--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰদিনলৈ হেৰাই গ'ল এক উজ্জ্বল প্ৰতিভা। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি অৱশেষত এই সংসাৰৰ পৰা বিদায় মাগিলে বেলজিয়ামৰ তাৰকা ফুটবলাৰ মিগুৱেল ভান দাম্মে। মাত্ৰ ২৮ বছৰ বয়সতে সকলোকে কন্দুৱাই গুচি গ'ল মিগুৱেল। তেজৰ কৰ্কট ৰোগ অৰ্থাৎ লিউকোপেনিয়াত আক্ৰান্ত আছিল ফুটবলাৰগৰাকী। ২০১৬/১৭ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত মিগুৱেল ভান দাম্মেৰ দেহত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰিছিল আৰু ইয়াৰ পাছত পাঁচ বছৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল মিগুৱেলে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ফুটবলাৰ গৰাকীয়ে। মৃত্যুৰ সময়ত ফুটবলাৰ গৰাকীয়ে ইহ সংসাৰত পত্নী য়ানা দোব্বেলাইৰে আৰু কেমিলি নামৰ এটি ১০ মহীয়া কন্যা শিশুক এৰি থৈ যায়। বেলজিয়ামৰ বহু কেইগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ ফুটবলাৰেও যুৱ ফুটবলাৰ গৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। ফুটবলাৰগৰাকীৰ ক্লাৱ কাৰ্কলে ব্ৰুগে মিগুৱেল ভান দাম্মেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। মিগুৱেল ভান দাম্মেৰ বিয়োগৰ পাছত ইনষ্টাগ্ৰামত পত্নী য়ানাই এইদৰে লিখে-"আমাৰ আটাইতকৈ মৰমৰ ডাৰ্লিং, দেউতাই যোৱা নিশা তেওঁৰ অন্তিমখন খেলৰ বাবে ৰাওনা হৈছিল, যিখন মেচ তেওঁ জিকিব নোৱাৰিলে। য়ানাই লগতে লিখিছিল-"তুমি সিংহৰ দৰে যুঁজিছিলা। তুমি যি আছিলা তাৰ বাবে আমি বহুত কৃতজ্ঞ। তুমি বহুতৰ বাবে এক উদাহৰণ। তুমি মোক উপলব্ধি কৰাইছা যে সহজে একো এৰি দিব নালাগে। তুমি সফলতাৰ এক উজ্জ্বল পোহৰ আছিলা। এতিয়া তুমি বিশ্ৰাম লোৱা, তুমি এতিয়া সকলো বিষৰ পৰা মুক্ত হ'লা। পাছত তোমাক লগ পাম।" আৰু পঢ়কঃ ‘জীনা ইচি কা নাম হে’! এসময়ৰ কলেজৰ ইংৰাজী প্ৰৱক্তাই এতিয়া হাঁহি হাঁহি চলায় অটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক