--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দাক্ষিণাত্যত খোপনি পুতিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ নিৰ্বাচনমুখী তেলেংগানাত সৰ্বস্ব উজাৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিয়ে৷ আৰু সমুখলৈ আনিছে অ’বিচিৰ প্ৰসংগ৷ আজি তেলেংগানাত কংগ্ৰেছ আৰু বিআৰএছক অ’বিচি বিৰোধী দল আখ্যা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ 

শ্বাহে শনিবাৰে কংগ্ৰেছ আৰু ভাৰত ৰাষ্ট্ৰ সমিতিক অ’বিচি বিৰোধী দল বুলি অভিযোগ কৰি দৃঢ়তাৰে কয় যে কেৱল বিজেপিয়েহে পিছপৰা শ্ৰেণীৰ বাবে ভাল কাম কৰিব পাৰে।

তেলেংগানাৰ গাডৱালত এখন নিৰ্বাচনী জনসভাত ভাষণ দি শ্বাহে ধৰ্ম-আধাৰিত সংৰক্ষণ বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনত জয়ী হ’লে ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি) আৰু অনুসূচীত জনজাতিৰ (এছটি) কোটা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

শ্বাহে কয়, মোদীজীয়ে ঘোষণা কৰিছে যে তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী অ’বিচিৰ পৰাই হ’ব।

গৃহমন্ত্ৰীয়ে লগতে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তেলেংগানা চৰকাৰক অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে ৩,৩০০ কোটি টকা আৱণ্টন কৰা হৈছিল৷ কিন্তু তেওঁলোকে কেৱল ৭৭ কোটি টকা ব্যৱহাৰ কৰিছিল।

তেওঁ এইটোও অভিযোগ কৰিছিল যে ৰাওৰ চৰকাৰে মিছা প্ৰতিশ্ৰুতি দিয়াত বিশ্ব অভিলেখ গঢ়িছে৷ বিআৰএছক ভিআৰএছ দিয়াৰো সময় হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক