--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দাক্ষিণাত্যত খোপনি পুতিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ নিৰ্বাচনমুখী তেলেংগানাত সৰ্বস্ব উজাৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিয়ে৷ আৰু সমুখলৈ আনিছে অ’বিচিৰ প্ৰসংগ৷ আজি তেলেংগানাত কংগ্ৰেছ আৰু বিআৰএছক অ’বিচি বিৰোধী দল আখ্যা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ 

শ্বাহে শনিবাৰে কংগ্ৰেছ আৰু ভাৰত ৰাষ্ট্ৰ সমিতিক অ’বিচি বিৰোধী দল বুলি অভিযোগ কৰি দৃঢ়তাৰে কয় যে কেৱল বিজেপিয়েহে পিছপৰা শ্ৰেণীৰ বাবে ভাল কাম কৰিব পাৰে।

তেলেংগানাৰ গাডৱালত এখন নিৰ্বাচনী জনসভাত ভাষণ দি শ্বাহে ধৰ্ম-আধাৰিত সংৰক্ষণ বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনত জয়ী হ’লে ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি) আৰু অনুসূচীত জনজাতিৰ (এছটি) কোটা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

শ্বাহে কয়, মোদীজীয়ে ঘোষণা কৰিছে যে তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী অ’বিচিৰ পৰাই হ’ব।

গৃহমন্ত্ৰীয়ে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তেলেংগানা চৰকাৰক অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে ৩,৩০০ কোটি টকা আৱণ্টন কৰা হৈছিল৷ কিন্তু তেওঁলোকে কেৱল ৭৭ কোটি টকা ব্যৱহাৰ কৰিছিল।

তেওঁ এইটোও অভিযোগ কৰিছিল যে ৰাওৰ চৰকাৰে মিছা প্ৰতিশ্ৰুতি দিয়াত বিশ্ব অভিলেখ গঢ়িছে৷ বিআৰএছক ভিআৰএছ দিয়াৰো সময় হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান