--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তেজে ধোৱা এটি অঞ্চল৷ অঞ্চলটোৰ প্ৰতিটো কোণতেই আছে ছহিদৰ তেজৰ চেঁকুৰা৷ এটি সমীক্ষাই উদঙাই দিছে ভয়াৱহ তথ্য৷ আমি ক'বলৈ বিচাৰিছোঁ জন্মু-কাশ্মীৰত দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ছহিদৰ কথা৷ কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে এক তথ্য প্ৰকাশ কৰিছিল৷ তাত কোৱা হৈছিল যে, ২০২০ চনত জম্মু-কাশ্মীৰত সংঘৰ্ষকে ধৰি বিভিন্ন সন্ত্ৰাসবাদমূলক কামত ৬২জন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাছে। আৰু ১০৬ জন আহত হৈছে৷ আনহাতে ২০২১ চনত এনে ঘটনাত ৪২জন সুৰক্ষা কৰ্মী নিহত আৰু ১১৭ জন আহত হৈছিল। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে লোকসভাত কয় যে, বিগত দুবছৰত সীমান্তৰ সিপাৰৰ পৰা জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰায় ১৭৬টা অপচেষ্টা চলোৱা হৈছিল আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে নিৰাপত্তাবাহিনীয়ে চলোৱা অভিযানত ৩১জন সন্ত্ৰাসবাদী নিহত হৈছিল৷ ৰায়ে সদৰি কৰে যে, সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা মুখ্যতঃ চলিছিল জম্মু আৰু কাশ্মীৰত৷ অঞ্চলটোত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰাণ হেৰুৱাইছিল দেশৰ এইসকল বীৰ সৈনিকে৷ কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০ চনত ৯৯টা আৰু ২০২১ চনত ৭৭ টা অনুপ্ৰৱেশৰ চেষ্টা হৈছিল আনহাতে ২০২০ চনত এনে অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ সময়ত ১৯জন সন্ত্ৰাসবাদী নিহত হৈছিল। ২০২১ চনত ১২জন সন্ত্ৰাসবাদী নিহত হৈছিল আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ২০২০ চনত অনুপ্ৰৱেশৰ সময়ত হোৱা সংঘৰ্ষকে ধৰি সন্ত্ৰাসবাদজনিত হিংসাত ৬২ জন নিৰাপত্তাৰক্ষী নিহত আৰু ১০৬ জন আহত হৈছিল, আনহাতে ২০২১ চনত এনে ঘটনাত ৪২জন সুৰক্ষা কৰ্মী নিহত হৈছিল আৰু ১১৭ জন আহত হৈছিল। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য