--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইজনৰ পাছত সিজন কংগ্ৰেছ নেতাই যোগ দিছে তৃণমূল কংগ্ৰেছত। মমতা বেনাৰ্জীয়ে ব্যাপক তৎপৰতাৰে দেশৰ ইমূৰ-সিমূৰ একাকাৰ কৰিছে। বিৰোধীক এখন নতুন মঞ্চ দিয়াৰ বাবে ইউপিএ-কো অস্বীকাৰ কৰাৰ দৰে ৰিস্ক লৈছে তৃণমূলে। কেৱল এয়াই নহয় মুকলিকৈ কংগ্ৰেছ আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে মুখ খুলিছে মমতা বেনাৰ্জীয়ে। কেৱল এয়াই নহয় এনচিপিৰ দৰে ভালেমান বিৰোধী দলেও এতিয়া কংগ্ৰেছৰ আনুগত্যক অস্বীকাৰ কৰি মুকলিকৈ মমতাৰ নেতৃত্বৰ প্ৰতি অধিক আস্থা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে।

স্পষ্টতঃ কংগ্ৰেছক আঁতৰাই বিৰোধী শক্তিৰ কেন্দ্ৰ হোৱাৰ বাবে অহৰহ চেষ্টা চলাই আছে মমতা বেনাৰ্জীয়ে। দেখদেখকৈ কংগ্ৰেছক উপেক্ষা কৰি মমতাই বিৰোধী শক্তিক সংগঠিত কৰাত উঠি পৰি লাগিছে। শেহতীয়াকৈ একাধিকবাৰ মমতাই কংগ্ৰেছ তথা কংগ্ৰেছ নেতৃত্বৰ ইউপিএক অস্বীকাৰ কৰাৰ পাছত এইবাৰ দেশৰ ৰাজনীতিৰ সবাতোকৈ পুৰণি দলটোক আক্ৰমণ কৰিছে তৃণমূলে। তৃণমূল কংগ্ৰেছৰ মুখপত্ৰ ‘জাগো বাংলা’ৰ এটা প্ৰবন্ধত কংগ্ৰেছক আক্ৰমণ কৰি লিখিছে যে, কংগ্ৰেছ এতিয়া ‘দীপ ফ্ৰিজাৰ’ৰ বা ‘গভীৰ শীতনিদ্ৰা’ত আছে। দলটোৱে দাবী কৰে যে, কংগ্ৰেছৰ অৱৰ্তমানে সৃষ্টি কৰা শূন্যতা পূৰণৰ বাবে বিৰোধীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফালে চাই আছে।


কংগ্ৰেছৰ ভালেমান নেতা-বিধায়ককক মমতাই নিজৰ দললৈ ৰঙা দলিচা পাৰি দিয়া তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দলটোক প্ৰতিষ্ঠিত কৰাৰ বাবে অহৰহ চেষ্টা কৰি থকাৰ মাজতে তৃণমূলৰ এই আক্ৰমণাত্মক ৰূপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ লগতে ১৭গৰাকী কংগ্ৰেছ বিধায়কে অলপতে তৃণমূল কংগ্ৰেছত যোগ দিছে। কেৱল এয়াই নহয়, হাৰিয়ানা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী অশোক তানৱাৰ, প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা কীৰ্তি আজাদ, গোৱাপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিনহো ফালেৰিঅ’আদিৰ দৰে গুৰু্ত্বপূৰ্ণ নেতাই যোগ দিছে তৃণমূলত। মন কৰিবলগীয়া যে, দেশৰ প্ৰখ্যাত নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক তথা মমতাৰো ৰাজনৈতিক পৰামৰ্শদাতা প্ৰশান্ত কিশোৰে টুইটযোগে ৰাহুল গান্ধীক আক্ৰমণ কৰিছিল। কংগ্ৰেছৰ নেতৃত্ব কোনো ব্যক্তিবিশেষৰ ঈশ্বৰপ্ৰদত্ত অধিকাৰ নহয় বুলি মন্তব্য কৰিছিল প্ৰশান্ত কিশোৰে। কেৱল এয়াই নহয়, তেওঁ গণতান্ত্ৰিকভাৱে বিৰোধীৰ নেতা নিৰ্বাচন কৰাৰো পোষকতা কৰিছিল।


মমতাৰ এই অভিযানৰ সৈতে এতিয়া চামিল হোৱাৰ ইংগিত দিছে অখিলেশ যাদৱে। অখিলেশে শুকুৰবাৰে কয়, মমতা বেনাৰ্জীৰ নেতৃত্বত গঠন হোৱা বিকল্প ৰাজনৈতিক মৰ্চাত চামিল হ’বলৈ তেওঁ ইচ্ছু। ২০২২চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিক ওফৰাই নিজৰ হাতলৈ শাসনৰ বাঘজৰী আনিবলৈ নিৰন্তৰ চেষ্টা চলাই থকা অখিলেশে মমতাক স্বাগতম জনাইছে। তেওঁ কয়, ‘মই তেওঁক স্বাগতম জনাইছোঁ। তেওঁ যিদৰে বংগত বিজেপিক ধূলিস্যাৎ কৰি পেলাইছিল ঠিক একদৰে উত্তৰ প্ৰদেশৰ জনগণে বিজেপিক নস্যাৎ কৰি পেলাব।’ ইয়াৰ আগৰটো নিৰ্বাচনত কংগ্ৰেছৰ সৈতে জোঁট বান্ধি মুখ থেকেচা খোৱাৰ পাছত এতিয়া কংগ্ৰেছৰ নাম শুনিবলৈও ইচ্ছুক নহয় অখিলেশ। তেওঁৰ মতে সমাগত নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ব। জনতাই তেওঁলোককো প্ৰত্যাখ্যান কৰিব বুলি তেওঁ দাবী কৰে। পূৰ্বৰ সহযোগী কংগ্ৰেছৰ প্ৰতি তেওঁৰ এনে বিতুষ্টিৰ বিপৰীতে তৃণমূলৰ প্ৰতি আস্থাই মমতাক অধিক শক্তিশালী কৰাৰ বাট মুকলি কৰিব বুলি নিশ্চয় ধাৰণা কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement