--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মূল্যৱান প্ৰকাৃতিক সম্পদেৰে ভৰি আছে চন্দ্ৰ! আপাততঃ তেনে ধাৰণাই কৰিছে বহু বিভানীয়ে। সেইবাবেই হয়তো  যোৱাৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত  প্ৰতিযোগিতাই গা কৰি উঠিছে। কিন্তু চন্দ্ৰৰ প্ৰতি বিশ্বৰ বহু দেশ আকৰ্ষিত হৈছে কি? পানী,  অক্সিজেন নথকা চন্দ্ৰত পিছে  লো, চিলিকন, হাইড্ৰজেন আৰু টাইটেনিয়ামৰ দৰে উপাদান প্ৰচুৰ পৰিমাণে আছে বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। 

 বিজ্ঞানীসকলে এয়া  বিশ্বাস কৰে যে বিশ্বব্যাপী হ’ব পৰা  বিপৰ্যয়ৰ সময়ত  চন্দ্ৰ   সভ্যতাৰ বাবে এক নিৰাপদ আস্থান হ’ব পাৰে।  বিশেষকৈ পৃথিৱীত গ্ৰহাণুৰ আঘাত বা  বা মহামাৰীৰ সময়ত চন্দ্ৰক বহুতে নিৰাপদ আশ্ৰয়স্থল হিচাবে বাছি ল’ব পাৰিব। যদিহে চন্দ্ৰত জীৱনৰ বাবে অনুসূল পৰিবেশ এটা সৃষ্টি কৰি ল’ব পৰা যায়। বৰ্তমান তিনিখন দেশৰ পৰা চন্দ্ৰলৈ  প্ৰায় ছয়টা মহাকাশ অভিযান চলোৱা হৈছে -আমেৰিকা যুক্তৰাষ্ট্ৰ চাৰি খন  দক্ষিণ কোৰিয়া এখন যানে  চন্দ্ৰৰ কক্ষপথত ঘূৰি আছে। যদিও পূৰ্বৰ মহাকাশযানবোৰে আগতে চন্দ্ৰৰ উত্তৰ অংশতসফলতাৰে অৱতৰণ কৰিছিল, কেৱল ভাৰতৰ চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠৰ আকাংক্ষিত দক্ষিণ মেৰুত ইতিহাস সৃষ্টি কৰি অৱতৰণ কৰিছে। 

চন্দ্ৰৰ  দক্ষিণ মেৰু পৃথিৱীৰ পৰা দৃশ্যমান নহয়,  সেয়েহে তাত থকা  মহাকাশযানৰ সৈতে যোগাযোগ স্থাপন কৰাটোও কঠিন। ৰাছিয়াৰ লুনা লেণ্ডাৰ মিছন, যি চন্দ্ৰযান-৩ৰ সৈতে একেলগে চন্দ্ৰৰ দক্ষিণ মেৰুত থাকিব বুলি আশা কৰা হৈছিল, সেই আশা অৱশ্যে পূৰণ নহ’ল।  ২০  আগষ্টত চন্দ্ৰপৃষ্ঠত  দুৰ্ঘটনাগ্ৰস্ত হয় ৰাছিয়াৰ লুনা ২৫।

জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে শীঘ্ৰেই চন্দ্ৰলৈ কক্ষীয় আৰু লেণ্ডাৰ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। "চন্দ্ৰৰ দক্ষিণ দিশটো বিজ্ঞানীসকলৰ বাবে বিশেষ আগ্ৰহৰ দিশ। কাৰণ ইয়াৰ চাৰিওফালৰ পৰিবেশে  পানী অথবা  বৰফ থকাৰ ইংগিত দিছে। সেয়ে সেই অংশটো এসময়ত বিশ্ববাসীয়ে বসবাসৰ বাবে বাছনি কৰিব পাৰিব বুলি বহুতে আশা কৰিছে।  

 আইআইটি যোধপুৰৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ৰীতাঞ্জলি মোহৰানাই  কয় "চন্দ্ৰলৈ যোৱাৰ প্ৰথম কাৰণ হ'ল ই আমাক আন গ্ৰহলৈ সহজে যোৱাত সহায় কৰিব। দ্বিতীয়তে  চন্দ্ৰত হিলিয়াম আৰু লিথিয়ামৰ দৰে কিছুমান বিৰল ধাতুৰ প্ৰাচুৰ্য আছে। যি বিশ্বব্যাপী বিজ্ঞানীসকলৰ আগ্ৰহ আকৰ্ষণ হৈ পৰিছে।  যিহেতু সমগ্ৰ বিশ্বৰ সম্পদ হ্ৰাস পাইছে,  কাইলৈ মানুহৰ  বাবেই  চন্দ্ৰৰ পৰা তেনেবোৰ সম্পদ লাভ কৰাটো সম্ভৱ হ’ব পাৰে,"।  অনন্ত টেকন'লজিছ (এটিএল)ৰ প্ৰতিষ্ঠাপক আৰু চিএমডি ড০ চুব্বা ৰাও পাভুলুৰীয়ে কয় যে চন্দ্ৰত প্ৰচুৰ সম্ভাৱনা আছে। বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত । ভাৰতৰ উৎক্ষেপণ বাহন আৰু উপগ্ৰহৰ ক্ষেত্ৰত ইছৰ’ৰ দীৰ্ঘদিনীয়া অংশীদাৰ হৈ আহিছে এই  প্ৰতিষ্ঠানটো। চন্দ্ৰযান-৩ৰ বাবে উৎক্ষেপণ বাহন নিৰ্মানতো এই প্ৰতিষ্ঠানটোৱে   অৰিহণা যোগাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা