--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্ধিত ওজনলৈ আপুনি চিন্তিত নেকি? ওজন কম কৰিবলৈ আপুনি কৰিব পাৰে ভিন্ন চেষ্টা৷ কিন্তু আপুনি জানেনে ওজন কমওলে আপুনি গ'ব পাৰে মাৰাত্ম ৰোগৰ চিকাৰ৷ অনিয়ন্ত্ৰিত উপায়েৰে, ওজন হ্ৰাস কৰিলে বিভিন্ন প্ৰকাৰৰ সমস্যাও হ'ব পাৰে। যদি আপুনি এবাৰত যথেষ্ট ওজন হ্ৰাস কৰে, বহুক্ষেত্ৰত ই শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে। হঠাতে, এই ওজনৰ অভাৱৰ ফলত বিভিন্ন প্ৰকাৰৰ ৰোগ হ'ব পাৰে৷ ১) যদি আপুনি সোনকালে ওজন হ্ৰাস কৰে, ফেটি এচিডৰ পৰিমাণৰ বহুগুণে উঠা-নমা কৰিব পাৰে। ইয়াৰ ফলত বহু প্ৰকাৰৰ যকৃতৰ সমস্যা হ'ব পাৰে। ২) পুষ্টিৰ অভাৱো হয়। কিয়নো ওজন হ্ৰাস কৰোঁতে, বহুলোকে খাদ্যাভ্যাস সলনি কৰে। ইয়াৰ ফলত, শৰীৰৰ কেলৰিৰ স্তৰ হঠাতে যথেষ্ট হ্ৰাস হ'ব পাৰে। যাৰ ফলত আপুনি পুষ্টিহীনতাত ভুগিব পাৰে। এই পৰিৱৰ্তনে শৰীৰক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। ৩) চৰ্বি হ্ৰাস কৰাৰ সময়ত, বহুক্ষেত্ৰত, পেশীৰ ওপৰত এক প্ৰভাৱ থাকে। যদি কেলৰিৰ পৰিমাণ অত্যাধিক কম হয়, পেশীৰ শক্তি হ্ৰাস কৰিব পাৰি। ফলস্বৰূপে, পেশীৰ ক্ষতিও বহুবাৰ হয়। ৪) লগতে আপোনাৰ তেজৰ চলাচল কমিব পাৰে ৷ যাৰফলত মূৰ ঘূৰনিৰ দৰে বেমাৰ হ'ব পাৰে৷ নিৰোগী শৰীৰত বাস হয় সুস্থ মনৰ৷ গতিকে শৰীৰক নিৰোগী কৰি বিজ্ঞানসম্মতভাৱে কমাওক আপোনাৰ ওজন৷ ইয়াৰ বাবে আপুনি সহায় ল'ব জিমৰ৷ যোগা বা ব্যায়ামে বহু ক্ষেত্ৰত সুফল দিয়ে৷ গতিকে বিশেষজ্ঞৰ পৰামৰ্শ মতে কমাওক আপোনাৰ ওজন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ