--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পশ্চিম বংগ বিধানসভাত গৃহীত হয় ধৰ্ষণ বিৰোধী বিধেয়ক। নতুন আইনৰ অধীনত ২১ দিনৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাহিৰেও যদি ভুক্তভোগীজন ক’মালৈ যায় বা মৃত্যু হয় তেন্তে দোষীক ১০ দিনৰ ভিতৰত ফাঁচী দিয়া হ’ব। বিধেয়কখন ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ’ব। তেওঁৰ স্বাক্ষৰৰ পিছত এই বিধেয়ক আইনত পৰিণত হ’ব।


মমতা বেনাৰ্জীৰ চৰকাৰে ধৰ্ষণ বিৰোধী বিধেয়কখনক অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪ বুলি নামকৰণ কৰিছে। বিধেয়কখন গৃহীত কৰিবলৈ ৰাজ্য চৰকাৰে ২ ছেপ্টেম্বৰৰ পৰা দুদিনৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰে।মঙলবাৰে  আইন মন্ত্ৰী মালয় ঘটকে এইখন বিধানসভাত উত্থাপন কৰিলে।

যোৱা আগষ্ট মাহত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ জঘন্য ধৰ্ষণহত্যা কাণ্ড সংঘটিত হৈছিল। ইয়াৰ পিছতেই সমগ্ৰ দেশৰ চিকিৎসক আৰু ৰাজনৈতিক দলৰ প্ৰতিবাদৰ অন্তত মমতা বেনাৰ্জীয়ে ক’লে যে ৰাজ্যত ধৰ্ষণৰ দৰে অপৰাধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিব। ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীলৈও দুবাৰকৈ চিঠি লিখিছিল।

বিধেয়কখনৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি দাখিল কৰি মমতা বেনাৰ্জীয়ে কয় - পশ্চিম বংগত ৮৮খন ফাষ্ট ট্ৰেক আদালত আৰু মহিলাৰ বাবে ৫২খন বিশেষ আদালত আছে। এইবোৰত ৩ লাখতকৈ অধিক গোচৰ পঞ্জীয়ন হৈছে আৰু ইয়াৰে ৩ লাখ ১১ হাজাৰ ৪৮৯ টা গোচৰ নিষ্পত্তি কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰাধীন হৈ আছে ৭ হাজাৰ গোচৰ।

বিৰোধীৰ অভিযোগ সন্দৰ্ভত মমতাই কয় - বিৰোধীয়ে কয় যে ৰেলত ধৰ্ষণ ঘটে, তাত নিৰাপত্তা প্ৰদান কৰাটো আৰ পি এফৰ কাম। উন্নাও আৰু হাথৰাছ বিষয়ত বিৰোধী দল মৌন৷ প্ৰতিখন ৰাজ্যতে এনেকুৱা হৈছে যদিও মই এই ঘটনাবোৰৰ নজৰ ৰাখিছো। আজি দেশত প্ৰতিদিনে ৯০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ ২.৫৬% অভিযুক্তকহে দোষী সাব্যস্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ