--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ জোকাৰি যোৱা আৰ জি কৰ ঘটনাৰ প্ৰতিবাদ জনাই কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে কলকাতত অনুষ্ঠিত হ’ব লগীয়া সংগীত অনুষ্ঠান বাতিলকৰাৰ পাছতে এইবাৰ কলকাতাৰ শিল্পীয়ে ঘূৰাই দিছে চৰকাৰী বঁটা৷

কলকাতাৰ এগৰাকী নাট্যকাৰে চৰকাক ঘুৰাই দিছে ৰাজ্যখনৰ নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’৷ চন্দন সেন নামৰ এগৰাকী নাট্যকাৰে কলকাতৰ ৰাজ্যিক নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’ ঘূৰাই দিছে চৰকাৰক৷ প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যিক নাট্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘দীনবন্ধু মিত্ৰ বঁটা’ৰে সন্মানিত কৰা হৈছিল নাট্যকাৰ চন্দন সেনক। কলকাতা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাট্যকাৰ চন্দন সেনে বঁটা ঘূৰাই দিছে।

প্ৰসংগক্ৰমে, প্ৰতিবাদকাৰীসকলক বঁটা ঘূৰাই দিবলৈ আহ্বান জনাইছে তৃণমূলৰ বিধায়ক কাঞ্চন মলিকে ।উল্লেখোগ্য যে তৃণমূলৰ বিধায়ক কাঞ্চন মল্লিকো এজন অভিনেতা। এই মন্তব্যৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী। সমালোচনাৰ সন্মুখীন হৈ ক্ষমা বিচাৰে তৃণমূলৰ বিধায়ক কাঞ্চন মল্লিকে। অৱশ্যে কাঞ্চন মল্লিকে মন্তব্য কৰাৰ আগতে নাট্যকাৰ চন্দন সেনে নিজৰ বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল বুলি সদৰি কৰিছে। ইতিমধ্যে নাট্যকাৰগৰাকীয়ে ৰাজ্যৰ তথ্য আৰু সংস্কৃতি বিভাগৰ সম্পাদকলৈ ই-মেইল প্ৰেৰণ কৰা বুলি সদৰি কৰিছে।

এই প্ৰসংগতে বিধায়ক কাঞ্চন মল্লিকৰ বক্তব্যক কটাক্ষ কৰি অভিনেতা বাদশা মৈত্ৰাই কয়, ‘এই প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হ’ব। এই মন্তব্য  বিধায়ক কাঞ্চন মল্লিকৰ ব্যক্তিগত মতামত বুলি মই নাভাবো। তেওঁ যিটো দলৰ প্ৰতিনিধি সেই দলটোৱে এই পৰ্যন্ত কিবা পদক্ষেপ লৈছেনে বুলি প্ৰশ্ন উত্থাপন কৰি কয়  শিল্পীসকলৰ মনত হয়তো ভাব হ’ব পাৰে যে যিসকলক বঁটা দিয়া হৈছে তেওঁলোকৰ প্ৰতি চৰকাৰে এনে মনোভাৱ পোষণ কৰিছে।কাঞ্চন মলিকৰ বক্তব্যটো তেনে মনোভাৱ প্ৰতিফলিত হৈছে বুলি সমালোচনা কৰে।’ আৰ জি কৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্টুনিষ্টসকলেও। ৰাজ্য চৰকাৰে আয়োজন কৰা চাৰু কলা মেলাত অংশ লোৱাৰ পৰা বিৰত আছে কাৰ্টুনিষ্টৰ দল। সম্প্ৰতি সমাজৰ প্ৰতিটো স্তৰতে এনেদৰে মহিলা নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে যতে দ্বিতীয়টো এনে ঘটনা পৰিলক্ষিত নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু