--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এতিয়া জীৱন সঞ্জীৱনী হৈ পৰিছে ঔষধ৷ ক’ভিডৰ জটিল সময়খিনিত এতিয়া মানুহে যেন ঔষধকে সাৰথী কৰি জীৱন অতিবাহিত কৰিছে৷ এই সময়খিনিত বিভিন্ন ভিটামিন, জ্বৰ, কাহৰ ঔষধৰ চাহিদা বৃদ্ধি পাইছে্৷ কিন্তু ঔষধৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ী চক্ৰই নীতি-বৰ্হিভূতভাৱে বিভিন্ন ঔষধৰ দাম বৃদ্ধি কৰি আহিছে৷ ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে দেশজুৰি আন্দোলনৰ বাবে সাজু হৈছে মেডিকেল আৰু ছেলছ   ৰিপ্ৰেজেনটেটিভ সংস্থা৷ ১৯ জানুৱাৰীত সংস্থাটোৱে সমগ্ৰ দেশতে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংস্থাটোৱে জানিবলৈ দিছে৷ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংশ্লিষ্ট সংস্থাটোৰ উত্তৰ-পূবৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই কয় যে, ৯০ শতাংশ ঔষধৰ মূল্য নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই৷ চৰকাৰী নিৰ্দেশনা অনুসৰি ঔষধৰ মূল্য বছৰত মাত্ৰ ১০ শতাংশহে বৃদ্ধি কৰিব পাৰে৷ কিন্তু এতিয়াৰ পৰা অধিকাংশ ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়েই কৰ’নাকালীন সময়ত ইচ্ছাকৃতভাবেই ঔষধৰ দাম বৃদ্ধি কৰিছে, এই ঔষধৰ মূল্য বিগত দুবছৰত ৩০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি হৈছে৷ সংবাদ মাধ্যমত সংস্থাটোৰ সম্পাদকগৰাকীয়ে কয় যে, কৰ’নাৰ সুবিধা লৈ দেশৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে পেৰাচিটামল, ডোলাৰ পৰা আৰম্ভ কৰি ভিটামিনলৈকে ঔষধৰ দাম বৃদ্ধি কৰিছে৷ কিন্তু ইয়াৰ পাছতো চৰকাৰে এই অসাধু চক্ৰটোৰ বিৰুদ্ধে একো মাত নমতাটো দুৰ্ভাগ্যজনক৷ উল্লেখ্য যে, ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে সংগঠনটোৰ দুই লাখ সদস্যই ১৯ জানুৱাৰীত দেশজুৰি ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন