--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিড ১৯ মহামাৰীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ সেই সময়ত বিজেপি ৰ এজন জনপ্ৰতিনিধিয়ে দায়িত্বহীন কাণ্ডৰে চৰ্চাৰ মাজলৈ আহিছে৷ প্ৰতিনিধিজন হৈছে কৰ্ণাটকৰ বন মন্ত্ৰী উমেশ ভি কাট্টি৷ যি সময়ত কৰ্ণাটকত ক’ভিড-১৯ মহামাৰীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে, আৰু ৰাজ্যখনত ক’ভিডৰ তৃতীয় ঢৌ আশংকা কৰা হৈছে ইয়াকে লৈ চৰকাৰে জনসাধাৰণৰ ওপৰত বিভিন্ন নিষেধাজ্ঞ আৰোপ কৰিছে, সেই সময়ত ৰাজ্যখনৰ এজন বিজেপি মন্ত্ৰীক এখন ৰাজহুৱা সভাত মাস্ক অবিহনে দেখা গৈছিল। বন মন্ত্ৰী উমেশ ভি কাট্টিয়ে বেলাগাভিত বন বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ মাস্ক পিন্ধা নাছিল। ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত মন্ত্ৰীগৰাকীক কোৱা শুনা গৈছে যে তেওঁ "মুখা পিন্ধিবলৈ মন নাছিল"। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্ধৃতিৰে তেওঁৰ স্থিতিৰ ন্যায্যতা প্ৰদান কৰি ক’য় যে, প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে তেওঁ একো বাধ্যতামূলক নকৰে। মুখা পিন্ধাটো প্ৰতিজন ব্যক্তিজনৰ দায়িত্ব। গতিকে এইটো মোৰ নিজা দায়িত্ব,মাস্ক পিন্ধোটো মোৰ অনুভৱ হোৱা নাছিল, সেয়েহে মই পিন্ধা নাছিলো," কাট্টিয়ে কৈছিল। কৰ্ণাটকত ক’ভিড-১৯ কেচৰ সংখ্যা বৃদ্ধি হৈ থকাৰ সমান্তৰালকৈ আৰু চৰকাৰে ইয়াক নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পৰিস্থিতি গ্ৰহণ কৰি থকাৰ সময়তে, বিজেপি মন্ত্ৰীগৰাকীৰ এনে কাণ্ডজ্ঞানহীন মন্তব্যই জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে৷ সোমবাৰে, কৰ্ণাটকত ২৭,১৫৬ টা নতুন কোভিড সংক্ৰমণ কেচ আৰু ১৪ জনৰ মৃত্যু হৈছে, যাৰ ফলত ৰাজ্যখনত মুঠ ক’ভিড কেচ ক্ৰমান্বয়ে ৩২,৪৭,২৪৩ ৰ পৰা ৩৮,৪৪৫ লৈ বৃদ্ধি হৈছে, স্বাস্থ্য বিভাগে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন