--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : যিবোৰ বিষয়ক লৈ এসময়ত মুকলিকৈ কথা পাতিব পৰা পৰিৱেশ নাছিল, বলীউডে এতিয়া এনে কেতবোৰ বিষয়-বস্তুক লৈয়ে নিৰ্মাণ কৰিছে চিনেমা। এইবাৰ কণ্ডম পৰীক্ষকৰ কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে এখন ছবিৰ। দাক্ষিণাত্যৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে কণ্ডম পৰীক্ষকৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিবলৈ পোৱা গৈছে। ছবিখনৰ নাম-'চত্ৰীৱালী'। শেহতীয়াকৈ ভাৰতৰ লক্ষ্ণৌত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। ৰনি স্ক্ৰুৱালাৰ দ্বাৰা প্ৰযোজিত আৰু তেজছ দেওস্কাৰৰ দ্বাৰা পৰিচালিত ছবিখনক লৈ আশাবাদী ৰাকুল প্ৰীত। ছবিখনৰ প্ৰথম দৰ্শনী অলপতে মুক্তি পাইছে। ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

শিৰোনামত লিখিছে, ‘যিকোনো সময়তে বৰষুণ আহিব পাৰে, আপোনালোকে ছাতি সাজু ৰাখিব!’ আৰম্ভণিৰে পৰা ছবিখনক লৈ যথেষ্ট উৎসাহিত অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এটা ভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত ৰাকুলে কয়, ‘মই একে সময়তে অতি ৰোমাঞ্চিত আৰু উৎসাহিতও। মোৰ মতে, কিছুমান বিষয়ক লৈ মুকলিকৈ কথা পতাৰ প্ৰয়োজনীয়তা আছে। মই আপোনালোকক জ্ঞান দিয়া নাই,কথাটো কৈছোহে,সুস্থ মানসিকতাৰে আলোচনা কৰাটো উচিত। সেইকাৰণেই এই চৰিত্ৰটো মই ইমান ভাল পাইছোঁ।’


কণ্ডম পৰীক্ষকৰ কাম দৰমহা নোপোৱা এজন কৰ্মচাৰীৰ দৰে একে। কণ্ডম নিৰ্মাণকাৰী বৃহত্‍ কোম্পানীবোৰে প্ৰাপ্তবয়স্ক কৰ্মচাৰীসকলক তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰিবলৈহে নিযুক্তি দিয়ে। উৎপাদনৰ পিছত, পৰীক্ষাৰ বাবে সেইবোৰ দিয়া হয়। তেওঁলোকৰ অভিজ্ঞতা আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি, এই সামগ্ৰীবোৰৰ মান সলনি কৰা হয়। সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত বজাৰলৈ মুকলি কৰি দিয়া হয়। ছবিখন সন্দৰ্ভত পৰিচালক তেজছ দেওস্কাৰে কয়, ‘আমাৰ ছবিখন এখন সামাজিক-পাৰিবাৰিক আৰু মনোৰঞ্জনধৰ্মী। কণ্ডমৰ ব্যৱহাৰিতাক কলংক মুক্ত কৰাই আমাৰ লক্ষ্য। ছবিখন শ্বুটিঙৰ মজিয়ালৈ যোৱাৰ বাবে আমি সঁচাকৈয়ে আনন্দিত। ’ উল্লেখ্য যে, বলীউড চিনেমাৰ বিষয়বস্তুত শেহতীয়াকৈ এক ব্যাপক পৰিৱৰ্তন ঘটিছে। 'পেড মেন', 'টয়লেট এক প্ৰেম কথা', 'চুই ধাগা' ইয়াৰ উত্কৃকষ্ট প্ৰমাণ। মনোৰঞ্জনৰ জৰিয়তে সজাগতা বৃদ্ধি কৰাৰ উপৰিও, চলচ্চিত্ৰসমূহে সামাজিক সংস্কাৰ ভংগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এইবাৰ 'চত্ৰীৱালী'য়ে কি ৰূপ লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু