--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া চাৰিওফালে কেৱল কৰ'নাৰ আতংক। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ'নাৰ লগতে অ'মিক্ৰনো মানুহৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে। এনে অস্থিৰ পৰিৱেশৰ মাজতে প্ৰতিখন ৰাজ্য চৰকাৰে ভিন্ন ক'ভিড গাইডলাইন জাৰি কৰিছে। বিয়া-সবাহ আদিত কিমান মানুহ উপস্থিত থাকিব পাৰিব তাৰো গাইডলাইন জাৰি কৰা হৈছে। ভিন্ন পৰিকল্পনাৰে বিয়া পাতিম বুলি ভাবি থকাসকলে চৰকাৰৰ গাইডলাইন শুনি হতাশ হৈ আনকি নিজৰ বিয়াও পিছুৱাই দিছে। এইখিনিতে এহাল যুৱক-যুৱতীৰ এক বিয়াৰ খবৰ পোহৰলৈ আহিছে। তেওঁলোকে ক'ভিড আতংকৰ মাজতে ঘৰখন পাতিবলৈ মন মেলিছে। বিয়াৰ দিন আগতেই ঠিক কৰি থোৱা আছিল সেয়েহে এজনেও বিয়াখন পিছুৱাবলৈ নিবিচাৰিলে। এই কাহিনী পশ্চিমবংগৰ। পশ্চিমবংগৰ বৰ্ধমানৰ বাসিন্দা সন্দীপন সৰকাৰ আৰু অদিতি দাসে ২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব। তেওঁলোকে কোনো ক'ভিড আইন ভংগ নকৰাকৈ চিৰজীৱনৰ বাবে এক হ'বলৈ আগবাঢ়িছে। সন্দীপন সৰকাৰ আৰু অদিতি দাসে নিজৰ বিয়াত নিমন্ত্ৰণ দিবলৈ ৪৫০ জন লোকৰ এখন তালিকা প্ৰস্তুত কৰিছিল কিন্তু গাইডলাইন অনুসৰি ইমান সংখ্যক মানুহ বিয়াত উপস্থিত থাকিলে দৰা-কইনা আইনী ৰোষত পৰাটো খাটাং। সন্দীপন সৰকাৰ আৰু অদিতি দাসে কোনো ক'ভিড আইন ভংগ নকৰাকৈ ৪৫০ জন লোকৰ উপস্থিতিতে বিবাহৰ পৰিকল্পনা কৰিছে। এই ৪৫০ জন মানুহৰ মাজত ১০০ৰ পৰা ১২০ জন অতিথি বিয়াত শাৰীৰীকভাৱে উপস্থিত থাকিব, আনহাতে ৩০০ৰো অধিক লোকে বিয়াখনৰ লাইভ টেলিকাষ্ট চাব। সন্দীপন-অদিতিৰ বিবাহৰ নিমন্ত্ৰিত অতিথিসকলে ২৪ জানুৱাৰীত গুগল মিট ব্যৱহাৰ কৰিব। গুগল মিটত আটাইবোৰ লগ হৈ দৰা-কইনাক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিব। জমেট'ৰ জৰিয়তে সকলো অতিথিক খাদ্য যোগান ধৰিব দৰা-কইনাই। যুৱক-যুৱতীহালে অতিথিসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ৰাজ্য চৰকাৰে জাৰি কৰা ২০০ জনীয়া মানুহৰ উপস্থিতিৰ সীমা মানি চলিবলৈ গুগল মিটত তেওঁলোকৰ বিবাহৰ আয়োজন কৰাৰ সিদ্ধান্ত লয়। অতিথিসকলে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিয়াখন চাবলৈ পাব আৰু ঘৰতে আৰামত বহি জমেট'ৰ জৰিয়তে যোগান ধৰা খাদ্যৰ সোৱাদ ল'ব পাৰিব। বিবাহৰ এটা লাইভ ষ্ট্ৰীম চাব পাৰিব নিমন্ত্ৰিত অতিথিসকলে। ২৮ বছৰীয়া সন্দীপন সৰকাৰে কৈছিল যে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ত চাৰিদিন কটোৱাৰ পাছত ডিজিটেল বিবাহ আয়োজনৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল। আৰু পঢ়কঃ ঘৰত নবহে মন!প্ৰেমিকক লগ পাবলৈ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত সোমাল প্ৰেমিকা, তাৰপাছত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক