--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত এতিয়া নতুনকৈ চৰ্চালৈ আহিছে ক'লা যাদু বিতৰ্ক। এই ক'লা যাদু বিতৰ্কত বাকযুদ্ধত লিপ্ত হৈছে দেশৰ ৰাজনীতিৰ দুই পৃথক মেৰুত থকা নেতাদ্বয় প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী। যোৱা ৫ আগষ্টত কংগ্ৰেছৰ দেশজোৰা প্ৰতিবাদৰ সময়ত দিল্লীত কংগ্ৰেছ নেতৃত্বই ক'লা পোচাক পৰিধান কৰাৰ বাবে মোদীয়ে বুধবাৰে কিছুমান মানুহে ক'লা যাদুৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰি আওপকীয়াকৈ কংগ্ৰেছক উপহাস কৰিছিল। মোদীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীক ক’লাযাদুৰ দৰে অন্ধবিশ্বাসী বাৰ্তা বিয়পাই প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা কলুষিত নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

উল্লেখ্য যে যোৱা ৫ আগষ্টত সমগ্ৰ দেশজুৰি নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু জিএছটিৰ প্ৰসঙ্গ উত্থাপনেৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতাৰে ক'লা পোছাক পৰিধান কৰি ৰাজপথত নামি পৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তথা দলীয় কৰ্মী। দলৰ শীৰ্ষ নেতৃত্বই ‘প্ৰধানমন্ত্ৰী ভৱন ঘেৰাও’ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে লোকসভা তথা ৰাজ্যসভাৰ সাংসদ সকলে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। আনহাতে কংগ্ৰেছৰ ৰাজ্যিক গোটসমূহে সমগ্ৰ দেশতে ৰাজপথত প্ৰতিবাদত নামি পৰিছিল।

কিন্তু কংগ্ৰেছৰ এই দেশজোৰা প্ৰতিবাদৰ মূল বিষয়সমূহ নস্যাৎ কৰি আন এক ৰহন সনাৰ কৌশলী চক্ৰান্তত নামি পৰিছিল বিজেপিৰ শীৰ্ষ নেতৃত্ব। কংগ্ৰেছৰ এই প্ৰতিবাদক চৰকাৰৰ নীতি বিৰোধী প্ৰতিবাদৰ বিপৰীতে ধৰ্মীয় ৰহন সানি ৰাম মন্দিৰ বিৰোধী প্ৰতিবাদ হিচাপেহে অভিহিত কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহৰ মতে অযোধ্যাৰ ৰাম মন্দিৰৰ বিৰোধিতা কৰাৰ বাবেহে কংগ্ৰেছে ইচ্ছাকৃতভাৱে ৫ আগষ্ট দিনটো বাছনি কৰিছিল।

শ্বাহৰ পিছতে দেশত হিন্দুত্ববাদী মহলৰ প্ৰিয় নেতা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ৫ আগষ্টৰ প্ৰতিবাদক কেন্দ্ৰ কৰি কংগ্ৰেছক সমালোচনা কৰিছিল। যোগীয়ে অভিযোগ কৰিছিল যে কংগ্ৰেছে ৰাম ভক্তসকলক অপমান কৰিবলৈ অযোধ্যা দিৱসৰ দিনটো প্ৰতিবাদৰ বাবে বাছনি কৰিছিল আৰু ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদত নামিছিল। 

এই দুই নেতাৰ পিছতে কংগ্ৰেছৰ প্ৰতিবাদৰ দাবীসমূহক নস্যাৎ কৰাত নামি পৰিছিল খোদ প্ৰধানমন্ত্ৰী মোদী। বুধবাৰে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে পানীপথত এক অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে হতাশা আৰু নেতিবাচক ধাৰণাত নিমজ্জিত কিছু লোকে ইয়াৰ পৰা উদ্ধাৰ পাবলৈ ক'লা যাদুৰ আশ্ৰয় লৈছে। 

"আমি ৫ আগষ্টত ক'লা যাদু প্ৰচাৰৰ বাবে চেষ্টা কৰা দেখিবলৈ পাইছিলো। এই লোকসকলে ভাবে যে ক'লা কাপোৰ পিন্ধিলে তেওঁলোকৰ হতাশাৰ সময় শেষ হ'ব। কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকে যিমানেই ক'লা যাদু নকৰক, অন্ধবিশ্বাসৰ আশ্ৰয় নলওক কিয়, তেওঁলোকৰ ওপৰত মানুহৰ বিশ্বাস কেতিয়াও পুনৰ ঘূৰি নাহে।"— নিজ ভাষণত মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰী মোদীৰ এই  বিদ্ৰুপমূলক মন্তব্যৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে এই টুইট যোগে মোদীক আক্ৰমণ কৰে। কংগ্ৰেছে প্ৰতিবাদৰ সময়ত উত্থাপন কৰা মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়সমূহ প্ৰধানমন্ত্ৰী মোদীয়ে দেখা নাই নেকি বুলি প্ৰশ্ন কৰে গান্ধীয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে মোদীক নিজৰ কুকৰ্ম লুকুৱাবলৈ ক'লা যাদুৰ দৰে অন্ধবিশ্বাসী কথাৰে প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদা কলুষিত নকৰকিবলৈ পৰামৰ্শ দিয়াৰ লগতে দেশক বিপথে পৰিচালিত কৰি থকা কাৰচাজি বন্ধ কৰিবলৈও আহ্বান জনায়। টুইটটোত ৰাহুল গান্ধীয়ে লগতে জনসাধাৰণৰ সমস্যা সন্দৰ্ভত উত্তৰ দিবই লাগিব বুলি প্ৰধানমন্ত্ৰী মোদীক সকীয়াই দিয়ে। 

সম্প্ৰতি দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সাধাৰণ জনতাক। ভূতৰ ওপৰত দানহ পৰাৰ দৰে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণৰ ওপৰত আকৌ জাপি দিয়া হৈছে নিত্য নতুন কৰ। সমসাময়িকভাৱে নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত সোমাই পৰিছে দেশ। কৰ্মসংস্থাপনৰ সৃষ্টি কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। 

কিন্তু এই সকলো ব্যৰ্থতাক ঢাকি ৰখাৰ কৌশল হিচাপে বিজেপিয়ে ব্যৱহাৰ কৰি আহিছে ধৰ্মীৰ ৰাজনীতিৰ ঢাল। এই গুৰুত্বপূৰ্ণ বিষয়সমূহকে উত্থাপন কৰি কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীকো এইদৰেই এতিয়া ধৰ্মীয় ৰহন সানি তথা নাভূত-নাশ্ৰুত মন্তব্যৰে বিজেপি নেতৃত্বই নিজৰ ব্যৰ্থতাৰ পৰা পলায়নৰ চেষ্টা চলাইছে বুলি চৰ্চা চলিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?