--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : যিবোৰ বিষয়ক লৈ এসময়ত মুকলিকৈ কথা পাতিব পৰা পৰিৱেশ নাছিল, বলীউডে এতিয়া এনে কেতবোৰ বিষয়-বস্তুক লৈয়ে নিৰ্মাণ কৰিছে চিনেমা। এইবাৰ কণ্ডম পৰীক্ষকৰ কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে এখন ছবিৰ। দাক্ষিণাত্যৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে কণ্ডম পৰীক্ষকৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিবলৈ পোৱা গৈছে। ছবিখনৰ নাম-'চত্ৰীৱালী'। শেহতীয়াকৈ ভাৰতৰ লক্ষ্ণৌত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ৰনি স্ক্ৰুৱালাৰ দ্বাৰা প্ৰযোজিত আৰু তেজছ দেওস্কাৰৰ দ্বাৰা পৰিচালিত ছবিখনক লৈ আশাবাদী ৰাকুল প্ৰীত। ছবিখনৰ প্ৰথম দৰ্শনী অলপতে মুক্তি পাইছে। ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

শিৰোনামত লিখিছে, ‘যিকোনো সময়তে বৰষুণ আহিব পাৰে, আপোনালোকে ছাতি সাজু ৰাখিব!’ আৰম্ভণিৰে পৰা ছবিখনক লৈ যথেষ্ট উৎসাহিত অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এটা ভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত ৰাকুলে কয়, ‘মই একে সময়তে অতি ৰোমাঞ্চিত আৰু উৎসাহিতও। মোৰ মতে, কিছুমান বিষয়ক লৈ মুকলিকৈ কথা পতাৰ প্ৰয়োজনীয়তা আছে। মই আপোনালোকক জ্ঞান দিয়া নাই,কথাটো কৈছোহে,সুস্থ মানসিকতাৰে আলোচনা কৰাটো উচিত। সেইকাৰণেই এই চৰিত্ৰটো মই ইমান ভাল পাইছোঁ।’


কণ্ডম পৰীক্ষকৰ কাম দৰমহা নোপোৱা এজন কৰ্মচাৰীৰ দৰে একে। কণ্ডম নিৰ্মাণকাৰী বৃহত্‍ কোম্পানীবোৰে প্ৰাপ্তবয়স্ক কৰ্মচাৰীসকলক তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰিবলৈহে নিযুক্তি দিয়ে। উৎপাদনৰ পিছত, পৰীক্ষাৰ বাবে সেইবোৰ দিয়া হয়। তেওঁলোকৰ অভিজ্ঞতা আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি, এই সামগ্ৰীবোৰৰ মান সলনি কৰা হয়। সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত বজাৰলৈ মুকলি কৰি দিয়া হয়। ছবিখন সন্দৰ্ভত পৰিচালক তেজছ দেওস্কাৰে কয়, ‘আমাৰ ছবিখন এখন সামাজিক-পাৰিবাৰিক আৰু মনোৰঞ্জনধৰ্মী। কণ্ডমৰ ব্যৱহাৰিতাক কলংক মুক্ত কৰাই আমাৰ লক্ষ্য। ছবিখন শ্বুটিঙৰ মজিয়ালৈ যোৱাৰ বাবে আমি সঁচাকৈয়ে আনন্দিত। ’ উল্লেখ্য যে, বলীউড চিনেমাৰ বিষয়বস্তুত শেহতীয়াকৈ এক ব্যাপক পৰিৱৰ্তন ঘটিছে। 'পেড মেন', 'টয়লেট এক প্ৰেম কথা', 'চুই ধাগা' ইয়াৰ উত্কৃকষ্ট প্ৰমাণ। মনোৰঞ্জনৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাৰ উপৰিও, চলচ্চিত্ৰসমূহে সামাজিক সংস্কাৰ ভংগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এইবাৰ 'চত্ৰীৱালী'য়ে কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement