--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে যোগগুৰু বাবা ৰাম দেৱৰ পতঞ্জলিক এলোপেথিক ঔষধৰ ওপৰত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে তীব্ৰ ভৰ্ৎসনা কৰিছে। 

ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে পতঞ্জলিলৈ জাননী জাৰি কৰি কয়, যদি তেওঁলোকৰ সামগ্ৰীৰ বিষয়ে একেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰচাৰ অব্যাহত থাকে তেন্তে তেওঁলোকে ১ কোটি টকাৰ জৰিমনা ভৰিব পাৰে।

ইয়াৰ লগতে ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদক অনাগত দিনত এনেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে কয়, পতঞ্জলিয়ে নিশ্চিত কৰিব লাগে যে সংবাদ মাধ্যমত এনেধৰণৰ বিজ্ঞাপন দিয়াৰ পৰা যাতে প্ৰতিষ্ঠানটো বিৰত থাকে।

আদালতে নিৰ্দেশ দি কয় যে পতঞ্জলি আয়ুৰ্বেদে অনাগত দিনত এনেধৰণৰ কোনো বিজ্ঞাপন প্ৰকাশ নকৰিব আৰু লগতে নিশ্চিত কৰিব যে সংবাদ মাধ্যমত এনেধৰণৰ নৈমিত্তিক বিজ্ঞাপন প্ৰচাৰ নকৰিব৷ ইয়াৰ লগতে, এই বিষয়টোক লৈ ‘এলোপেথি বনাম আয়ুৰ্বেদ’ জাতীয় বিতৰ্ক নকৰিবলৈও কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ 

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিকিৎসা সংস্থাৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ ওপৰত এই নিৰ্দেশনা প্ৰদান কৰিছে। এই আৱেদনত কোৱা হৈছিল যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে এলোপেথি ঔষধবোৰক অৱহেলা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক