--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে যোগগুৰু বাবা ৰাম দেৱৰ পতঞ্জলিক এলোপেথিক ঔষধৰ ওপৰত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে তীব্ৰ ভৰ্ৎসনা কৰিছে। 

ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে পতঞ্জলিলৈ জাননী জাৰি কৰি কয়, যদি তেওঁলোকৰ সামগ্ৰীৰ বিষয়ে একেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰচাৰ অব্যাহত থাকে তেন্তে তেওঁলোকে ১ কোটি টকাৰ জৰিমনা ভৰিব পাৰে।

ইয়াৰ লগতে ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদক অনাগত দিনত এনেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে কয়, পতঞ্জলিয়ে নিশ্চিত কৰিব লাগে যে সংবাদ মাধ্যমত এনেধৰণৰ বিজ্ঞাপন দিয়াৰ পৰা যাতে প্ৰতিষ্ঠানটো বিৰত থাকে।

আদালতে নিৰ্দেশ দি কয় যে পতঞ্জলি আয়ুৰ্বেদে অনাগত দিনত এনেধৰণৰ কোনো বিজ্ঞাপন প্ৰকাশ নকৰিব আৰু লগতে নিশ্চিত কৰিব যে সংবাদ মাধ্যমত এনেধৰণৰ নৈমিত্তিক বিজ্ঞাপন প্ৰচাৰ নকৰিব৷ ইয়াৰ লগতে, এই বিষয়টোক লৈ ‘এলোপেথি বনাম আয়ুৰ্বেদ’ জাতীয় বিতৰ্ক নকৰিবলৈও কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ 

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিকিৎসা সংস্থাৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ ওপৰত এই নিৰ্দেশনা প্ৰদান কৰিছে। এই আৱেদনত কোৱা হৈছিল যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে এলোপেথি ঔষধবোৰক অৱহেলা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন