--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পৰ্ণকাণ্ডৰ পাছত এইবাৰ আকৌ প্ৰৱঞ্চনাৰ গোচৰত নাম সাঙোৰ খাই পৰিছে ৰাজ কুন্দ্ৰাৰ। কেবল ৰাজ কুন্দ্ৰাই নহয় বলীউড কুইন শিল্পা ছেট্টীৰ বিৰুদ্ধেও উঠিছে প্ৰৱঞ্চনাৰ অভিযোগ। এইগৰাকী চেলিব্ৰেটিৰ বিৰুদ্ধে ১৫১ লাখ টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে নীতিন বাৰাই নামৰ মুম্বাইৰ এজন ব্যৱসায়ী-এ। গোচৰটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিল্পাই কয়, ‘মোৰ মানহানিৰ বাবে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে।’ এক বিবৃতি যোগে তেওঁ কয়, ‘ বিগত ২৮বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছো। গতিকে, নানা অজুহাতত মোক অপমান কৰাৰ চেষ্টা কৰিলে মনত দুখ পাওঁ।’ শিল্পাই কয়, ‘মই পুৱা সাৰ পোৱাৰ লগে লগে শুনিলো যে মোৰ আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

ব্যৱসায়ী কাশাফ খানেই ফিটনেছ কোম্পানীটোৰ চোৱা চিতা কৰে। তেওঁ এই সংগঠনটোৰ স্বাক্ষৰদাতা। ৰাজ আৰু মই এই প্ৰতিষ্ঠানটোৰ লেনদেনৰ বিষয়ে বৰ বেছি নাজানো। আমি তেওঁৰ পৰা এটকাও লোৱা নাই। কোম্পানীটো ২০১৪ চনতেই বন্ধ হৈ গৈছিল। এই সকলোবোৰ কাশাফ খানেই চোৱাচিতা কৰিছিল। প্ৰায় ৩ টা দশক ধৰি বলীউডত কাম কৰি আছো মই। তেনেক্ষেত্ৰত মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কোনোপধ্যে গ্ৰহণ কৰিব নোৱাৰো। ভাৰতীয়সকলে এই অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত।’ ইফালে নীতিনৰ অভিযোগ অনুসৰি, শিল্পা আৰু তেওঁৰ স্বামীয়ে তেওঁক ফিটনেছ কোম্পানীত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল আৰু উপাৰ্জনৰ লাভাংশ প্ৰদানৰ আশ্বাস দিছিল। কিন্তু তেওঁ এতিয়ালৈকে লাভৰ মুখ দেখা নাই। শিল্পা-ৰাজ দম্পতীক বিনিয়োগৰ ধন ঘূৰাই দিবলৈ ক’লে ওলোটাই হুমুকি দিয়া বুলিও অভিযোগ নিতিনৰ। শিল্পা-ৰাজৰ উপৰি, নীতিনে এছএফএল ফিটনেছ প্ৰাইভেট লিমিটেডৰ আন এজন সঞ্চালক কাশাফ খানকো অভিযুক্ত কৰিছে। উল্লেখ্য যে, গোচৰটো বান্দ্ৰা আৰক্ষী থানাত কেইবাটাও ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

উল্লেখ্য যে পৰ্ণ ভিডিঅ’ নিৰ্মাণ আৰু আপলোড কৰাৰ অপৰাধত ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি কাৰাগাৰৰ বন্ধ কুঠৰীতে দিন নিয়াবলগীয়া হৈছিল। জামিনত মুক্তি লাভ কৰিছে যদিও সংবাদ মাধ্যমৰ পৰা বজাই ৰাখিছে দূৰত্ব। সামাজিক মাধ্যমৰ একাউণ্টবোৰো ডিলিট কৰি দিছে কুন্দ্ৰাই। ৰাজ-শিল্পাৰ জীৱনৰ মধুৰতম সময় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল যদিও মাজতে আকাশী সৰগহে যেন ভাগি পৰিল। হিমাচললৈ গৈ মন্দিৰ দৰ্শন কৰাও দেখা গৈছিল এই দম্পতীক। কিন্তু দিন সদায় একে নাযায় আকৌ এবাৰ শিল্পা-ৰাজৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। তথাপি দৃঢ়তাৰে খোজ দিছে শিল্পাই। এই কালৰাত্ৰি চিৰদিন নাথাকিব বুলি বিশ্বাস শিল্পা-কুন্দ্ৰাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ