--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বুধবাৰে নিশা উত্তৰ প্ৰদেশৰ পূব অংশৰ কুশীনগৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা৷ কুঁৱাত পৰি ১৩গৰাকী কিশোৰী-মহিলাৰ মৃত্যু হয়৷ কুশীনগৰৰ এখন গাঁৱত বিবাহ উদযাপনৰ সময়তে দুৰ্ভাগ্যক্ৰমে কুঁৱাত পৰি সাতগৰাকী মহিলা আৰু ছগৰাকী কিশোৰীসহ মুঠ তেৰজনৰ মৃত্যু হয়। জানিব পৰা মতে মৃতসকলৰ ভিতৰত যুৱতীকেইগৰাকীৰ বয়স ২০-৩৫ বছৰৰ হোৱাৰ লগতে এবছৰীয়া এটি কেঁচুৱাও আছিল। তদন্তকাৰী বিষয়াসকলৰ মতে, বিয়াখনত মহিলা আৰু শিশুসকলে এটা পুৰণি কুঁৱা ঢাকি থোৱা এখন শ্লেবত বহি আছিল। শ্লেবখনে ওজন সহিব নোৱাৰি খহি পৰিছিল আৰু ইয়াৰ ওপৰত বহি থকাসকল কুঁৱাটোত পৰি গৈছিল। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ১৩ জন লোকক মৃত ঘোষণা কৰা হৈছিল। ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। গোৰ্খপুৰ অঞ্চলৰ এডিজি অখিল কুমাৰে কয় যে মৃত্যুৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। তেওঁ কয়, ‘কালি নিশা প্ৰায় ৮.৩০ বজাত কুশীনগৰৰ নেবুয়া নৌৰংগিয়াত বিবাহ কাৰ্যসূচীৰ সময়ত কিছুমান লোকে কুঁৱা ঢাকি থকা শ্লেবত বহি থকাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। শ্লেবখনে ভৰ সহিব নোৱাৰি ভাঙি গৈছিল।’ ঘটনাটোত নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক ‘মৰ্মস্পৰ্শী’ বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন