--°C
Loading...
Listen to Article
2 min read
80%
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ

আজি শিক্ষক দিৱস। প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ প্ৰাক্তন তথা প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত শিক্ষক দিৱস পালন কৰা হয়।  দেশৰ প্ৰতিখন শিক্ষানুষ্ঠানতে আজি পালন কৰা হৈছে শিক্ষক দিৱস। 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি(1952-1962 )আৰু দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি(1962-1967) সমান্তৰালকৈ দাৰ্শনিক, শিক্ষক, উদাৰ নৈতিক আৰু ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল । 

হে শিক্ষক

তোমাৰ পোহৰে আলোকিত আজি জাতি-সমাজ
তুমিয়েতো অন্ধকাৰ নাশ কৰি, নতুন আলোৰে সমাজ আৰু জাতিক ন সাজেৰে সজাই তুলিলা।


১৯৬৫ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ যেতিয়া ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সেই সময়ত এদল শিক্ষাৰ্থীয়ে তেওঁৰ জন্ম দিনটো উদযাপন কৰিব কাৰণে অনুমতি বিচাৰাত ৰাধাকৃষ্ণণ দেৱে দেশৰ শিক্ষক সমাজৰ প্ৰতি সন্মান আনুগত্য প্ৰকাশ কৰি কৈছিল "মোৰ জন্মদিনটো জন্মদিন হিচাপে উদযাপন নকৰি যদি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়,মই নথৈ আনন্দিত হ'ম!!"
সেয়েহে ১৯৬৫ চনৰ ৫ ছেপ্টেম্বৰ দিনটো ভাৰত চৰকাৰৰ "শিক্ষা আৰু মানৱ সম্পদ উন্নয়ন" মন্ত্ৰালয়ে শিক্ষক দিৱস হিচাপে ঘোষণা কৰে । 

ৰাধাকৃষ্ণণ দেৱে বিশ্বাস কৰিছিল- এখন দেশ আৰু জাতিক উন্নত কৰিব হ'লে শিক্ষক সমাজে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবই লাগিব। অনাথ্যা দেশৰ মানৱ সম্পদৰ বিকাশ কেতিয়াও নহয়। সেয়েহে ভাৰত আৰু অসম চৰকাৰে শিক্ষকৰ দৰমহা, শিক্ষক সমাজৰ দাবী, শিক্ষকৰ সমাজৰ অসুবিধা আদি গুৰুত্বসহকাৰে সমাধান কৰি শিক্ষক সমাজৰ পৰিপুষ্ট সাধন কৰি শিক্ষাৰ উৎকৰ্ষ সাধন কৰিব লাগে।

যি জাতিয়ে শিক্ষক সমাজক সন্মান কৰিব নোৱাৰে,, সেই জাতিয়ে কেতিয়াও মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব নোৱাৰে। "

কবীৰে কৈছিল-"মোৰ সন্মুখত যদি ভগৱান আৰু এজন শিক্ষক একেলগে আহি থিয় হৈ মই প্ৰথম মোৰ শিক্ষকগৰাকীক সন্মান কৰিম কিয়নো ভগৱান যে আছে সেই জ্ঞান মোক প্ৰদান‌ কৰিছে মোৰ শিক্ষকজনে।"
 
শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন।

আমিনুল হক

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ