--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ প্ৰতি তেওঁ বেচ সচেতন। সেইবাবেই দুটি সন্তানৰ মাতৃ কৰীণাই চল্লিশ বছৰ বয়সতো নিজকে দেখনিয়াৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে, সুস্বাদু খাদ্যৰ লোভ নিয়ন্ত্ৰণ কৰাটো এটা বৰ ডাঙৰ কথা তাতে আকৌ সেই খাদ্য যদি হয় ঘৰতে ৰন্ধা… তেতিয়া আৰু কথাই সুকীয়া, নহয়নে? সেইবাবে জ্যোতি হুডাই নিজ হাতে ৰন্ধা খাদ্য খাই  ‘ফুড ক’মা’ত এইবাৰ কৰীণা কাপুৰ। তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। আপোনালোকে হয়তো ভাবিছে কোন এই জ্যোতি হুডা? 

জ্যোতি হুডা হৈছে ‘পাতাললোক’ খ্যাত অভিনেতা জয়দীপ আহলাৱতৰ পত্নী। তাৰকাগৰাকীৰ পত্নীৰ সৈতে হোৱা এক সাক্ষাৎকাৰ কাহিনী ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছিল কৰীণাই। জ্যোতিৰ ৰন্ধন প্ৰণালীক স্বামীৰ দুৰ্দান্ত অভিনয়ৰ সৈতেও তুলনা কৰে কৰীণাই।

কৰীণা আৰু জয়দীপে একেলগে কাম কৰি আছে সুজয় ঘোষৰ ‘Devotion of Suspect X’ ছিৰিজত। সেইবাবেই দুয়োৰে বন্ধুত্ব হৈ পৰিছে নিবিড়। সহ অভিনেতা গৰাকীয়ে কৰীণাক নিজৰ ঘৰলৈ মাতিছিল, য’ত জয়দীপ পত্নীয়ে নিজ হাতেৰে ৰন্ধা নানাবিধ ব্যঞ্জন খুৱাইছিল কৰীণাক। জ্যোতিৰ হাতৰ এই ব্যঞ্জন গ্ৰহণ কৰি মন্ত্ৰমুগ্ধ কৰীণা। জ্যোতিৰ সৈতে ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ধন্যবাদ জ্যোতি…জয়দীপৰ অভিনয়ৰ দৰেই দুৰ্দান্ত আছিল কাৰি। লগতে দিছে ফুড ক’মাৰ ষ্টিকাৰ। কৰীণা ক’মাত যোৱা বু‌লি অনুৰাগী হৈল পৰিছে উদ্বিগ্ন। দৰাচলতে, কৰীণাই চিকিত্‍সা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰচলিত ক’মাত প্ৰৱেশ কৰা নাই- তেওঁ আচলতে ফুড ক’মাতহে প্ৰৱেশ কৰিছে।

সম্প্ৰতি, 'লাল সিং চাদ্দা' ছবিৰ মুক্তিৰ অপেক্ষাত আছে কৰীণা। এই ছবিখনত পুনৰবাৰ ‘থ্ৰী ইডিয়টছ’ৰ সহ অভিনেতা আমিৰ খানৰ সৈতে মঞ্চ শ্বেয়াৰ কৰিব কৰীণাই। ১১ আগষ্টত মুক্তি পাব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু