--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া চাৰিওফালে কেৱল কৰ'নাৰ আতংক। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ'নাৰ লগতে অ'মিক্ৰনো মানুহৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে। এনে অস্থিৰ পৰিৱেশৰ মাজতে প্ৰতিখন ৰাজ্য চৰকাৰে ভিন্ন ক'ভিড গাইডলাইন জাৰি কৰিছে। বিয়া-সবাহ আদিত কিমান মানুহ উপস্থিত থাকিব পাৰিব তাৰো গাইডলাইন জাৰি কৰা হৈছে। ভিন্ন পৰিকল্পনাৰে বিয়া পাতিম বুলি ভাবি থকাসকলে চৰকাৰৰ গাইডলাইন শুনি হতাশ হৈ আনকি নিজৰ বিয়াও পিছুৱাই দিছে। এইখিনিতে এহাল যুৱক-যুৱতীৰ এক বিয়াৰ খবৰ পোহৰলৈ আহিছে। তেওঁলোকে ক'ভিড আতংকৰ মাজতে ঘৰখন পাতিবলৈ মন মেলিছে। বিয়াৰ দিন আগতেই ঠিক কৰি থোৱা আছিল সেয়েহে এজনেও বিয়াখন পিছুৱাবলৈ নিবিচাৰিলে। এই কাহিনী পশ্চিমবংগৰ। পশ্চিমবংগৰ বৰ্ধমানৰ বাসিন্দা সন্দীপন সৰকাৰ আৰু অদিতি দাসে ২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব। তেওঁলোকে কোনো ক'ভিড আইন ভংগ নকৰাকৈ চিৰজীৱনৰ বাবে এক হ'বলৈ আগবাঢ়িছে। সন্দীপন সৰকাৰ আৰু অদিতি দাসে নিজৰ বিয়াত নিমন্ত্ৰণ দিবলৈ ৪৫০ জন লোকৰ এখন তালিকা প্ৰস্তুত কৰিছিল কিন্তু গাইডলাইন অনুসৰি ইমান সংখ্যক মানুহ বিয়াত উপস্থিত থাকিলে দৰা-কইনা আইনী ৰোষত পৰাটো খাটাং। সন্দীপন সৰকাৰ আৰু অদিতি দাসে কোনো ক'ভিড আইন ভংগ নকৰাকৈ ৪৫০ জন লোকৰ উপস্থিতিতে বিবাহৰ পৰিকল্পনা কৰিছে। এই ৪৫০ জন মানুহৰ মাজত ১০০ৰ পৰা ১২০ জন অতিথি বিয়াত শাৰীৰীকভাৱে উপস্থিত থাকিব, আনহাতে ৩০০ৰো অধিক লোকে বিয়াখনৰ লাইভ টেলিকাষ্ট চাব। সন্দীপন-অদিতিৰ বিবাহৰ নিমন্ত্ৰিত অতিথিসকলে ২৪ জানুৱাৰীত গুগল মিট ব্যৱহাৰ কৰিব। গুগল মিটত আটাইবোৰ লগ হৈ দৰা-কইনাক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিব। জমেট'ৰ জৰিয়তে সকলো অতিথিক খাদ্য যোগান ধৰিব দৰা-কইনাই। যুৱক-যুৱতীহালে অতিথিসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু ৰাজ্য চৰকাৰে জাৰি কৰা ২০০ জনীয়া মানুহৰ উপস্থিতিৰ সীমা মানি চলিবলৈ গুগল মিটত তেওঁলোকৰ বিবাহৰ আয়োজন কৰাৰ সিদ্ধান্ত লয়। অতিথিসকলে ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিয়াখন চাবলৈ পাব আৰু ঘৰতে আৰামত বহি জমেট'ৰ জৰিয়তে যোগান ধৰা খাদ্যৰ সোৱাদ ল'ব পাৰিব। বিবাহৰ এটা লাইভ ষ্ট্ৰীম চাব পাৰিব নিমন্ত্ৰিত অতিথিসকলে। ২৮ বছৰীয়া সন্দীপন সৰকাৰে কৈছিল যে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসালয়ত চাৰিদিন কটোৱাৰ পাছত ডিজিটেল বিবাহ আয়োজনৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল। আৰু পঢ়কঃ ঘৰত নবহে মন!প্ৰেমিকক লগ পাবলৈ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত সোমাল প্ৰেমিকা, তাৰপাছত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ