--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমীয়া গামোচাক জন্তু বুলি কৈ এগৰাকী শিক্ষক বিতৰ্কত সোমাই পৰাৰ পাছত এইবাৰ উত্তৰ-পূবৰ লোকক লৈ আন এক বৈষম্যবাদী মন্তব্য আগবঢ়াইছে এগৰাকী শিক্ষকে। উত্তৰ-পূবৰ লোকক লৈ সততে কৰা বৈষম্যবাদী মন্তব্যই বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰাৰ পাছতো শাম কটা নাই এনেবোৰ ঘটনা। শৈক্ষিক ষ্টাৰ্টআপ ‘আনএকাডেমী’ৰ এগৰাকী শিক্ষকে উত্তৰ-পূবৰ জনজাতীয় লোকক লৈ কৰা বৈষম্যবাদী মন্তব্যই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া।

টুইটাৰত প্ৰচাৰ হোৱা এক ভিডিঅ’ত সিদ্ধাৰ্থ সিং নামৰ শিক্ষকগৰাকীয়ে ‘মিছন আইএএছ-২০২১’ শীৰ্ষক এক শিতানত ঝুম খেতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল। তাত তেওঁ উত্তৰ-পূবৰ জনজাতীয় খেতিয়কসকলক লৈ চূড়ান্ত বৈষম্যবাদী মন্তব্য আগবঢ়ায়। ইউপিএছচি প্ৰশিক্ষণমূলক ভিডিঅ’টোত সিদ্ধাৰ্থ সিঙে ঝুম খেতিৰ বৰ্ণনা দিবলৈ গৈ কয় যে, ঝুম খেতি কৰা আমাৰ জনজাতীয় মানুহবিলাকৰ মাথামুণ্ড, সম্পত্তি তথা কোনো মাটিৰ দলিল নাই। তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ পাছতেই ভিডিঅ’টো ইতিমধ্যে আঁতৰাই দিয়া হৈছে। 'আনএকাডেমী'-এ ইতিমধ্যে ভিডিঅ'টো সন্দৰ্ভত খেদ প্ৰকাশ কৰিছে আৰু শিক্ষকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ