--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বুধবাৰে নিশা উত্তৰ প্ৰদেশৰ পূব অংশৰ কুশীনগৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা৷ কুঁৱাত পৰি ১৩গৰাকী কিশোৰী-মহিলাৰ মৃত্যু হয়৷ কুশীনগৰৰ এখন গাঁৱত বিবাহ উদযাপনৰ সময়তে দুৰ্ভাগ্যক্ৰমে কুঁৱাত পৰি সাতগৰাকী মহিলা আৰু ছগৰাকী কিশোৰীসহ মুঠ তেৰজনৰ মৃত্যু হয়। জানিব পৰা মতে মৃতসকলৰ ভিতৰত যুৱতীকেইগৰাকীৰ বয়স ২০-৩৫ বছৰৰ হোৱাৰ লগতে এবছৰীয়া এটি কেঁচুৱাও আছিল। তদন্তকাৰী বিষয়াসকলৰ মতে, বিয়াখনত মহিলা আৰু শিশুসকলে এটা পুৰণি কুঁৱা ঢাকি থোৱা এখন শ্লেবত বহি আছিল। শ্লেবখনে ওজন সহিব নোৱাৰি খহি পৰিছিল আৰু ইয়াৰ ওপৰত বহি থকাসকল কুঁৱাটোত পৰি গৈছিল। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ১৩ জন লোকক মৃত ঘোষণা কৰা হৈছিল। ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। গোৰ্খপুৰ অঞ্চলৰ এডিজি অখিল কুমাৰে কয় যে মৃত্যুৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। তেওঁ কয়, ‘কালি নিশা প্ৰায় ৮.৩০ বজাত কুশীনগৰৰ নেবুয়া নৌৰংগিয়াত বিবাহ কাৰ্যসূচীৰ সময়ত কিছুমান লোকে কুঁৱা ঢাকি থকা শ্লেবত বহি থকাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। শ্লেবখনে ভৰ সহিব নোৱাৰি ভাঙি গৈছিল।’ ঘটনাটোত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক ‘মৰ্মস্পৰ্শী’ বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ