--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ জোকাৰি যোৱা আৰ জি কৰ ঘটনাৰ প্ৰতিবাদ জনাই কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে কলকাতত অনুষ্ঠিত হ’ব লগীয়া সংগীত অনুষ্ঠান বাতিলকৰাৰ পাছতে এইবাৰ কলকাতাৰ শিল্পীয়ে ঘূৰাই দিছে চৰকাৰী বঁটা৷

কলকাতাৰ এগৰাকী নাট্যকাৰে চৰকাক ঘুৰাই দিছে ৰাজ্যখনৰ নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’৷ চন্দন সেন নামৰ এগৰাকী নাট্যকাৰে কলকাতৰ ৰাজ্যিক নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’ ঘূৰাই দিছে চৰকাৰক৷ প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যিক নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’ৰে সন্মানিত কৰা হৈছিল নাট্যকাৰ চন্দন সেনক। কলকাতা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাট্যকাৰ চন্দন সেনে বঁটা ঘূৰাই দিছে।

প্ৰসংগক্ৰমে, প্ৰতিবাদকাৰীসকলক বঁটা ঘূৰাই দিবলৈ আহ্বান জনাইছে তৃণমূলৰ বিধায়ক কাঞ্চন মলিকে ।উল্লেখোগ্য যে তৃণমূলৰ বিধায়ক কাঞ্চন মল্লিকো এজন অভিনেতা। এই মন্তব্যৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী। সমালোচনাৰ সন্মুখীন হৈ ক্ষমা বিচাৰে তৃণমূলৰ বিধায়ক কাঞ্চন মল্লিকে। অৱশ্যে কাঞ্চন মল্লিকে মন্তব্য কৰাৰ আগতে নাট্যকাৰ চন্দন সেনে নিজৰ বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল বুলি সদৰি কৰিছে। ইতিমধ্যে নাট্যকাৰগৰাকীয়ে ৰাজ্যৰ তথ্য আৰু সংস্কৃতি বিভাগৰ সম্পাদকলৈ ই-মেইল প্ৰেৰণ কৰা বুলি সদৰি কৰিছে।

এই প্ৰসংগতে বিধায়ক কাঞ্চন মল্লিকৰ বক্তব্যক কটাক্ষ কৰি অভিনেতা বাদশা মৈত্ৰাই কয়, ‘এই প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হ’ব। এই মন্তব্য  বিধায়ক কাঞ্চন মল্লিকৰ ব্যক্তিগত মতামত বুলি মই নাভাবো। তেওঁ যিটো দলৰ প্ৰতিনিধি সেই দলটোৱে এই পৰ্যন্ত কিবা পদক্ষেপ লৈছেনে বুলি প্ৰশ্ন উত্থাপন কৰি কয়  শিল্পীসকলৰ মনত হয়তো ভাব হ’ব পাৰে যে যিসকলক বঁটা দিয়া হৈছে তেওঁলোকৰ প্ৰতি চৰকাৰে এনে মনোভাৱ পোষণ কৰিছে।কাঞ্চন মলিকৰ বক্তব্যটো তেনে মনোভাৱ প্ৰতিফলিত হৈছে বুলি সমালোচনা কৰে।’ আৰ জি কৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্টুনিষ্টসকলেও। ৰাজ্য চৰকাৰে আয়োজন কৰা চাৰু কলা মেলাত অংশ লোৱাৰ পৰা বিৰত আছে কাৰ্টুনিষ্টৰ দল। সম্প্ৰতি সমাজৰ প্ৰতিটো স্তৰতে এনেদৰে মহিলা নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে যতে দ্বিতীয়টো এনে ঘটনা পৰিলক্ষিত নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ