--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ প্ৰতি তেওঁ বেচ সচেতন। সেইবাবেই দুটি সন্তানৰ মাতৃ কৰীণাই চল্লিশ বছৰ বয়সতো নিজকে দেখনিয়াৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে, সুস্বাদু খাদ্যৰ লোভ নিয়ন্ত্ৰণ কৰাটো এটা বৰ ডাঙৰ কথা তাতে আকৌ সেই খাদ্য যদি হয় ঘৰতে ৰন্ধা… তেতিয়া আৰু কথাই সুকীয়া, নহয়নে? সেইবাবে জ্যোতি হুডাই নিজ হাতে ৰন্ধা খাদ্য খাই  ‘ফুড ক’মা’ত এইবাৰ কৰীণা কাপুৰ। তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। আপোনালোকে হয়তো ভাবিছে কোন এই জ্যোতি হুডা? 

জ্যোতি হুডা হৈছে ‘পাতাললোক’ খ্যাত অভিনেতা জয়দীপ আহলাৱতৰ পত্নী। তাৰকাগৰাকীৰ পত্নীৰ সৈতে হোৱা এক সাক্ষাৎকাৰ কাহিনী ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছিল কৰীণাই। জ্যোতিৰ ৰন্ধন প্ৰণালীক স্বামীৰ দুৰ্দান্ত অভিনয়ৰ সৈতেও তুলনা কৰে কৰীণাই।

কৰীণা আৰু জয়দীপে একেলগে কাম কৰি আছে সুজয় ঘোষৰ ‘Devotion of Suspect X’ ছিৰিজত। সেইবাবেই দুয়োৰে বন্ধুত্ব হৈ পৰিছে নিবিড়। সহ অভিনেতা গৰাকীয়ে কৰীণাক নিজৰ ঘৰলৈ মাতিছিল, য’ত জয়দীপ পত্নীয়ে নিজ হাতেৰে ৰন্ধা নানাবিধ ব্যঞ্জন খুৱাইছিল কৰীণাক। জ্যোতিৰ হাতৰ এই ব্যঞ্জন গ্ৰহণ কৰি মন্ত্ৰমুগ্ধ কৰীণা। জ্যোতিৰ সৈতে ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ধন্যবাদ জ্যোতি…জয়দীপৰ অভিনয়ৰ দৰেই দুৰ্দান্ত আছিল কাৰি। লগতে দিছে ফুড ক’মাৰ ষ্টিকাৰ। কৰীণা ক’মাত যোৱা বু‌লি অনুৰাগী হৈল পৰিছে উদ্বিগ্ন। দৰাচলতে, কৰীণাই চিকিত্‍সা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰচলিত ক’মাত প্ৰৱেশ কৰা নাই- তেওঁ আচলতে ফুড ক’মাতহে প্ৰৱেশ কৰিছে।

সম্প্ৰতি, 'লাল সিং চাদ্দা' ছবিৰ মুক্তিৰ অপেক্ষাত আছে কৰীণা। এই ছবিখনত পুনৰবাৰ ‘থ্ৰী ইডিয়টছ’ৰ সহ অভিনেতা আমিৰ খানৰ সৈতে মঞ্চ শ্বেয়াৰ কৰিব কৰীণাই। ১১ আগষ্টত মুক্তি পাব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ