--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকাৰ দৰে হ’বলৈ গৈ আছে ভাৰতৰ অৰ্থনৈতিক অৱস্থা! শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটে শংকা আৰু উদ্বিগ্নতা বৃদ্ধি কৰিছে ভাৰতৰ প্ৰতিও৷ শ্ৰীলংকাৰ অৰ্থনৈতিক বিপৰ্যয়ে ৰাষ্ট্ৰখনক জৰুৰীকালীন অৱস্থাৰ দিশলৈ ঠেলি দিলে৷ শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকতো উত্থাপিত হৈছে প্ৰশ্ন৷

ভাৰতেও শ্ৰীলংকাৰ দৰে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে নেকি? প্ৰধানমন্ত্ৰী মোদী আৰু আমোলাসকলৰ এখন বৈঠকৰ মাজত প্ৰশ্ন উত্থাপন কৰা হৈছে, য’ত জ্যেষ্ঠ বিষয়াসকলে ৰাজ্যসমূহৰ অব্যৱহাৰিক আৰু জনপ্ৰিয় আঁচনিসমূহৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যসমূহৰ বহুতো আঁচনি অৰ্থনৈতিকভাৱে লাভজনক নহয় আৰু তেওঁলোকে সেইবোৰ শ্ৰীলংকালৈ লৈ যাব পাৰে বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত এনএছএ অজিত ডোভাল, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ আৰু কেবিনেট সচিব ৰাজীৱ গৌবাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ আইএএছ বিষয়াসকল উপস্থিত আছিল।

ভাৰতৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি সুচল হৈ থকা নাই৷ আজি ধাৰাবাহিক ১৪ দিনৰ বাবে ভাৰতত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম৷ ১৪ দিনত প্ৰতি লিটাৰত ৮.৪ টকা পৰ্যন্ত বৃদ্ধি পালে ইন্ধনৰ দাম৷ আজি ভাৰতত সৰ্বাধিক ১১১.০৩ টকা পৰ্যন্ত হৈছেগৈ পেট্ৰ’লৰ দাম৷ কলকাতাত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১৩.০৩ টকা, চেন্নাইত ১০৮.৯৬ টকা, নতুন দিল্লীত ১০৩.৪১ টকা হৈছেগৈ৷ তাৰ বিপৰীতে শ্ৰীলংকাত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭৯.১৬ টকা৷

আনহাতে, অৰ্থনৈতিক সংকটৰ বাবে শ্ৰীলংকাত একেপেট পাউডাৰ গাখীৰৰ দাম হৈছেগৈ ১৯০০ টকা৷ ভাৰতত অবাধে বৃদ্ধি হৈ গৈ আছে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম৷ অসমত এতিয়াৰে পৰা বৃদ্ধি পাব ফ্লেটৰ দাম৷ অসমত প্ৰতি বৰ্গফুটত ছশটকাকৈ বাঢ়িল ফ্লেটৰ দাম৷ অভাৱনীয় দামবৃদ্ধিয়ে বিপৰ্যস্ত কৰিছে ভাৰতবাসীক৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ অৱস্থাও শ্ৰীলংকাৰ দৰে হ’বলৈ বেছিদিন যেনালাগিব, সেয়া নিশ্চিত৷

ইপিনে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সোমবাৰে বিৰোধীপক্ষক মন্ত্ৰীৰ দপ্তৰ গ্ৰহণ কৰিবলৈ আৰু দেশৰ বিধ্বস্ত অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰৰ পথ বিচাৰি উলিওৱাত সহায় কৰিবলৈ আমন্ত্ৰণ জনাইছিল। খবৰ অনুসৰি ৩৬ ঘণ্টাৰ কাৰ্ফিউ উঠাই লোৱাৰ পাছত আজি পুৱা ৰাষ্ট্ৰপতি ৰাজপাক্ষেৰ পদত্যাগৰ দাবীত বিক্ষিপ্ত প্ৰতিবাদ আৰম্ভ হৈছে৷ দেশখন বৰ্তমান জৰুৰীকালীন অৱস্থাৰ অধীনত আছে, যিটো ৩১ মাৰ্চত ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বাসভৱন ঘেৰাও কৰাৰ পাছত ঘোষণা কৰা হৈছিল। দেওবাৰে শ্ৰীলংকাৰ পশ্চিম প্ৰদেশত কাৰ্ফিউ উলংঘা কৰা আৰু চৰকাৰবিৰোধী সমদল অনুষ্ঠিত কৰাৰ চেষ্টা কৰাৰ বাবে ৬০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান