--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে বহু মানুহে অসাধ্য সাধন কৰে। প্ৰেম এনেকুৱা এক শক্তি যে মানুহে যিকোনো বাধা ওফৰাই দিবলৈ সাজু হৈ উঠে। এগৰাকী প্ৰেমিকাই দুখন দেশৰ মাজৰ কাঁইটীয়া বেৰ পাৰ হৈ নিজৰ প্ৰেমিকক লগ পাবলৈ ঢপলিয়াই গ'ল। প্ৰেমে যে কোনো বাধা নামানে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে প্ৰেমিকাগৰাকীয়ে। ভাৰতৰ কোচবিহাৰৰ তুফানগঞ্জৰ এজন যুৱকৰ প্ৰেমত পৰিছিল বাংলাদেশৰ এগৰাকী যুৱতী। প্ৰায় ছমাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে দুয়োৰে মাজত চিনাকি হয় আৰু লাহে তেওঁলোকৰ মাজত বন্ধুত্বই গঢ় লৈ উঠে। এই বন্ধুত্বই কেতিয়ানো প্ৰেমৰ ৰূপ ললে দুয়ো তলকিবই নোৱাৰিলে। প্ৰেমিকক লগ পাবলৈ উত্ৰাৱল হৈ পৰিল প্ৰেমিকা। প্ৰেমৰ তাড়নাত অৱশেষত বাংলাদেশৰ বগুড়া জিলাৰ পৰা দুই দেশৰ মাজৰ বিশাল কাঁইটীয়া বেৰ অবৈধভাৱে পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে প্ৰেমিকাই। প্ৰেমিকাৰ নাম আৱছানা। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা আৱছানাক বাংলাদেশ সীমান্তৰ দিঘলচাৰীত সীমা সুৰক্ষা বাহিনীৰ ১২৯ নং বাহিনীয়ে আটক কৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে আৱছানাক পিছত সাহেৱগঞ্জ আৰক্ষীক গতাই দিয়ে। বংগ আৰক্ষীয়ে সোমবাৰে আৱছানাক দিনহাটা মহকুমা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি দিনহাটা মহকুমা আদালতত হাজিৰ কৰোৱায়। আদালতে প্ৰেমিকাগৰাকীক চৈধ্য দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৱশ্যে আৱছানাৰ ভাৰতীয় প্ৰেমিকৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। বাংলাদেশী প্ৰেয়সীয়ে যুৱকজনৰ ঘৰ তুফানগঞ্জত বুলি দাবী কৰিলেও এতিয়াও পোহৰলৈ অহা নাই প্ৰেমিকৰ নাম-পৰিচয়। কিন্তু দুখন দেশৰ এই প্ৰেম কাহিনীয়ে এতিয়া সকলোতে লভিছে চৰ্চা। আগ পিছ নুগুনি প্ৰেমিকক লগ কৰিবলৈ অহা প্ৰেমিকাৰ লটিঘটিৰ কাহিনীয়ে বহু লোকক আমোদো দিছে। আৰু পঢ়কঃ ২টা মূৰ ৪ টা চকুৰে জন্ম হ’ল গৰু পোৱালিৰ! পোৱালিটো চাবলৈ ভিৰ লাগিছে মানুহৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক