--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পশ্চিম বংগ বিধানসভাত গৃহীত হয় ধৰ্ষণ বিৰোধী বিধেয়ক। নতুন আইনৰ অধীনত ২১ দিনৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ বাহিৰেও যদি ভুক্তভোগীজন ক’মালৈ যায় বা মৃত্যু হয় তেন্তে দোষীক ১০ দিনৰ ভিতৰত ফাঁচী দিয়া হ’ব। বিধেয়কখন ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ’ব। তেওঁৰ স্বাক্ষৰৰ পিছত এই বিধেয়ক আইনত পৰিণত হ’ব।


মমতা বেনাৰ্জীৰ চৰকাৰে ধৰ্ষণ বিৰোধী বিধেয়কখনক অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪ বুলি নামকৰণ কৰিছে। বিধেয়কখন গৃহীত কৰিবলৈ ৰাজ্য চৰকাৰে ২ ছেপ্টেম্বৰৰ পৰা দুদিনৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰে।মঙলবাৰে  আইন মন্ত্ৰী মালয় ঘটকে এইখন বিধানসভাত উত্থাপন কৰিলে।

যোৱা আগষ্ট মাহত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ জঘন্য ধৰ্ষণহত্যা কাণ্ড সংঘটিত হৈছিল। ইয়াৰ পিছতেই সমগ্ৰ দেশৰ চিকিৎসক আৰু ৰাজনৈতিক দলৰ প্ৰতিবাদৰ অন্তত মমতা বেনাৰ্জীয়ে ক’লে যে ৰাজ্যত ধৰ্ষণৰ দৰে অপৰাধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিব। ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীলৈও দুবাৰকৈ চিঠি লিখিছিল।

বিধেয়কখনৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি দাখিল কৰি মমতা বেনাৰ্জীয়ে কয় - পশ্চিম বংগত ৮৮খন ফাষ্ট ট্ৰেক আদালত আৰু মহিলাৰ বাবে ৫২খন বিশেষ আদালত আছে। এইবোৰত ৩ লাখতকৈ অধিক গোচৰ পঞ্জীয়ন হৈছে আৰু ইয়াৰে ৩ লাখ ১১ হাজাৰ ৪৮৯ টা গোচৰ নিষ্পত্তি কৰা হৈছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰাধীন হৈ আছে ৭ হাজাৰ গোচৰ।

বিৰোধীৰ অভিযোগ সন্দৰ্ভত মমতাই কয় - বিৰোধীয়ে কয় যে ৰেলত ধৰ্ষণ ঘটে, তাত নিৰাপত্তা প্ৰদান কৰাটো আৰ পি এফৰ কাম। উন্নাও আৰু হাথৰাছ বিষয়ত বিৰোধী দল মৌন৷ প্ৰতিখন ৰাজ্যতে এনেকুৱা হৈছে যদিও মই এই ঘটনাবোৰৰ নজৰ ৰাখিছো। আজি দেশত প্ৰতিদিনে ৯০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ ২.৫৬% অভিযুক্তকহে দোষী সাব্যস্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু