--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে বহু মানুহে অসাধ্য সাধন কৰে। প্ৰেম এনেকুৱা এক শক্তি যে মানুহে যিকোনো বাধা ওফৰাই দিবলৈ সাজু হৈ উঠে। এগৰাকী প্ৰেমিকাই দুখন দেশৰ মাজৰ কাঁইটীয়া বেৰ পাৰ হৈ নিজৰ প্ৰেমিকক লগ পাবলৈ ঢপলিয়াই গ'ল। প্ৰেমে যে কোনো বাধা নামানে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে প্ৰেমিকাগৰাকীয়ে। ভাৰতৰ কোচবিহাৰৰ তুফানগঞ্জৰ এজন যুৱকৰ প্ৰেমত পৰিছিল বাংলাদেশৰ এগৰাকী যুৱতী। প্ৰায় ছমাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে দুয়োৰে মাজত চিনাকি হয় আৰু লাহে তেওঁলোকৰ মাজত বন্ধুত্বই গঢ় লৈ উঠে। এই বন্ধুত্বই কেতিয়ানো প্ৰেমৰ ৰূপ ললে দুয়ো তলকিবই নোৱাৰিলে। প্ৰেমিকক লগ পাবলৈ উত্ৰাৱল হৈ পৰিল প্ৰেমিকা। প্ৰেমৰ তাড়নাত অৱশেষত বাংলাদেশৰ বগুড়া জিলাৰ পৰা দুই দেশৰ মাজৰ বিশাল কাঁইটীয়া বেৰ অবৈধভাৱে পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে প্ৰেমিকাই। প্ৰেমিকাৰ নাম আৱছানা। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আৱছানাক বাংলাদেশ সীমান্তৰ দিঘলচাৰীত সীমা সুৰক্ষা বাহিনীৰ ১২৯ নং বাহিনীয়ে আটক কৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে আৱছানাক পিছত সাহেৱগঞ্জ আৰক্ষীক গতাই দিয়ে। বংগ আৰক্ষীয়ে সোমবাৰে আৱছানাক দিনহাটা মহকুমা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি দিনহাটা মহকুমা আদালতত হাজিৰ কৰোৱায়। আদালতে প্ৰেমিকাগৰাকীক চৈধ্য দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৱশ্যে আৱছানাৰ ভাৰতীয় প্ৰেমিকৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। বাংলাদেশী প্ৰেয়সীয়ে যুৱকজনৰ ঘৰ তুফানগঞ্জত বুলি দাবী কৰিলেও এতিয়াও পোহৰলৈ অহা নাই প্ৰেমিকৰ নাম-পৰিচয়। কিন্তু দুখন দেশৰ এই প্ৰেম কাহিনীয়ে এতিয়া সকলোতে লভিছে চৰ্চা। আগ পিছ নুগুনি প্ৰেমিকক লগ কৰিবলৈ অহা প্ৰেমিকাৰ লটিঘটিৰ কাহিনীয়ে বহু লোকক আমোদো দিছে। আৰু পঢ়কঃ ২টা মূৰ ৪ টা চকুৰে জন্ম হ’ল গৰু পোৱালিৰ! পোৱালিটো চাবলৈ ভিৰ লাগিছে মানুহৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম