--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পৰ্ণকাণ্ডৰ পাছত এইবাৰ আকৌ প্ৰৱঞ্চনাৰ গোচৰত নাম সাঙোৰ খাই পৰিছে ৰাজ কুন্দ্ৰাৰ। কেবল ৰাজ কুন্দ্ৰাই নহয় বলীউড কুইন শিল্পা ছেট্টীৰ বিৰুদ্ধেও উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ। এইগৰাকী চেলিব্ৰেটিৰ বিৰুদ্ধে ১৫১ লাখ টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে নীতিন বাৰাই নামৰ মুম্বাইৰ এজন ব্যৱসায়ী-এ। গোচৰটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিল্পাই কয়, ‘মোৰ মানহানিৰ বাবে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে।’ এক বিবৃতি যোগে তেওঁ কয়, ‘ বিগত ২৮বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছো। গতিকে, নানা অজুহাতত মোক অপমান কৰাৰ চেষ্টা কৰিলে মনত দুখ পাওঁ।’ শিল্পাই কয়, ‘মই পুৱা সাৰ পোৱাৰ লগে লগে শুনিলো যে মোৰ আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

ব্যৱসায়ী কাশাফ খানেই ফিটনেছ কোম্পানীটোৰ চোৱা চিতা কৰে। তেওঁ এই সংগঠনটোৰ স্বাক্ষৰদাতা। ৰাজ আৰু মই এই প্ৰতিষ্ঠানটোৰ লেনদেনৰ বিষয়ে বৰ বেছি নাজানো। আমি তেওঁৰ পৰা এটকাও লোৱা নাই। কোম্পানীটো ২০১৪ চনতেই বন্ধ হৈ গৈছিল। এই সকলোবোৰ কাশাফ খানেই চোৱাচিতা কৰিছিল। প্ৰায় ৩ টা দশক ধৰি বলীউডত কাম কৰি আছো মই। তেনেক্ষেত্ৰত মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰো। ভাৰতীয়সকলে এই অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত।’ ইফালে নীতিনৰ অভিযোগ অনুসৰি, শিল্পা আৰু তেওঁৰ স্বামীয়ে তেওঁক ফিটনেছ কোম্পানীত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল আৰু উপাৰ্জনৰ লাভাংশ প্ৰদানৰ আশ্বাস দিছিল। কিন্তু তেওঁ এতিয়ালৈকে লাভৰ মুখ দেখা নাই। শিল্পা-ৰাজ দম্পতীক বিনিয়োগৰ ধন ঘূৰাই দিবলৈ ক’লে ওলোটাই হুমুকি দিয়া বুলিও অভিযোগ নিতিনৰ। শিল্পা-ৰাজৰ উপৰি, নীতিনে এছএফএল ফিটনেছ প্ৰাইভেট লিমিটেডৰ আন এজন সঞ্চালক কাশাফ খানকো অভিযুক্ত কৰিছে। উল্লেখ্য যে, গোচৰটো বান্দ্ৰা আৰক্ষী থানাত কেইবাটাও ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

উল্লেখ্য যে পৰ্ণ ভিডিঅ’ নিৰ্মাণ আৰু আপলোড কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি কাৰাগাৰৰ বন্ধ কুঠৰীতে দিন নিয়াবলগীয়া হৈছিল। জামিনত মুক্তি লাভ কৰিছে যদিও সংবাদ মাধ্যমৰ পৰা বজাই ৰাখিছে দূৰত্ব। সামাজিক মাধ্যমৰ একাউণ্টবোৰো ডিলিট কৰি দিছে কুন্দ্ৰাই। ৰাজ-শিল্পাৰ জীৱনৰ মধুৰতম সময় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল যদিও মাজতে আকাশী সৰগহে যেন ভাগি পৰিল। হিমাচললৈ গৈ মন্দিৰ দৰ্শন কৰাও দেখা গৈছিল এই দম্পতীক। কিন্তু দিন সদায় একে নাযায় আকৌ এবাৰ শিল্পা-ৰাজৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। তথাপি দৃঢ়তাৰে খোজ দিছে শিল্পাই। এই কালৰাত্ৰি চিৰদিন নাথাকিব বুলি বিশ্বাস শিল্পা-কুন্দ্ৰাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু