--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকাৰ দৰে হ’বলৈ গৈ আছে ভাৰতৰ অৰ্থনৈতিক অৱস্থা! শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটে শংকা আৰু উদ্বিগ্নতা বৃদ্ধি কৰিছে ভাৰতৰ প্ৰতিও৷ শ্ৰীলংকাৰ অৰ্থনৈতিক বিপৰ্যয়ে ৰাষ্ট্ৰখনক জৰুৰীকালীন অৱস্থাৰ দিশলৈ ঠেলি দিলে৷ শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকতো উত্থাপিত হৈছে প্ৰশ্ন৷

ভাৰতেও শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে নেকি? প্ৰধানমন্ত্ৰী মোদী আৰু আমোলাসকলৰ এখন বৈঠকৰ মাজত প্ৰশ্ন উত্থাপন কৰা হৈছে, য’ত জ্যেষ্ঠ বিষয়াসকলে ৰাজ্যসমূহৰ অব্যৱহাৰিক আৰু জনপ্ৰিয় আঁচনিসমূহৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যসমূহৰ বহুতো আঁচনি অৰ্থনৈতিকভাৱে লাভজনক নহয় আৰু তেওঁলোকে সেইবোৰ শ্ৰীলংকালৈ লৈ যাব পাৰে বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত এনএছএ অজিত ডোভাল, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ আৰু কেবিনেট সচিব ৰাজীৱ গৌবাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ আইএএছ বিষয়াসকল উপস্থিত আছিল।

ভাৰতৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি সুচল হৈ থকা নাই৷ আজি ধাৰাবাহিক ১৪ দিনৰ বাবে ভাৰতত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম৷ ১৪ দিনত প্ৰতি লিটাৰত ৮.৪ টকা পৰ্যন্ত বৃদ্ধি পালে ইন্ধনৰ দাম৷ আজি ভাৰতত সৰ্বাধিক ১১১.০৩ টকা পৰ্যন্ত হৈছেগৈ পেট্ৰ’লৰ দাম৷ কলকাতাত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১৩.০৩ টকা, চেন্নাইত ১০৮.৯৬ টকা, নতুন দিল্লীত ১০৩.৪১ টকা হৈছেগৈ৷ তাৰ বিপৰীতে শ্ৰীলংকাত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭৯.১৬ টকা৷

আনহাতে, অৰ্থনৈতিক সংকটৰ বাবে শ্ৰীলংকাত একেপেট পাউডাৰ গাখীৰৰ দাম হৈছেগৈ ১৯০০ টকা৷ ভাৰতত অবাধে বৃদ্ধি হৈ গৈ আছে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম৷ অসমত এতিয়াৰে পৰা বৃদ্ধি পাব ফ্লেটৰ দাম৷ অসমত প্ৰতি বৰ্গফুটত ছশটকাকৈ বাঢ়িল ফ্লেটৰ দাম৷ অভাৱনীয় দামবৃদ্ধিয়ে বিপৰ্যস্ত কৰিছে ভাৰতবাসীক৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ অৱস্থাও শ্ৰীলংকাৰ দৰে হ’বলৈ বেছিদিন যেনালাগিব, সেয়া নিশ্চিত৷

ইপিনে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সোমবাৰে বিৰোধীপক্ষক মন্ত্ৰীৰ দপ্তৰ গ্ৰহণ কৰিবলৈ আৰু দেশৰ বিধ্বস্ত অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰৰ পথ বিচাৰি উলিওৱাত সহায় কৰিবলৈ আমন্ত্ৰণ জনাইছিল। খবৰ অনুসৰি ৩৬ ঘণ্টাৰ কাৰ্ফিউ উঠাই লোৱাৰ পাছত আজি পুৱা ৰাষ্ট্ৰপতি ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত বিক্ষিপ্ত প্ৰতিবাদ আৰম্ভ হৈছে৷ দেশখন বৰ্তমান জৰুৰীকালীন অৱস্থাৰ অধীনত আছে, যিটো ৩১ মাৰ্চত ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বাসভৱন ঘেৰাও কৰাৰ পাছত ঘোষণা কৰা হৈছিল। দেওবাৰে শ্ৰীলংকাৰ পশ্চিম প্ৰদেশত কাৰ্ফিউ উলংঘা কৰা আৰু চৰকাৰবিৰোধী সমদল অনুষ্ঠিত কৰাৰ চেষ্টা কৰাৰ বাবে ৬০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ