--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) প্ৰাক্তন গভৰ্ণৰ এছ ভেংকটৰমণনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতা হৈ থকা  ভেংকটৰমণনে  শনিবাৰে পুৱা  শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। 

তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৮ সংখ্যক  গভৰ্ণৰ আছিল। তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ  কৰিছিল।  অৰ্থনীতিবিদগৰাকীয়ে  ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ দুবছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল। 



সেই সময়ছোৱা  ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক সময় আছিল। সেই সময়তে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিছিল। 

ইয়াৰ পিছতে এটাৰ পিছত এটা বিদেশী কোম্পানীয়ে দেশত প্ৰৱেশ কৰিবলৈ ধৰিছিল।  এছ ভেংকটৰমণনে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত  সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান