--°C
Loading...
Listen to Article
2 min read
80%
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ

আজি শিক্ষক দিৱস। প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ প্ৰাক্তন তথা প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত শিক্ষক দিৱস পালন কৰা হয়।  দেশৰ প্ৰতিখন শিক্ষানুষ্ঠানতে আজি পালন কৰা হৈছে শিক্ষক দিৱস। 

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি(1952-1962 )আৰু দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি(1962-1967) সমান্তৰালকৈ দাৰ্শনিক, শিক্ষক, উদাৰ নৈতিক আৰু ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল । 

হে শিক্ষক

তোমাৰ পোহৰে আলোকিত আজি জাতি-সমাজ
তুমিয়েতো অন্ধকাৰ নাশ কৰি, নতুন আলোৰে সমাজ আৰু জাতিক ন সাজেৰে সজাই তুলিলা।


১৯৬৫ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ যেতিয়া ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সেই সময়ত এদল শিক্ষাৰ্থীয়ে তেওঁৰ জন্ম দিনটো উদযাপন কৰিব কাৰণে অনুমতি বিচাৰাত ৰাধাকৃষ্ণণ দেৱে দেশৰ শিক্ষক সমাজৰ প্ৰতি সন্মান আনুগত্য প্ৰকাশ কৰি কৈছিল "মোৰ জন্মদিনটো জন্মদিন হিচাপে উদযাপন নকৰি যদি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়,মই নথৈ আনন্দিত হ'ম!!"
সেয়েহে ১৯৬৫ চনৰ ৫ ছেপ্টেম্বৰ দিনটো ভাৰত চৰকাৰৰ "শিক্ষা আৰু মানৱ সম্পদ উন্নয়ন" মন্ত্ৰালয়ে শিক্ষক দিৱস হিচাপে ঘোষণা কৰে । 

ৰাধাকৃষ্ণণ দেৱে বিশ্বাস কৰিছিল- এখন দেশ আৰু জাতিক উন্নত কৰিব হ'লে শিক্ষক সমাজে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবই লাগিব। অনাথ্যা দেশৰ মানৱ সম্পদৰ বিকাশ কেতিয়াও নহয়। সেয়েহে ভাৰত আৰু অসম চৰকাৰে শিক্ষকৰ দৰমহা, শিক্ষক সমাজৰ দাবী, শিক্ষকৰ সমাজৰ অসুবিধা আদি গুৰুত্বসহকাৰে সমাধান কৰি শিক্ষক সমাজৰ পৰিপুষ্ট সাধন কৰি শিক্ষাৰ উৎকৰ্ষ সাধন কৰিব লাগে।

যি জাতিয়ে শিক্ষক সমাজক সন্মান কৰিব নোৱাৰে,, সেই জাতিয়ে কেতিয়াও মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব নোৱাৰে। "

কবীৰে কৈছিল-"মোৰ সন্মুখত যদি ভগৱান আৰু এজন শিক্ষক একেলগে আহি থিয় হৈ মই প্ৰথম মোৰ শিক্ষকগৰাকীক সন্মান কৰিম কিয়নো ভগৱান যে আছে সেই জ্ঞান মোক প্ৰদান‌ কৰিছে মোৰ শিক্ষকজনে।"
 
শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন।

আমিনুল হক

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু