--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এতিয়া জীৱন সঞ্জীৱনী হৈ পৰিছে ঔষধ৷ ক’ভিডৰ জটিল সময়খিনিত এতিয়া মানুহে যেন ঔষধকে সাৰথী কৰি জীৱন অতিবাহিত কৰিছে৷ এই সময়খিনিত বিভিন্ন ভিটামিন, জ্বৰ, কাহৰ ঔষধৰ চাহিদা বৃদ্ধি পাইছে্৷ কিন্তু ঔষধৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ী চক্ৰই নীতি-বৰ্হিভূতভাৱে বিভিন্ন ঔষধৰ দাম বৃদ্ধি কৰি আহিছে৷ ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে দেশজুৰি আন্দোলনৰ বাবে সাজু হৈছে মেডিকেল আৰু ছেলছ   ৰিপ্ৰেজেনটেটিভ সংস্থা৷ ১৯ জানুৱাৰীত সংস্থাটোৱে সমগ্ৰ দেশতে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংস্থাটোৱে জানিবলৈ দিছে৷ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংশ্লিষ্ট সংস্থাটোৰ উত্তৰ-পূবৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই কয় যে, ৯০ শতাংশ ঔষধৰ মূল্য নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই৷ চৰকাৰী নিৰ্দেশনা অনুসৰি ঔষধৰ মূল্য বছৰত মাত্ৰ ১০ শতাংশহে বৃদ্ধি কৰিব পাৰে৷ কিন্তু এতিয়াৰ পৰা অধিকাংশ ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়েই কৰ’নাকালীন সময়ত ইচ্ছাকৃতভাবেই ঔষধৰ দাম বৃদ্ধি কৰিছে, এই ঔষধৰ মূল্য বিগত দুবছৰত ৩০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি হৈছে৷ সংবাদ মাধ্যমত সংস্থাটোৰ সম্পাদকগৰাকীয়ে কয় যে, কৰ’নাৰ সুবিধা লৈ দেশৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে পেৰাচিটামল, ডোলাৰ পৰা আৰম্ভ কৰি ভিটামিনলৈকে ঔষধৰ দাম বৃদ্ধি কৰিছে৷ কিন্তু ইয়াৰ পাছতো চৰকাৰে এই অসাধু চক্ৰটোৰ বিৰুদ্ধে একো মাত নমতাটো দুৰ্ভাগ্যজনক৷ উল্লেখ্য যে, ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে সংগঠনটোৰ দুই লাখ সদস্যই ১৯ জানুৱাৰীত দেশজুৰি ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ