--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘গুৱাহাটী উচ্চ ন্যায়ালয়’ত আজি অনুষ্ঠিত হ’ব মৃদুপৱন নেওগৰ জামিন আৱেদনৰ শুনানি৷ বিগত ১৭ ডিচেম্বৰত অনুষ্ঠিত শুনানিত নেওগৰ জামিন আৱেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ চৰকাৰী পক্ষৰ অধিবক্তাই মৃদুপৱনৰ অধিবক্তাই ন্যায়ালয়ত দাখিল কৰা তথ্যৰ সত্যতা নিৰূপণৰ বাবে তদন্তকাৰী আৰক্ষীৰ পৰা লাভ কৰা নাছিল প্ৰতিবেদন৷ যাৰ বাবে নাকচ হৈছিল মৃদুপৱনৰ জামিনৰ পথ৷ আৰক্ষীৰ অৱহেলাৰ বাবেই মৃদুপৱন সাৰি যাব পাৰে বুলি এতিয়া বহুতে আশংকা ব্যক্ত কৰিছে৷

কিয়নো, তিনিমাহে পলাতক অৱস্থাত থকা মহাঠগগৰাকীক বিচাৰি উলিয়াবলৈ অসম আৰক্ষীয়ে হাতে-কামে একো পদক্ষেপে গ্ৰহণ নকৰিলে৷ আনকি, মধ্যপ্ৰদেশত আত্মগোপন কৰি থকা বুলি জানিও মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল স্মাৰ্ট অসম আৰক্ষী৷ বিজেপি নেতা-মন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰতাৰকগৰাকীয়ে অদৃশ্য শক্তিৰ বলেৰে বলীয়ান হৈ পেলাইছিল প্ৰবঞ্চনাৰ জাল৷ প্ৰথমটো জামিন আৱেদনৰ শুনানিত মৃদুপৱনৰ অধিবক্তাই নগাঁও থানাত পঞ্জীয়ন হোৱা গোচৰটোত মৃদুপৱনে অভিযোগকাৰীক গাড়ীৰ মালিকীস্বত্ব আদি ট্ৰেন্সফাৰ কৰি দিয়া তথা চেকযোগে টকা দিয়াৰ তথ্য দাখিল কৰিছিল৷ মৃদুপৱনে গাড়ীৰ মালিকীস্বত্ব অথবা চেকযোগে টকা ঘূৰাই দিয়াৰ বিষয়ে উমান পোৱা নাছিল নেকি আৰক্ষীয়ে? সেই লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷

সময়মতে চাৰ্জশ্বীট দাখিল নকৰি মৃদুপৱনক পলাই থাকি জামিন লাভৰ পথ মোকলাই দিব বিচাৰিছে অসম আৰক্ষীয়ে, এই অভিযোগ এতিয়া শুনা গৈছে৷ আজিপৰ্যন্ত মৃদুপৱনক গ্ৰেপ্তাৰ কৰিব নোৱৰা বিষয়টোৱে অসম আৰক্ষীৰ দুৰ্বলতাকে উন্মুক্ত কৰিছে৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সেৱা ব্যৱহাৰ কৰি প্ৰৱঞ্চকজনৰ ঘৰত চলোৱা তালাচীত আৰক্ষীয়ে পাইছিল গুলী আৰু পিষ্টলো৷

তৎসত্ত্বেও, মৃদুপৱনৰ বিৰুদ্ধে ৰুজু হোৱা নাছিল দেশদ্ৰোহিতাৰ গোচৰ৷ ‘লোকসেৱা আয়োগ’কো ভুল পথে পৰিচালিত কৰা মৃদুপৱন এইদৰেই সাৰি যাব নেকি? হয়তো আদালতে আজি মৃদুপৱনৰ জামিন আৱেদন মঞ্জুৰ কৰিব৷ একমাত্ৰ অসম আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই সাৰি যাব প্ৰতাৰক মৃদুপৱন নেওগ৷ অন্য অপৰাধৰ অভিযুক্তৰ সৈতে কঠোৰ ভূমিকা গ্ৰহণ কৰা অসম আৰক্ষীয়ে মৃদুপৱনৰ ক্ষেত্ৰত কিয় দেখুৱালে নিৰ্লিপ্ততা, এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত উত্থাপন হৈছে৷ বিজেপি, আৰএছএছৰ নেতা, মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বুলি পৰিচিত বাবেই সাতখুন মাফ হ’ব নেকি মৃদুপৱন নেওগৰ? আৰু যদি সেয়াই হয়, মুখ্যমন্ত্ৰীয়ে কৈ থকা অপৰাধমুক্ত অসম বাস্তৱক্ষেত্ৰত কিমান প্ৰতিফলিত হয়, সেয়াও লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ