিচাপে কাম কৰিছিল।
বিচ্ছেদৰ কথা ঘোষণা কৰি প্ৰত্যাহাৰ কৰাৰ পিছতো উইলি আৰু মেৰীৰ সম্পৰ্কৰ মাজৰ বিভাজন সমাধান নহ’ল। ২০১৯ চনৰ আগষ্ট মাহত তেওঁলোক আইনগতভাৱে পৃথক হয়। অৱশ্যে উইলিয়ে কয় যে মেৰীৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ কোনো ৰাজহুৱা লাজ নাই। লগতে তেওঁ কয় যে তেওঁ নিৰ্যাতনৰ বলি হোৱা নাছিল।
পিছৰ বছৰত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মেৰীৰ মৃত্যু হয়। বয়স আছিল ৫৮ বছৰ। বিচ্ছেদ হোৱাৰ পিছতো সেই সময়ত উইলি মেৰীৰ কাষত আছিল। সিহঁতৰ প্ৰেমৰ অধ্যায়ৰ অন্ত পৰে। কিন্তু মেৰী আৰু উইলিৰ উত্তাল প্ৰেম কাহিনী এতিয়াও চৰ্চাত থাকে।