--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰদিনলৈ হেৰাই গ'ল এক উজ্জ্বল প্ৰতিভা। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি অৱশেষত এই সংসাৰৰ পৰা বিদায় মাগিলে বেলজিয়ামৰ তাৰকা ফুটবলাৰ মিগুৱেল ভান দাম্মে। মাত্ৰ ২৮ বছৰ বয়সতে সকলোকে কন্দুৱাই গুচি গ'ল মিগুৱেল। তেজৰ কৰ্কট ৰোগ অৰ্থাৎ লিউকোপেনিয়াত আক্ৰান্ত আছিল ফুটবলাৰগৰাকী। ২০১৬/১৭ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত মিগুৱেল ভান দাম্মেৰ দেহত কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰিছিল আৰু ইয়াৰ পাছত পাঁচ বছৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল মিগুৱেলে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ফুটবলাৰ গৰাকীয়ে। মৃত্যুৰ সময়ত ফুটবলাৰ গৰাকীয়ে ইহ সংসাৰত পত্নী য়ানা দোব্বেলাইৰে আৰু কেমিলি নামৰ এটি ১০ মহীয়া কন্যা শিশুক এৰি থৈ যায়। বেলজিয়ামৰ বহু কেইগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ ফুটবলাৰেও যুৱ ফুটবলাৰ গৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। ফুটবলাৰগৰাকীৰ ক্লাৱ কাৰ্কলে ব্ৰুগে মিগুৱেল ভান দাম্মেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। মিগুৱেল ভান দাম্মেৰ বিয়োগৰ পাছত ইনষ্টাগ্ৰামত পত্নী য়ানাই এইদৰে লিখে-"আমাৰ আটাইতকৈ মৰমৰ ডাৰ্লিং, দেউতাই যোৱা নিশা তেওঁৰ অন্তিমখন খেলৰ বাবে ৰাওনা হৈছিল, যিখন মেচ তেওঁ জিকিব নোৱাৰিলে। য়ানাই লগতে লিখিছিল-"তুমি সিংহৰ দৰে যুঁজিছিলা। তুমি যি আছিলা তাৰ বাবে আমি বহুত কৃতজ্ঞ। তুমি বহুতৰ বাবে এক উদাহৰণ। তুমি মোক উপলব্ধি কৰাইছা যে সহজে একো এৰি দিব নালাগে। তুমি সফলতাৰ এক উজ্জ্বল পোহৰ আছিলা। এতিয়া তুমি বিশ্ৰাম লোৱা, তুমি এতিয়া সকলো বিষৰ পৰা মুক্ত হ'লা। পাছত তোমাক লগ পাম।" আৰু পঢ়কঃ ‘জীনা ইচি কা নাম হে’! এসময়ৰ কলেজৰ ইংৰাজী প্ৰৱক্তাই এতিয়া হাঁহি হাঁহি চলায় অটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে