--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘গুৱাহাটী উচ্চ ন্যায়ালয়’ত আজি অনুষ্ঠিত হ’ব মৃদুপৱন নেওগৰ জামিন আৱেদনৰ শুনানি৷ বিগত ১৭ ডিচেম্বৰত অনুষ্ঠিত শুনানিত নেওগৰ জামিন আৱেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ চৰকাৰী পক্ষৰ অধিবক্তাই মৃদুপৱনৰ অধিবক্তাই ন্যায়ালয়ত দাখিল কৰা তথ্যৰ সত্যতা নিৰূপণৰ বাবে তদন্তকাৰী আৰক্ষীৰ পৰা লাভ কৰা নাছিল প্ৰতিবেদন৷ যাৰ বাবে নাকচ হৈছিল মৃদুপৱনৰ জামিনৰ পথ৷ আৰক্ষীৰ অৱহেলাৰ বাবেই মৃদুপৱন সাৰি যাব পাৰে বুলি এতিয়া বহুতে আশংকা ব্যক্ত কৰিছে৷

কিয়নো, তিনিমাহে পলাতক অৱস্থাত থকা মহাঠগগৰাকীক বিচাৰি উলিয়াবলৈ অসম আৰক্ষীয়ে হাতে-কামে একো পদক্ষেপে গ্ৰহণ নকৰিলে৷ আনকি, মধ্যপ্ৰদেশত আত্মগোপন কৰি থকা বুলি জানিও মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল স্মাৰ্ট অসম আৰক্ষী৷ বিজেপি নেতা-মন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰতাৰকগৰাকীয়ে অদৃশ্য শক্তিৰ বলেৰে বলীয়ান হৈ পেলাইছিল প্ৰবঞ্চনাৰ জাল৷ প্ৰথমটো জামিন আৱেদনৰ শুনানিত মৃদুপৱনৰ অধিবক্তাই নগাঁও থানাত পঞ্জীয়ন হোৱা গোচৰটোত মৃদুপৱনে অভিযোগকাৰীক গাড়ীৰ মালিকীস্বত্ব আদি ট্ৰেন্সফাৰ কৰি দিয়া তথা চেকযোগে টকা দিয়াৰ তথ্য দাখিল কৰিছিল৷ মৃদুপৱনে গাড়ীৰ মালিকীস্বত্ব অথবা চেকযোগে টকা ঘূৰাই দিয়াৰ বিষয়ে উমান পোৱা নাছিল নেকি আৰক্ষীয়ে? সেই লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷

সময়মতে চাৰ্জশ্বীট দাখিল নকৰি মৃদুপৱনক পলাই থাকি জামিন লাভৰ পথ মোকলাই দিব বিচাৰিছে অসম আৰক্ষীয়ে, এই অভিযোগ এতিয়া শুনা গৈছে৷ আজিপৰ্যন্ত মৃদুপৱনক গ্ৰেপ্তাৰ কৰিব নোৱৰা বিষয়টোৱে অসম আৰক্ষীৰ দুৰ্বলতাকে উন্মুক্ত কৰিছে৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সেৱা ব্যৱহাৰ কৰি প্ৰৱঞ্চকজনৰ ঘৰত চলোৱা তালাচীত আৰক্ষীয়ে পাইছিল গুলী আৰু পিষ্টলো৷

তৎসত্ত্বেও, মৃদুপৱনৰ বিৰুদ্ধে ৰুজু হোৱা নাছিল দেশদ্ৰোহিতাৰ গোচৰ৷ ‘লোকসেৱা আয়োগ’কো ভুল পথে পৰিচালিত কৰা মৃদুপৱন এইদৰেই সাৰি যাব নেকি? হয়তো আদালতে আজি মৃদুপৱনৰ জামিন আৱেদন মঞ্জুৰ কৰিব৷ একমাত্ৰ অসম আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই সাৰি যাব প্ৰতাৰক মৃদুপৱন নেওগ৷ অন্য অপৰাধৰ অভিযুক্তৰ সৈতে কঠোৰ ভূমিকা গ্ৰহণ কৰা অসম আৰক্ষীয়ে মৃদুপৱনৰ ক্ষেত্ৰত কিয় দেখুৱালে নিৰ্লিপ্ততা, এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত উত্থাপন হৈছে৷ বিজেপি, আৰএছএছৰ নেতা, মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বুলি পৰিচিত বাবেই সাতখুন মাফ হ’ব নেকি মৃদুপৱন নেওগৰ? আৰু যদি সেয়াই হয়, মুখ্যমন্ত্ৰীয়ে কৈ থকা অপৰাধমুক্ত অসম বাস্তৱক্ষেত্ৰত কিমান প্ৰতিফলিত হয়, সেয়াও লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ