--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সদনৰ মজিয়াতে দুই কংগ্ৰেছীৰ মাজত চলিল বাকযুদ্ধ৷ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উভয় স্তৰতে কংগ্ৰেছ দলৰ অস্তিত্ব এতিয়া সংকটত৷ তাৰ মাজতে সদনৰ মজিয়াত কংগ্ৰেছী বিধায়কৰ মাজতে চলিল বাকযুদ্ধ৷ পঞ্জাব কংগ্ৰেছত ইতিমধ্যে দলৰ মাজতে হোৱা বহু সংঘাত, সমালোচনা তথা ক্ষমতাকেন্দ্ৰিক অঁৰিয়াঅৰিৰ পাছতে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনীতিত দেখিবলৈ পোৱা গ'ল তেনে এক পৰিস্থিতি৷ সদনৰ মজিয়াতে কংগ্ৰেছৰ দুই বিধায়কৰ মাজত হোৱা বাকযুদ্ধই দলটোৰ অভ্যন্তৰত চলি থকা অস্থিৰতা আৰু অনুশাসনহীনতাকে প্ৰতিফলিত কৰা বুলি চৰ্চা চলিছে৷

বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ মাজতে কংগ্ৰেছৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মাজত অঁৰিয়াঅৰি লগা পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে, গাৰো সম্প্ৰদায়ৰ ১৩গৰাকী শিক্ষাৰ্থী টেট উত্তীৰ্ণ হোৱাত বিষয়টো সদনৰ মজিয়াত ছয়গাঁৱৰ বুলি উত্থাপন কৰিছিল বিধায়ক ৰেকিবুদ্দিনে৷ ৰেকিবুদ্দিনৰ এই দাবীৰ বিপৰীতে সদনত থিয় হৈ বকোৰ বিধায়িকা নন্দিতা দাসে বিষয়টো তেওঁৰ সমষ্টিৰ অন্তর্গত বুলি সদৰি কৰে৷ শীতকালীন অধিৱেশনৰ মাজত কংগ্ৰেছ দলৰ দুই বিধায়কে এনেদৰে বাকযুদ্ধত লিপ্ত হোৱা এয়াই প্ৰথম৷

আনহাতে, ৰাজ্যত ইজনৰ পাছত সিজনকৈ কংগ্ৰেছী বিধায়ক বিজেপিমুখী হৈ বিৰোধী দলটোৰ ভেঁটি ইতিমধ্যে খহাইছে৷ মৰিয়নি সমষ্টিৰ বৰ্তমান বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ সুশান্ত বৰগোহাঁইকে ধৰি একাধিক কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি শাসকীয় দলত যোগদান কৰিছে৷ অলপতে আকৌ বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনতে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চুই চৰকাৰৰ সহযোগিতাত সমষ্টি উন্নয়নৰ ইচ্ছা প্ৰকাশ কৰিছিল৷

৪জন কংগ্ৰেছী বিধায়কে শাসকীয় দলত যোগদানৰ ইচ্ছা

কংগ্ৰেছ দলত দুৰ্দিন অব্যাহত থকাৰ মাজতে এইদৰে সদনৰ মজিয়াতে বাকযুদ্ধত লিপ্ত হোৱাৰ পাছতে দলৰ মাজতে থকা মতভেদ স্পষ্ট হৈ পৰে৷ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও বুধবাৰে পুনৰ কংগ্ৰেছত খহনীয়া হোৱাৰ ইংগিত প্ৰদান কৰে৷ বিজেপিলৈ দুজন আৰু অগপলৈও দুজন কংগ্ৰেছৰ বিধায়ক যোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰে বিধায়কগৰাকীয়ে৷ এপ্ৰিলৰ ভিতৰতে সৰ্বমুঠ ৪জন কংগ্ৰেছৰ বিধায়কে শাসকীয় দলত যোগদানৰ ইচ্ছা প্ৰকাশ কৰাৰ পাছতে কংগ্ৰেছ দলৰ ভিতৰতচ’ৰাত এক অনাকাংক্ষিত দুৰ্যোগৰ হাতছানিৰ স্পষ্ট ইংগিত দিছে৷

যোৱা সপ্তাহত কংগ্ৰেছ দলে তেওঁলোকৰ বিধায়ক-নেতাসকলৰ বাবে আয়োজন কৰিছিল তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ। এই শিবিৰত দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অংশগ্ৰহণেৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। কে চি বেণুগোপাল, পি চিদাম্বৰমৰ দৰে নেতা উপস্থিত হৈছিল এই শিবিৰত৷ প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও অনলাইনযোগে অংশগ্ৰহণ কৰিছিল। তাৰ পাছতো নিজৰ দলটোৰ প্ৰতি বিধায়কসকলৰ এই অনাস্থা কংগ্ৰেছৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ